newsnextone.com | ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে দেশত সংঘটিত কৰিব পাৰে বৃহৎ আক্ৰমণ। ইতিমধ্যে এই আশংকা কৰি দেশৰ নিৰাপত্তাৰক্ষীক সতৰ্কতা জাৰি কৰিছে গৃহ বিভাগে। 

তাৰ মাজতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে ভাৰতত সোমাব বিচৰা এটা পাকিস্তানৰ সন্ত্ৰাসবাদীৰ দলৰ চেষ্টাক বিফল কৰে ভাৰতীয় সেনাই। ভাৰতত প্ৰৱেশ কৰিব খোজা ৮ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ মাজত ২জনক গুলিয়াই নিহত কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনাই। 

আনহাতে কাশ্মীৰৰ বান্দিপোৰাত সেনাৰ অভিযানত এগৰাকী সেনাৰ মেজৰ আৰু তিনি জোৱান নিহত হয়। এলঅ'চিত সতৰ্কতা জাৰি কৰে ভাৰতীয় সেনাই।

সেনাই বিশেষ খবৰৰ ভিত্তিত চলোৱা অভিযানত গুৰেজ চেক্টৰত পাকিস্তানৰ পৰা সন্ত্ৰাসবাদীৰ ডাঙৰ দল এটাই ভাৰতত সোমাই অহাৰ বাবে চেষ্টা চলাই থকাৰ তথ্য ধৰা পেলায়। পূৰ্বৰ পৰা গৃহ মন্ত্ৰালয়ে পাকিস্তানৰ উগ্ৰপন্থীয়ে ভাৰতত সোমাই আহিব পাৰে বুলি সতৰ্কতা জাৰি কৰিছিল।

সেই খবৰৰ ভিত্তিত চলাই থকা অভিযানৰ মাজতে বান্দিপোৰাৰ গুৰেজ চেক্টৰত নিযন্ত্ৰণ ৰেখাত বিশেষ খবৰৰ ভিত্তিত সেনাই অভিযান চলাই। ৮ গৰাকী সন্ত্ৰাসবাদীয়ে ভাৰতত সোমাই আহিবলৈ চেষ্টা কৰি থকা তথ্য লাভ কৰে। সকলো উগ্ৰপন্থীক আত্মসমৰ্পণ কৰিবলৈ কয় সেনাই। ইয়াৰ পিছতে দুয়োপক্ষৰ মাজত দীৰ্ঘ সময় সংঘৰ্ষ লাগে। সেনাৰ ৩৬ ৰাইফলৰ ৯ গ্ৰেনেডিয়াৰ্চৰ জোৱানে অভিযান চলাই আৰু দুই সন্ত্ৰাসবাদীক গুলিয়াই নিহত কৰে। তাৰ লগে লগে সেনাৰ এগৰাকী মেজৰ আৰু তিনি জোৱান শ্বহীদ হয়।