জাগীৰোডঃ মায়ং আৰক্ষীয়ে শুকুৰবাৰে এক অভিযান চলাই এখন চুৰি বাইক উদ্ধাৰ কৰা লগতে পাঁচজনক কৰায়ত্ত কৰিছে।

এই অভিযানৰ সময়ত মায়ং আৰক্ষীয়ে এ এছ ০২ জি ৯৮৮৫ নম্বৰৰ বাইকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বাইক চুৰিকাণ্ডত অভিযুক্ত মায়ঙৰ আবুল হুছেইন, যুগল বিশ্বাস, মৃদুল মণ্ডল, আজিবুৰ ৰহমান আৰু কামৰূপ মহানগৰ জিলাৰ ধিপুজি জানপামৰ আছাধন বিশ্বাসক আৰক্ষীয়ে কৰায়ত্ত কৰে।

উল্লেখ্য যে মায়ং আৰক্ষীয়ে এক গোচৰৰ ভিত্তিত উক্ত লোক কেইজনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। অৱশ্যে অধিক সোধ-পোছৰ বাবে আছাধন বিশ্বাসক আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে।