newsnextone । ডিজিটেল ডেস্ক:

আজিৰে পৰা  আৰম্ভ হ’বলগীয়া ১৮ সংখ্যক এছিয়ান গেমছত এচিয়া মহাদেশৰ ৪৫খন দেশে অংশ গ্ৰহন কৰিব।

ইণ্ডোনেছিয়াৰ চৌদিশে এতিয়া উৎসৱমুখৰ পৰিৱেশৰ বিৰাজমান কৰিছে। ১৫দিন ধৰি চলিবলগীয়া এছিয়ান গেমছত ২০ হাজাৰৰো অধিক প্ৰতিযোগীয়ে ভাগ ল’ব বুলি জানিব পৰা গৈছে ।

জাকাৰ্টা আৰু পালেমবং চহৰত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ উদ্বোধনী অনুষ্ঠান জাকাৰ্টাৰ ঐতিহাসিক খেলোৰা বাংকানু স্পৰ্টছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। অনুষ্ঠানত ৪২ হাজাৰৰো অধিক দৰ্শক উপস্থিত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ।

জাকাৰ্টাত এছিয়ান গেমছত ভাৰতৰ লগতে অসমবাসীৰ বাবে আশাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অসমৰ হিমা দাস। এছিয়ান গেমছত অংশ গ্ৰহণৰ বাবে শুকুৰবাৰে পুৱা হিমা  দাস উপস্থিত হৈছেগৈ জাকাৰ্টাত । ভাৰতৰ লগতে সমগ্ৰ অসমবাসীয়ে এথলেটিক দলৰ হিমাক লৈ এতিয়া আশাৰে বাট চাই আছে।