ডিজিটেল ডেস্কঃ লক্ষাধিক লোকক মানৱ ঢাল হিচাবে ব্যৱহাৰ কৰিবৰ বাবে সাজু হৈছে আইছিছে৷ শুকুৰবাৰে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে এই ভয়ংকৰ তথ্য৷

কেৱল ঢাল হিচাবে ব্যৱহাৰ কৰিবলৈ উগ্ৰপন্থী সংগঠনটোৱে ইৰাকৰ মছুল চহৰত বন্দী কৰি ৰাখিছে লক্ষাধিক লোকক৷ ইৰাকত ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাৰ প্ৰতিনিধি ব্ৰুণো গেড্ডোৱে এই কথা প্ৰকাশ কৰিছে৷

ইৰাকৰ মছুল চহৰক আইছিছৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ অবিৰাম যুঁজ অব্যাহত ৰাখিছে ইৰাকী সেনা বাহিনীয়ে৷ ইৰাকৰ মছুল চহৰৰ উপৰিও বহু অঞ্চলৰ পৰা স্থানীয় নাগৰিকক আটক কৰি ৰাখিছে আইছিছে৷

খাদ্য আৰু প্ৰয়োজনীয় পানীৰ পৰাও উক্ত লোকসকল বঞ্চিত কৰা হৈছে বুলি প্ৰকাশ কৰিছে ব্ৰুণো গেড্ডোৱে৷ তদুপৰি পলাবলৈ চেষ্টা কৰি ধৰা পৰাসকলক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে বুলিও বিষয়াজনে প্ৰকাশ কৰিছে৷