ডিজিটেল ডেস্কঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যাক্তিত্বত অভিভূত হৈ পৰিছে ইজৰাইল চৰকাৰ৷ প্ৰধানমন্ত্ৰীৰ ইজৰাইল ভ্ৰমণ স্মৰণীয় কৰিবলৈ দেশখনে এবিধ ফুলৰ নামাকৰণ কৰিলে মোদী বুলি৷ ক্ৰিছেনথিমাম ফুলবিধক টুইটাৰৰ জডিয়তে মোদী বুলি নামাকৰণ কৰিলে দেশখনৰ প্ৰধানমন্ত্ৰীৰ দপ্তৰে৷ 

    

উল্লেখযোগ্য যে ইজৰাইল ভ্ৰমণ কৰা দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হৈছে মোদী৷ তিনিদিনীয়া এই ভ্ৰমণসূচীৰ বাবে যোৱা মোদী ইজৰাইলী আতিথ্যত অভিভূত হৈ পৰিছে৷ ইজৰাইলত উপস্থিত হোৱাৰ লগে লগে মোদী ক উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰী বেঞ্জামিন নেত্যানাহুৱে৷

 হিন্দীতে মোদীক প্ৰধানমন্ত্ৰী বেঞ্জামিন নেত্যানাহুৱে কয় "আপকা স্বাগত হেই মেৰা দোস্ত"৷ আনহাতে হিব্ৰু ভাষাত মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে৷ 

কংগ্ৰেছ নেতা শশী থাৰুৰেও মোদীৰ এই ভ্ৰমণসুচীক  প্ৰশংসা কৰিছে৷ থাৰুৰে টুইটাৰৰ জৰিয়তে কয় যে ২৫ বছৰ ধৰি দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক থাকিলেও মোদীৰ এই যাত্ৰাই দুইখন দেশৰ সম্পৰ্কত এক নতুন মাত্ৰা প্ৰদান কৰিব৷ 

ইজৰাইলত থকা ভাৰতীয়সকলৰ আগতো বক্তৃতা প্ৰদান কৰে মোদীয়ে৷ ভাৰত আৰু ইজৰাইলৰ সম্পৰ্কৰ সাফল্যৰ ফৰ্মুলা ভাৰতীয়ৰ দক্ষতা আৰু ইজৰাইলৰ প্ৰযুক্তি বুলি উল্লেখ কৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে৷

ভাৰতৰ সন্ত্ৰাসবিৰোধী স্থিতিকো প্ৰশংসা কৰে ইজৰাইল চৰকাৰে৷ দুয়োখন দেশৰ মাজত বাণিজ্য আৰু সহযোগীতাৰ কথা আলোচনা কৰিছে প্ৰধানমন্ত্ৰীদ্বয়ে৷