নিউয়ৰ্কঃ বিশ্বৰ জনপ্ৰিয় পপ গায়ক জাষ্টিন বিবাৰে চলিত সপ্তাহত হ’বলগীয়া সকলোবোৰে শ্ব’ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শাৰীৰিক অসুস্থতাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে শিল্পীগৰাকী।

ইনষ্টাগ্ৰামত এটি ভিডিঅ’ পোষ্ট কৰি নিজৰ এই শাৰীৰিক অসুস্থতাৰ কথা সদৰী কৰিছে বিবাৰে। ভিডিঅ’টোত উল্লেখ কৰা মতে তেওঁ 'ৰামছে হাণ্ট ছিণ্ড্ৰম’ত আক্ৰান্ত হৈছে।

'আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, মই এটা চকু মেলিব পৰা নাই। মই মোৰ মুখৰ এটা ফালেৰে হাঁহিবও পৰা নাই, কাৰণ মোৰ মুখমণ্ডলৰ এটা অংশ সম্পূৰ্ণৰূপে পক্ষঘাতগ্ৰস্ততাৰ চিকাৰ হৈছে।’- নিজৰ মুখমণ্ডললৈ আঙুলিয়াই ভিডিঅ’টোত এইদৰে কৈছে বিবাৰে।

বিশেষজ্ঞসকলৰ মতে যেতিয়াই এজন লোক শ্বিংলজ নামৰ এক প্ৰকাৰৰ চৰ্মৰোগত আক্ৰান্ত হয় আৰু সেই ৰোগবিধে কাণৰ আশে-পাশে থকা মুখমণ্ডলৰ তন্ত্ৰিকাসমূহলৈ বিয়পে তেতিয়াই লোকজন 'ৰামছে হাণ্ট ছিণ্ড্ৰম’ত আক্ৰান্ত হৈ পৰে।

কি কৈছে জাষ্টিন বিবাৰে?

জাষ্টিন বাইবাৰে তিনি মিনিটৰ ভিডিঅ’টোত নিজৰ মুখমণ্ডলৰ সো অংশলৈ দেখুৱাই কৈছে, 'এই ভাইৰাছে মোৰ কাণ আৰু মুখমণ্ডলৰ সিৰাসমূহত আক্ৰমণ কৰিছে। ফলত মোৰ মুখমণ্ডল পক্ষঘাতগ্ৰস্ততাৰ চিকাৰ হৈছে।’

নিজৰ অনুৰাগীসকলক ধৈৰ্য ধৰিবলৈ আহ্বান জনাই আহিবলগীয়া শ্ব’ সম্পৰ্কে তেওঁ কৈছে, 'এইটো অৱস্থাৰে শ্ব’ কৰাতো এতিয়া মোৰ পক্ষে সম্ভৱ নহয়।’

'এয়া আপোনালোকে দেখিছেই। ