মৰিয়নীঃ অসমীয়াৰ আৱেগ, অনুভূতি মাজুলী৷ লোক-সংস্কৃতিৰ ভৰাল মাজুলী৷ মাজুলী চৌদিশৰ পৰা চহকী৷ জাতি-জনগোষ্ঠীৰ মিলন ভূমি মাজুলী৷ সত্ৰীয়া নৃত্য, গীত, খোল-তাল, ভাওনা-সবাহ, মিচিং গাভৰুৰ ঐনিতমৰ সুৰ মাজুলীৰ পৰিচয়৷ অসমীয়া মানুহৰ আৱেগ জড়িত হৈ আছে মাজুলীৰ সভ্যতা-সংস্কৃতিৰ সৈতে৷ অসমৰ জন-জীৱনৰ সৈতে মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ আছে এৰাব নোৱৰা এক সম্পৰ্ক৷ জগতগুৰু শংকৰদেৱে মাজুলীত ধূঁৱাহাট-বেলগুৰিত প্ৰথমখন সত্ৰ প্ৰতিষ্ঠা কৰি অসমীয়া সংস্কৃতিক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল৷

যোৰহাট জিলাৰ এটা মহকুমা আছিল মাজুলী৷ এতিয়া মহকুমাৰ পৰা জিলা হ’ল। জাতি-মাটি-ভেটিৰ কথা কৈ শাসনলৈ অহা বিজেপিয়ে ২০১৬ চনৰ ২৭ জুনত মাজুলীক জিলা ঘোষণা কৰে৷ জিলা ঘোষণা কৰাৰ লগে লগে যেন সলনি হে হ’ল সকলো৷ কিন্তু যোৱা ২৫ মাহে কোনো ধৰণৰ সলনি নহ’ল মাজুলীৰ৷ মাজুলীৰ লগতে যোৰহাটক ৰক্ষা কৰি থকা নিমাতী ঘাটৰ উন্নয়ন কৰা নহল৷

মাজুলীৰ ১২৫০ বৰ্গকিলোমিটাৰ মাটিকালি আছিল, কিন্তু খহনীয়াৰ ফলত ১৯৯৯ চনৰ পৰা সেয়া হ্ৰাস পায়। নদীৰ বুকুত প্ৰতিদিনে মাজুলীৰ ভূমি জাহ যাবলৈ ধৰাত মাজুলী সংকুচিত হ’বলৈ ধৰে। শেহতীয়াকৈ মাজুলিলৈ আহ-যাহ কৰা একমাত্ৰ সম্বল নিমাটি ঘাট সংকটৰ গৰাহত৷ যোৰহাট চহৰক সুৰক্ষা প্ৰদান কৰা ঘাট এতিয়া গৰাখহনীয়াৰ কৱলত পৰি ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ যোৰহাট জিলাৰ ব্যস্ত ঘাটৰ পৰাই দৈনিক মাজুলীলৈ ফেৰী চলাচল কৰে।

ফেৰীৰে মাজুলীৰ পৰা যোৰহাটলৈ আহ-যাহ কৰা একমাত্ৰ সম্বল হ’ল নিমাতী ঘাট৷ সংকটৰ গৰাহত পৰা নামতী ঘাটক ৰক্ষা কৰাৰ দাবীত বহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে৷ অগপ, বিজেপি বিপিএফ মিত্ৰজোঁটে চৰকাৰ গঠন কৰিয়েই সত্ৰনগৰী মাজুলীৰ উন্নয়ন, নিমাটি ঘাটৰ উন্নয়নৰ বাবে বহু প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টিলৈ যাবৰ বাবে প্ৰধান ঘাটতো এতিয়া গৰাখহনীয়াৰ গ্ৰাসত পৰি হাজাৰ হাজাৰ মানুহৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে৷

যাৰ বাবে নিমাতীক ৰক্ষা কৰি হাজাৰ হাজাৰ লোকক সুৰক্ষিত কৰাৰ দাবীত বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে৷ নিমাতী সুৰক্ষাত অসম চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই পূৱ যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত নিমাতী ঘাটত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয়, জিলাৰ নেতা উপস্থিত থাকি ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি শীঘ্ৰে নিমাতীক ৰক্ষা কৰাৰ বাবে কাম কাজ আৰম্ভ কৰাৰ দাবী জনায়৷