লেহঃ পূৰ্ণ ৰাজ্য আৰু সংবিধানৰ ষষ্ঠ অনুসূচী প্ৰযোজ্য কৰাৰ দাবীৰে কেন্দ্ৰীয় শাসিত ৰাজ্য লাদাখত বিখ্যাত পৰিৱেশ সুৰক্ষা কৰ্মী তথা উদ্ভাৱক বিজ্ঞানী সোনম ৱাংচুকে অব্যাহত ৰখা প্ৰতিবাদী কাৰ্যসূচীক দমনৰ বাবে উঠি-পৰি লাগিছে কেন্দ্ৰ চৰকাৰ। যোৱা ২৬ মাৰ্চত ২১ দিনীয়া অনশন সমাপ্ত হোৱাৰ পিছতো কোনো ফল নধৰাত ২৭ মাৰ্চত ৱাংচুকে ৭ এপ্ৰিলৰ পৰা চীন সীমান্তলৈকে মহাত্মা গান্ধীৰ 'দাণ্ডি যাত্ৰা’ৰ আৰ্হিৰে 'পশ্বমিনা যাত্ৰা’ৰ আহ্বান জনাইছিল। এই আহ্বানৰ পিছতে লাদাখৰ প্ৰশাসনে লেহ জিলাত তৎকালে বলৱৎ হোৱাকৈ ১৪৪ ধাৰা জাৰি কৰিছে।

২১ দিনীয়া অনশন ভংগ কৰি পৰিৱেশ সুৰক্ষা কৰ্মীগৰাকীয়ে লাদাখৰ জনতাক ভাৰত-চীন সীমান্তত থকা ছাৰাগাহ ভূমিত হোৱা চীনা অধিগ্ৰহণৰ প্ৰকৃত সত্যৰ সম্ভেদ কৰিবলৈ যাত্ৰাত ভাগ ল’বলৈ জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিততে এতিয়া কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ প্ৰশাসনে অনশন, যাত্ৰা তথা আন প্ৰতিবাদী কাৰ্যসূচীত বাধা দিবলৈ পদক্ষেপ হাতত লোৱা দেখা গৈছে। এই অনুযায়ী ২৪ ঘণ্টাৰ বাবে ইণ্টাৰনেট স্পীড ৪জিৰ পৰা ২জিলৈ হ্ৰাস কৰাৰো নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে। যিকোনো মুহূৰ্ততে সম্পূৰ্ণৰূপে ইণ্টাৰনেট সংযোগ কৰ্তন কৰিবলৈকো চৰকাৰ-প্ৰশাসন সাজু হৈ পৰা বুলিও জানিব পৰা গৈছে। 

ৱাংচুকে জনতাক আহ্বান জনাই কয়, 'এফালে, লাদাখৰ জনতাই ভাৰতীয় কৰ্প’ৰেট গোষ্ঠীৰ হাতত নিজৰ মাটি হেৰুৱাবলগীয়া হৈছে। আনফালে প্ৰায় ১.৫ লাখ বৰ্গ কিলোমিটাৰ ছাৰাগাহ ভূমি চীনে ক্ৰমাৎ দখল কৰি আহিছে। চীনে যোৱা ৫ বছৰত ভাৰতীয় ভূমিৰ বৃহৎ অংশত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে। গতিকে আমি যাত্ৰা কৰিবলৈ সিদ্ধান্ত লৈছো। এই যাত্ৰাত আমি দেশৰ জনতাক দেখুৱাই দিব খুজিছো যে আগতে আমাৰ লাদাখৰ পশুপালকসকলে কিমান দূৰলৈকে গৈছিল আৰু এতিয়া কিমানলৈকে যাবলৈ দিয়া হয়।’

ৱাংচুকৰ এই আহ্বানৰ পিছতে লাদাখৰ প্ৰশাসন সষ্টম হৈ পৰে আৰু লেহ জিলাৰ প্ৰশাসনলৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰে। নিৰ্দেশ লাভ কৰিয়েই লেহ জিলা প্ৰশাসনে শান্তি বিনষ্ট হোৱাৰ আশংকা কৰি সমগ্ৰ জিলাখনত ৪ জনতকৈ অধিক লোক মিলিত হ’ব নোৱৰাকৈ ১৪৪ ধাৰা জাৰি কৰিছে।

ইফালে, প্ৰশাসনে যুদ্ধংদেহি পৰিৱেশ সৃষ্টি কৰাৰ পিছতে সোনম ৱাংচুকে আজি এক সংবাদমেলযোগে প্ৰস্তাৱিত 'পশ্বমিনা যাত্ৰা’ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে আইন-শৃংখলাজনিত পৰিস্থিতিৰ বাবে কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া যাত্ৰা বন্ধ ৰখা হৈছে। অৱশ্যে পূৰ্বৰ দৰেই শান্তিপূৰ্ণ প্ৰতিবাদ আৰু অনশন অব্যাহত থাকিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

লাউডস্পীকাৰৰ ব্যৱহাৰৰ বাবে লাগিব অনুমতি

জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা নিৰ্দেশনা অনুযায়ী লেহত শনিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ কোনো ব্যক্তিয়ে আগতীয়া অনুমতি অবিহনে শোভাযাত্ৰা, ধৰ্ণা আদি কৰিব নোৱাৰিব। একেদৰে লাউডস্পীকাৰ ব্যৱহাৰ কৰিবলৈকো প্ৰশাসনৰ পৰা আগতীয়া অনুমতি বাধ্যতামূলক হৈ পৰিব।

কোনো ব্যক্তিকে সাম্প্ৰদায়িক সদ্ভাৱ বিনষ্ট হ’ব পৰা বা শান্তি-শৃংখলাজনিত পৰিস্থিতি ভংগ কৰিব পৰা মন্তব্য কোনো মাধ্যমযোগে নকৰিবলৈকো চৰকাৰী নিৰ্দেশনাত সকীয়াই দিয়া হৈছে। নিৰ্বাচনী আচৰণ বিধি জাৰি হৈ থকাৰ পৰিপ্ৰেক্ষিততে এনে নিৰ্দেশনা প্ৰদান কৰা হৈছে বুলিও লেহ প্ৰশাসনে জানিবলৈ দিছে। 

প্ৰকাশিত বাতৰি অনুযায়ী লাদাখৰ অতিৰিক্ত আৰক্ষী মহানিৰ্দেশৰ শিৱ দৰ্শন সিঙে মোবাইল ডাটাৰ সেৱা ২জিলৈ হ্ৰাস কৰাৰ কথাও উল্লেখ কৰিছে। তেওঁ কয়, 'সমগ্ৰ অঞ্চলটোত শান্তি-শৃংখলা অব্যাহত ৰাখিবলৈকে ৩জি, ৪জি আৰু ৫জি ইণ্টাৰনেট সেৱা অস্থায়ীভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। এই আদেশ শনিবাৰে সন্ধিয়া ৬ বজালৈকে দিয়া হৈছে যদিও পৰিস্থিতি সাপেক্ষে ইয়াৰ ম্যাদ আৰু বৃদ্ধি কৰা হ’ব পাৰে।’

ৱাংচুকৰ বিশেষ ভিডিঅ’ বাৰ্তা

অনশন আৰম্ভ কৰাৰ দিনৰে পৰা ইউটিউবযোগে দেশবাসীক লাদাখৰ পৰিস্থিতি সম্পৰ্কে জনাই অহা সোনম ৱাংচুকে শনিবাৰে দুপৰীয়াৰ ভাগতো এক বিশেষ বাৰ্তা প্ৰদান কৰে। এই বিশেষ ইউটিউব ভিডিঅ’ বাৰ্তাত পৰিৱেশ সুৰক্ষা কৰ্মীগৰাকীয়ে লেহ অঞ্চলত প্ৰশাসনে এক যুদ্ধসদৃশ পৰিস্থিতিৰ সূচনা কৰিছে বুলি অভিযোগ কৰে।

