ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা আইছিছৰ নেতা আবু বকৰ আল বাগদাদিৰ নিহত হোৱা বুলি প্ৰকাশ কৰিছে চিৰিয়াৰ মানৱাধিকাৰ সংগঠন চিৰিয়ান অবজাৰভেটৰিয়ে ফৰ হিউমেন ৰাইটচে। আনহাতে ইৰাকৰ অল ছুমেৰিয়া সংবাদ মাধ্যমেও একে কথাকে প্ৰকাশ কৰিছে৷

অৱেশ্যে কেনেকৈ,ক’ত আৰু কেতিয়া সন্ত্ৰাসবাদীজনৰ মৃত্যু হ’ল সেই বিষয়ে এতিয়ালৈ জানিব পৰা নাই মানৱ অধিকাৰ সংগঠনটোৱে৷ দুধৰ্ষ সন্ত্ৰাসবাদীজনৰ মৃত্যুৰ বাতৰিত আনন্দ প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনা’ল্ড ট্ৰাম্পে৷

টুইটাৰৰ জৰিয়তে ট্ৰাম্পে বাগদাদিৰ মৃত্যুক আইছিছৰ বিৰুদ্ধে বৃহৎ জয় বুলি অভিহিত কৰিছে৷ ইয়াৰ পুৰ্বেও বহু বাগদাদিৰ মৃত্যু হোৱা বুলি উৰাবাতৰি প্ৰকাশ হৈছিল৷ অৱেশ্য  চিৰিয়ান অবজাৰভেটৰিয়ে ফৰ হিউমেন ৰাইটচে আইছিছৰ বহু ভিতৰুৱা সংবাদ জনাৰ পৰিপ্ৰেক্ষিতত এই বাতৰি সত্য বুলি ধাৰণা কৰা হৈছে৷

ইয়াৰ পুৰ্বে জুন মাহতো ৰাছিয়াৰ এয়াৰ ষ্ট্ৰাইক আক্ৰমণত সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা সংগঠনটোৰ নেতাজনৰ মৃত্যু হোৱা বুলি প্ৰকাশ হৈছিল৷ উল্লেখ্য যে ২০১৪ত মছুলতে শেষবাৰৰ বাবে দেখা গৈছিল বাগদাদিক৷