ডিজিটেল ডেস্কঃ অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু যোগেশ্বৰ দত্তৰ মতে সেনা জোৱানক আক্ৰমণ কৰা সকলক গুলীয়াই মাৰিব লাগে। কাশ্মীৰত চি আৰ পি এফ জোৱানৰ ওপৰত চলোৱা অত্যাচাৰৰ দৃশ্য চʼছিয়েল মিডিয়াত ভাইৰেল হোৱাত এই মন্তব্য কৰিছে মল্লযোদ্ধা জনে।

চি আৰ পি এফ জোৱানক আক্ৰমণ কৰা দৃশ্য প্ৰত্যক্ষ কৰি এনে ঘটনা দুখজনক বুলি আভিহিত কৰে তেওঁ। ইয়াৰ পূৰ্বে বীৰেন্দ্ৰ সেৱাগ আৰু গৌতম গম্ভীৰে সেনা জোৱানক আক্ৰমণ কৰা সকলৰ শাস্তিৰ পোষকতা কৰিছিল।

উল্লেখ্য যে ভাইৰেল ভিডিঅ’টোত সেনাৰ জোৱানক কৰা আক্ৰমণত এজন জোৱানৰ হেলমেট দুৰৈত ছিটিকি পৰে। আকৌ আন এজন জোৱানক এজন কাশ্মীৰী যুৱকে চৰ শোধোৱা পৰিলক্ষিত হৈছে।