'চৰকাৰ অধিক প্ৰতিক্ৰিয়াশীল হৈ পৰিছে। যুৱকসকলক, কাৰ্যকৰ্তাসকলক বলপূৰ্বক থানালৈ ধৰি নি বণ্ডত স্বাক্ষৰ কৰিবলৈ বাধ্য কৰা হৈছে। কালিৰ তেনে পৰিস্থিতিৰ পিছতে ইয়াত এতিয়া ১৪৪ ধাৰা জাৰি কৰা হৈছে। যেতিয়া শান্তি-শৃংখলা পৰিৱেশ বিনষ্ট হোৱাৰ আশংকা থাকে তেতিয়াহে ১৪৪ ধাৰা জাৰি কৰা হয়। কিন্তু ইয়াত যোৱা ৩২ দিন ধৰি শান্তিপূৰ্ণভাৱে অনশন চলি আছে। তাৰ পিছতো চৰকাৰে এনে পদক্ষেপ হাতত লৈছে।’-ৱাংচুকে কয়।

তেওঁ আৰু কয় যে চৰকাৰে এতিয়া লাদাখত ইণ্টাৰনেট সেৱা বন্ধ কৰিবলৈকো কুচকাৱাজ চলাইছে। 'লাদাখত ইণ্টাৰনেট বন্ধ কৰি দিব বুলি এক নিৰ্দেশনা প্ৰকাশ পাইছিল। ইয়াৰ পিছতে চৰকাৰে সেয়া ফেক বুলি স্পষ্ট কৰি দিয়ে যদিও সেই নিৰ্দেশনাখন ফেক যেন মুঠেও লগা নাছিল। এনেদৰে এতিয়া লাদাখক একপ্ৰকাৰ যুদ্ধক্ষেত্ৰৰ দৃষ্টিৰে চাইছে চৰকাৰে। ৰাতিও আৰক্ষীয়ে অনশনস্থলীৰ পৰা তিনি-চাৰিজন যুৱকক ধৰি লৈ গৈছে।’-তেওঁ কয়।

ৱাংচুকে কয়, 'পিছত আমাৰ ইয়াৰ স্থানীয় বিভিন্ন ধৰ্মৰ ধৰ্মীয় নেতাসকলে আৰু সংবাদকৰ্মীসকলে থানালৈ গৈ পৰিস্থিতিৰ বুজ লয়। তেওঁলোকে আৰক্ষীক কয় যে অশান্তি সৃষ্টি কৰাৰ কোনো প্ৰমাণ নোহোৱাকৈ কেনেকৈ আপোনালোকে মানুহক এনেকৈ ধৰি আনিব পাৰে আৰু বণ্ডত স্বাক্ষৰ কৰাবলৈ বাধ্য কৰাব পাৰে? এনে কৰিলেহে অশান্তি বৃদ্ধি পাব। এনেদৰে বুজোৱাৰ পিছত তেওঁলোকে আমাৰ সদস্যসকলক মুকলি কৰি দিয়ে।’ 

'আমি জানিব পাৰিছো যে আজি ৰাতিৰে পৰা সমগ্ৰ লেহ অঞ্চলত প্ৰতিটো স্থানতে আৰক্ষীৰ পহৰাৰ ব্যৱস্থা কৰা হ’ব। অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰি সমগ্ৰ লাদাখত এক যুদ্ধসদৃশ পৰিৱেশ গঢ়ি তোলা হ’ব যাতে ইয়ালৈ কোনো লোক আহি আমাৰ শান্তিপূৰ্ণ যাত্ৰাত ভাগ ল’ব নোৱাৰে। নিৰাপত্তাৰক্ষীৰ হাতত কন্দুৱা গেছ, স্মোক গ্ৰেনেড, ৰবৰ বুলেট দিয়া হৈছে বুলিও জানিব পাৰিছো। চৰকাৰ কিয় ইমান আক্ৰমণাত্মক হৈ পৰিছে সেয়া এতিয়া এক প্ৰশ্ন হৈ পৰিছে।’- ৱাংচুকে আক্ষেপেৰে কয়। 

