newsnextone.com | গোৰেশ্বৰ/ৰঙিয়াঃ বৃহস্পতিবাৰে কৃষক-শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত সমগ্ৰ দেশতে চিটুৱে জে’ল ভৰাওক কাৰ্যসূচী ৰূপায়ন কৰে। অসমতো চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে চিটু আৰু কৃষক সভাৰ জে’ল ভৰাওক কাৰ্যসূচী ৰূপায়ন কৰে। 

সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো হাতে হাতে প্লেকাৰ্ড লৈ ৰাজপথলৈ ওলাই আহে কৃষক-শ্ৰমিক। অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, কৃষক-শ্ৰমিকৰ ঋণ ৰেহাই কৰা, এনআৰচিৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি বন্ধ কৰা, মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত নিখিল ভাৰত কৃষক সভা আৰু শ্ৰমিক ইউনিয়নে বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যত জে’ল ভৰাওক কাৰ্যসূচী ৰূপায়ন কৰে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এই কাৰ্যসূচী বাক্সা জিলাৰ গোৰেশ্বৰতো পালন কৰা হয়। বৃহস্পতিবাৰে গোৰেশ্বৰ টাউনস্থিত চিপিআই(এম) কাৰ্যালয়ৰ পৰা কেইবাশ কৃষক সভাৰ সদস্য আৰু শ্ৰমিক ইউনিয়নৰ কৰ্মীয়ে হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ ৰাজপথেৰে বৃহৎ সমদল উলিয়াই গোৰেশ্বৰৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে।

দীৰ্ঘ সময় ধৰি প্ৰতিবাদকাৰীৰ ধ্বনিত উত্তাল হৈ পৰে চক্ৰ বিষয়াৰ কাৰ্যালয়। প্ৰতিবাদ স্থলীত গোৰেশ্বৰ আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক কিছু সময়ৰ বাবে আটক কৰি  আৰক্ষী থানালৈ আনে। পিছত প্ৰতিবাদকাৰী সংগঠনৰ নেতৃত্বই ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ কেবা দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আৰক্ষীয়ে পিছত প্ৰতিবাদকাৰী সকলক মুকলি কৰি দিয়ে।

 NNO ৰঙিয়াঃ ৰঙিয়া চহৰতো কৃষক সভা আৰু চিটুৱে জে’ল ভৰাওক কাৰ্যসূচী ৰূপায়ন কৰে। সংগঠন দুটাৰ প্ৰায় ডেৰ শতাধিক নেতা-কৰ্মীয়ে হাতে হাতে প্লে'কাৰ্ড লৈ ৰঙিয়া তিনিস্থিত শ্ৰম ভৱনৰ পৰা পদযাত্ৰা আৰম্ভ কৰে। চহৰৰ মাজেৰে সমদল কৰি ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উপস্থিত হৈ প্ৰায় এঘন্টা সময় প্ৰতিবাদকাৰীসকলে কাৰ্যালয় ঘেৰাও কৰি এখন সভাৰ আয়োজন কৰে। 

সভাত ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক পূৰ্ণ বড়ো, চি আই টি ইউৰ কামৰূপ জিলা সমিতিৰ সম্পাদক বিবেকানন্দ অধিকাৰী আৰু নিখিল ভাৰত কৃষক সভাৰ কামৰূপ জিলা সমিতিৰ সভাপতি আবুল হুছেইনে বক্তব্য প্ৰদান কৰে।

প্ৰাক্তন বিধায়ক পূৰ্ণ বড়োৱে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জন বিৰোধী নীতিৰ ফলত কৃষক তথা শ্ৰমিক ৰাইজে এক ভয়াবহ বিপৰ্যয়ৰ সন্মুখীন হৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে নিৰ্বাচনৰ পূৰ্ব দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছে। 

ৰঙিয়া ৰাজহ চক্ৰ বিষয়া এমলি বৰুৱা উপস্থিত হোৱাত প্ৰতিবাদকাৰী সকলে ৬৭৪২ গৰাকী লোকে স্বাক্ষৰ কৰা ১২ দফীয়া দাবী এখন পত্ৰ  চক্ৰ বিষয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে।