ডিজিটেল ডেস্কঃ জেহাদীৰ কুটাঘাটেৰে পুনৰ কপি উঠিব পাৰে দেশ৷ শতাধিক জেহাদিয়ে প্ৰবেশ কৰিব পাৰে ভাৰতত৷ জেহাদিয়ে প্ৰত্যেকদিনাই ভাৰতত সোমোৱাৰ ন ন পৰিকল্পনাৰ কথা চোৰাংচোৱা সূত্ৰই সততে প্ৰকাশ কৰি অহাৰ সময়তে ভাৰতীয় সেনাই প্ৰকাশ কৰিছে এই নতুন তথ্য৷

কাশ্মীৰ সীমান্তৰে ভাৰতত সোমাব পাৰে প্ৰায় ১৫০ জেহাদী৷ কাশ্মীৰ উপত্যকাৰ সুৰক্ষাৰ দায়িত্বত থকা ভাৰতীয় সেনাৰ ১৫ কৰ্পচৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল জে এছ সান্ধুয়ে জনাইছে এই কথা৷ পাক অধিকৃত কাশ্মীৰৰ 'টেৰৰ লঞ্চপ্যেড’ত ভাৰতত অনুপ্ৰৱেশৰ পৰিকল্পনা কৰিছে সন্ত্ৰাসবাদীয়ে৷

এইবাৰ জম্মুৰ পুঞ্চ আৰু ৰাজৌৰি সীমান্তৰে ভাৰতত সোমোৱাৰ পৰিকল্পনা হাতত লৈছে সন্ত্ৰাসবাদীয়ে৷ উল্লেখযোগ্য যে ক্ৰমাত অশান্ত হৈছে জম্মু কাশ্মীৰৰ পৰিৱেশ৷

ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আজি জম্মু-কাশ্মীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিচ্ছিন্নতাবাদী নেত্ৰী আসিয়া আনদ্ৰাবিক৷ উপত্যকাটোত অশান্তি বৃদ্ধিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় নেত্ৰীগৰাকীক৷

উল্লেখ্য যে আইন-শৃংখলা বজাই ৰখাৰ বাবে ইতিমধ্যে কেন্দ্ৰ চৰকাৰে জম্মু-কাশ্মীৰত ছচিয়েল নেটৱৰ্কিং ছাইট যেনে ফেচবুক টুইটাৰকে আদি কৰি মুঠ ২২ টা ৱেবছাইট আৰু এপ নিষিদ্ধ কৰিছে।