আমগুৰিঃ প্ৰথিতযশা কবি নৱকান্ত বৰুৱাৰ কবিতা ‘ইয়াত নদী আছিল’ কবিতাটোৱে অসমৰ নৈ পৰীয়া সভ্যতাৰ বহু কথাই কৈছিল৷ নৈৰ স্মৃতি ৰোমন্থন কৰি তাহানিতে ‘‘কিন্তু মৰুভূমি আহে, লাহে লাহে মাহে মাহে বছৰে বছৰে’’ বুলি কৈ থৈ যোৱাৰ কথাষাৰ অসমীয়াই চিন্তা কৰাৰ সময় আহি পৰিল৷ কবি নৱকান্ত বৰুৱাই কৈ থৈ যোৱা কবিতাটোৰ মাধ্যমেৰে কৈ যোৱা কথাবোৰ ফলিয়াব ধৰিছে লাহে লাহে৷

নৈৰ পাৰতে গঢ়লৈ উঠে মানৱ সভ্যতা৷ সিন্ধু নদীৰ পাৰৰ ভাৰতীয় সভ্যতা, নীল নদীৰ পাৰৰ মিছৰৰ সভ্যতা, ট্ৰাইগ্ৰিছ-ইউফ্ৰেটিছৰ পাৰৰ বেবিলনীয় সভ্যতা ইত্যাদি৷ দেখা যায় যে, মানৱ সভ্যতাৰ সৃষ্টি আৰু বিকাশত নৈৰ গুৰুত্ব অপৰিসীম৷ সেয়ে আমাৰ পাৰিৱেশিক তথা পাৰিপাৰ্শ্বিক ভাৰসাম্যতা ৰক্ষাৰ বাবে বিভিন্ন নদ-নদী, জান-জুৰি, খাল-বিল, আৰ্দ্ৰভূমি আদিৰ অৱদান অন্যতম।

নৈ অসমীয়া জাতিৰ আয়ুস ৰেখা, নৈ জাতি একোটাৰ মেৰুদণ্ডস্বৰূপ৷ নৈ এখনৰ দুয়োপাৰতেই থাকে সভ্যতা আৰু সংস্কৃতিৰ পয়োভৰ৷ নৈ এখন খাটিখোৱা মানুহৰ জীৱন সংগ্ৰামৰ সাৰথি৷ কিন্তু অসমৰ ইতিহাস বিজড়িত নৈ এখন এতিয়া মৃত্যুৰ দিশে৷ জীৱন আৰু জীৱিকাৰ সন্ধান কৰা এচাম নিৰীহ মানুহৰ বাবে নৈখন সোঁৱৰণি হোৱাৰ পথত৷ যিখন নৈয়ে হেৰুৱাবলৈ ওলাইছে নিজস্ব স্বকীয়তা৷ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে নৈখন হৈ পৰিব স্বপ্নৰ ভঙ্গুৰতা৷

বৰ্তমান জাৱৰ-জোঁথৰ, নলা-নৰ্দমাৰ লেতেৰা পানী তথা এচাম পূঁজিপতি মানুহে চলাই থকা খনন কাৰ্যই পানীৰ উৎস সমূহ অত্যাধিক ধৰণে প্ৰদূষিত কৰাৰ লগতে জলস্তৰৰ পৰিমাণ হ্ৰাস হৈ অহাৰ ফলত নৈ বোৰক এক মৃতপ্ৰায় স্তৰলৈ লৈ গৈছে। অসমত তাৰেই প্ৰমাণ পোৱা যায় গুৱাহাটী মহানগৰৰ মাজেৰে বৈ যোৱা ভৰলু, যোৰহাট চহৰৰ মাজেৰে বৈ যোৱা ভোগদৈ, নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং আৰু নগাপাহাৰৰ পৰা যোৰহাট আৰু শিৱসাগৰ জিলাৰ মাজেৰে পাৰ হৈ যোৱা জাঁজী নৈ৷ জাঁজী নৈ বৰ্তমান বিপদাপন্ন৷ জাঁজী নৈত লাহে লাহে নিঃশেষ হৈ আহিব ধৰিছে জীৱকূল৷

পূঁজিপতিৰ হাতোৰাত বন্দী হৈ পৰা জাঁজী নৈ এতিয়া মৃত্যুৰ দিশে ধাৱমান৷ গুডৰিক নামৰ বহুজাতিক কোম্পানী এটাই চলোৱা আগ্ৰাসনৰ ফলত সংকটাপন্ন হৈ পৰিছে জাঁজী নৈ৷ কোম্পানীটোৱে অবৈধভাৱে খনন কৰি প্ৰতিদিনে চাহ বাগিচালৈ মেচিনেৰে পানী কঢ়িয়াই নিয়াৰ ফলত পানীৰ পৰিমাণ সংকুচিত হৈ পৰিছে জাঁজী নৈত৷ নগাপাহাৰৰ পৰা যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমাৰে পাৰ হৈ বৰলুইতত জিৰণি লোৱা ইতিহাস প্ৰসিদ্ধ জাঁজী নৈত অস্বাভাৱিক হাৰত হ্ৰাস পাইছে জলস্তৰ।

খৰস্ৰোতা নৈখনত একাংশ পূঁজিপতিৰ বাবে সম্প্ৰতি জলস্তৰ নিম্নগামী হোৱাত জৈৱ বৈচিত্ৰ্ৰ্যৰ লগতে নৈখনত থকা জীৱকূলৰ প্ৰতিও আহিছে তীব্ৰ ভাবুকি। যিমানেই বাৰিষা ওচৰ চাপি আহিছে সিমানেই নৈৰখনৰ গৰা-খহনীয়াই প্ৰৱল ৰূপ ধাৰণ কৰাৰ আশংকাত ভুগিছে জাঁজীপৰীয়া ৰাইজ৷ এই ঘটনাৰ কাৰণ বিচাৰি নদীখনৰ পাৰে পাৰে কেইবাটাও জাতীয় সংগঠনৰ কৰ্মীসহ সাংবাদিকৰ এটা দলে গৈ চৰজমিন অনুসন্ধান কৰাৰ অন্তত পোহৰলৈ আহিল এই তথ্য।

মূলতঃ নদীখনৰ গাতে লাগি থকা গুডৰিক নামৰ বহুজাতিক কোম্পানীটোৰ অধীনত থকা বৰবাম চাহ বাগিছাকে ধৰি একাধিক আন আন চাহ বাগিছাত উচ্চ ক্ষমতা সম্পন্ন বহুকেইটা মটৰ পাম্পেৰে নদীখনৰ পৰা নিতৌ বাৰ ঘণ্টাৰ পৰা বিশ ঘণ্টা পৰ্যন্ত বাগিছাৰ চাহ গছসমূহত পানী যোগান ধৰাৰ বাবেই নৈখনত অস্বাভাৱিক হাৰত পানী হ্ৰাস পাবলৈ ধৰিছে। অস্বাভাৱিক হাৰত নৈখনৰ জলস্তৰ হ্ৰাস পোৱাৰ ফলত নৈখনত থকা জীৱকূললৈ সংকট নামি অহাৰ লগতে জৈৱবৈচিত্ৰৰ প্ৰতিও ভাবুকি আহি পৰিছে।

তদুপৰি নগাপাহাৰৰ পৰা নামি অহা খতস্ৰোতা নৈখনৰ পানী এনেদৰে হ্ৰাস পোৱাৰ ফলত প্ৰাকৃতিক সন্তোলন বিনষ্ট হৈ বাৰিষাৰ সময়ত প্ৰবল গৰাখহনীয়া আৰু নৈৰ মথাউৰি ভাঙি বান হোৱাৰ সম্ভাৱনাই দেখা দিছে। সমান্তৰালভাৱে এই মটৰ পাম্পসমূহত বিদ্যুৎ যোগানৰ বাবে ব্যৱহৃত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰসমূহ অতি কম উচ্চতাতে লগোৱাৰ বাবে গেলেকী আৰু লাওখোৱা এই দুখনকৈ সংৰক্ষিত বনাঞ্চলৰ কাষতে থকা বাগিছাখনত বন্যহস্তীৰ অকাল মৃত্যুৰ সম্ভাৱনাই দেখা দিছে৷

যিহেতু কিছুদিনৰ পূৰ্বে অনুৰূপ এক ঘটনাত কেইবাটাও বন্যহস্তীৰ মৃত্যু হৈছিল সমীপৰে এখন চাহ বাগিচাত। সেই পৰিপ্ৰেক্ষিতত চাহ বাগিছাসমূহে এনেদৰে অবৈধভাৱে নৈখনৰ পানী ব্যৱহাৰ কৰাৰ কাৰ্যক অতি শীঘ্ৰে বন্ধ কৰাৰ দাবী জনাইছে বহুকেইটা জাতীয় সংগঠনে।