মোৰাঝাৰঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আজমলে নতুন ৰাজনীতি আৰম্ভ কৰিছে। জৰা-ফুকা নহয়, এইবাৰ জাকাতৰ ৰাজনীতি আৰম্ভ কৰিছে মৌলানা বদৰুদ্দিন আজমলে।

বছৰি জাকাত দিয়াৰ বাবে দলীয় কাৰ্যালয়ত সভা অনুষ্ঠিত কৰা হৈছে। ডবকাৰ এ আই ইউ ডি এফৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছে এই সভা।

এইবাৰ যমুনামুখৰ তিনি হাজাৰ লোকক দুই হাজাৰ টকাকৈ জাকাত দিয়াৰ কথা ঘোষণা কৰা হৈছে। তদুপৰি সমষ্টিৰ পাঁচশ মছজিদ-মাদ্ৰাছাৰ ইমামক পেকেজ দিয়াৰ প্ৰচাৰ চলোৱা হৈছে।

আজমলৰ এই ব্যক্তিগত জাকাতৰ কথা এ আই ইউ ডি এফৰ একাংশ অন্ধ সমৰ্থকৰূপী নেতাই ব্যাপকভাৱে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। জনৈক ইছলাম উপাধিৰ ইউ ডি এফ নেতাজনে এই বিষয়ে ব্যাপকভাৱে প্ৰচাৰ চলাইছে।

ফলত সমগ্র যমুনামুখ সমষ্টিৰ লগতে ডবকা-মোৰাঝাৰতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ জৰিয়তে সমষ্টিবাসীক অপমান কৰা হৈছে বুলি মন্তব্য কৰিছে বহু ৰাজনৈতিক আৰু অৰাজনৈতিক নেতাই।