তেওঁ আৰু কয়, 'দেশৰ সৰ্বস্তৰৰ জনতাই লাদাখৰ এই আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে। তাৰপিছতো কিন্তু চৰকাৰ ইমানেই নিশ্চুপ হৈ আছে যে যোৱা ২১ দিনৰ অনশনতো এবাৰো আমাৰ খবৰ নল’লে। লাদাখ আজি সংবেদনশীল হৈ পৰিছে। লাদাখৰ জনতাই কি ভাবে, কি বিচাৰে সেইবোৰৰ প্ৰতি চৰকাৰৰ অকণো ভ্ৰূক্ষেপ নাই। কিন্তু যেতিয়া আমি যাত্ৰাৰ কথা ক’লো লগে লগে চৰকাৰে আমাক দমন কৰিবলৈ উঠি-পৰি লাগিছে। গতিকে এনে লাগিছে যে চীনৰ আগ্ৰাসন, পশুচৰোৱা বিস্তীৰ্ণ ভূমি পুঁজিপতিক গতাই আদি বিষয়বোৰে যাতে নিৰ্বাচনত প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে চৰকাৰে সীমা চেৰাই যাবলৈকো যে কুণ্ঠাবোধ নকৰে সেয়া দেখুৱাই দিছে।’ 

ৱাংচুকৰ নেতৃত্বত কিয় আন্দোলন চলাই গৈছে লাদাখবাসীয়ে?

২০১৯ চনত জম্মু-কাশ্মীৰৰ পৰা যেতিয়া ৩৭০ ধাৰা উঠাই দিয়া হয় তেতিয়াৰে পৰাই লেহ লাডাখে এখন পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি লাভ কৰে। এই কেন্দ্ৰীয় শাসিত এলেকাৰ স্বীকৃতি লাভ কৰি সুখীও হৈ পৰে সেই এলেকাৰ বাসিন্দাসকল। কাৰণ কাশ্মীৰকেন্দ্ৰিক ৰাজনৈতিক দলসমূহে কাহানিও লাডাখক বিশেষ গুৰুত্ব দিয়া নাছিল। কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা পোৱাৰ পাছতেই চৰকাৰে লাডাখৰ জনতাক প্ৰতিশ্ৰুতি দিছিল তেওঁলোকক সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত কৰাব। এদিন দুদিনকৈ মাহ, বছৰ পাৰ হ’ল। লাডাখবাসীয়ে আজিও নাপালে ষষ্ঠ অনুসূচিৰ কোনো সুবিধা। নিৰ্বাচন পাৰ হোৱাৰ পাছতেই আকৌ একাষৰীয়াই হৈ ৰ’ল লাদাখ।

ভাৰতবৰ্ষৰ যিসমূহ ৰাজ্যত জনজাতীয় লোকৰ সংখ্যা ৫০শতাংশ বা তাতোকৈ অধিক তেওঁলোকক সংবিধানৰ ষষ্ঠ অনুসূচীৰ সংৰক্ষৰণ দিয়াৰ কথা উল্লেখ আছে। লাডাখৰ ৯৭ শতাংশই জনজাতীয় লোক। তেওঁলোকৰ এই সংৰক্ষণ লাভ সংবিধান স্বীকৃত। সেই অধিকাৰেই তেওঁলোকে দাবী কৰি আছে। এই সংৰক্ষণ লাভ কৰিলে তেওঁলোক প্ৰাকৃতিক সম্পদ ব্যৱহাৰৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ ৰাখিব পাৰিব।

লাডাখবাসীৰ আন এক দাবী হৈছে তেওঁলোকক নিজস্ব বিধানসভা লাগে। বৰ্তমান তেওঁলোকৰ মাত্ৰ দুজনহে জনপ্ৰতিনিধি কাশ্মীৰ বিধানসভাত আছে। নিৰ্বাচিত যথেষ্ট সংখ্যক প্ৰতিনিধি নথকাৰ বাবে তেওঁলোকৰ সমস্যাসমূহ দাঙি ধৰাত তেওঁলোক বিফল হৈছে। তেওঁলোকে নিজস্ব লোকসেৱা আয়োগৰো দাবী কৰি আহিছে। এই দাবী পূৰ্ণ হ’লে লাদাখৰ শিক্ষিত যুৱক-যুৱতীয়েও দেশত নিজকে প্ৰতিষ্ঠিত একোগৰাকী আমোলা হিচাপে চিনাকি দিব পৰাকৈ আগবাঢ়িব পাৰিব। লোকসভাতো লাদাখৰ পৰা মাত্ৰ এজনহে প্ৰতিনিধি আছে। এই সংখ্যাও তেওঁলোকে বৃদ্ধি হোৱাতো বিচাৰিছে। 

লাদাখৰ ভূ-প্ৰকৃতি আৰু হাঁড়-কপোঁৱা ঠাণ্ডা, স্বৰ্গৰ দৰে বৰফাবৃত সৌন্দৰ্য়, সুবিশাল হিমবাহেই উত্তৰ ভাৰতৰ নদীসমূহৰ প্ৰাণশক্তি। এই প্ৰকৃতিৰ সামান্য ইফাল-সিফাল হ’লেই যিকোনো মুহূৰ্ততে নামি আহিব পাৰে বিপদ। কিছুদিন পূৰ্বে ছিকিমৰ মোৰেণ গ্লেছিয়াৰ লেক ফাটি সৃষ্টি হৈছিল ভয়াৱহ জলপ্ৰলয়। নিশাৰ ভিতৰতেই শেষ হৈ গৈছিল পৰ্যটকৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ছিকিম। তিস্তাৰ মহাপ্ৰলয়ৰ দৰে পৰিস্থিতি যাতে লাদাখ হ’ব নোৱাৰে তাৰবাবেই বাৰে বাৰে ৱাংচুকে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

লাদাখৰ মাটিত বিৰল খনিজৰো সন্ধান পোৱা গৈছে। সেয়ে লাদাখৰ ভূ-প্ৰকৃতিৰ ওপৰত এতিয়াৰে বহুজনৰে চকু। লাদাখৰ ভূ-প্ৰকৃতি যাতে নষ্ট নহয় আৰু লাদাখৰ মাটি, পানী, বনাঞ্চল সকলোবোৰৰ ওপৰত কেৱল লাদাখবাসীৰেই অধিকাৰ থাকে তাৰবাবেই ৱাংচুকৰ নেতৃত্বত লাদাখবাসীয়ে দীৰ্ঘদিন ধৰি ষষ্ঠ অনুসূচীৰ দাবীৰে আন্দোলন চলাইছে।

ৱাংচুকৰ মতে, সকলো স্থানতেই সমভাৱে উন্নয়ন সম্ভৱ নহয়। ফৰলেন, শ্বপিং কমপ্লেক্স, ইণ্ডাষ্ট্ৰীয়েলাইজেশ্ব্যন দিল্লী, মুম্বাইৰ দৰে সমগ্ৰ দেশত একেধৰণেই যে হ’ব লাগিব তাৰো কোনো প্ৰয়োজন নাই বুলি দাবী কৰে ৱাংচুকে। প্ৰকৃতিক ৰক্ষা কৰি যি বহনক্ষম উন্নয়ন হয় সেই উন্নয়নহে প্ৰকৃত উন্নয়ন বুলি কৈ আহিছে ৱাংচুকে। এইসমূহৰ ওপৰিও নিজা বৈশিষ্ট্য, সংস্কৃতি, ভাষা আৰু খাদ্যভাসৰ স্বাধীনতা ৰক্ষা কৰাৰ হকেও আন্দোলন চলাই গৈছে লাদাখবাসীয়ে।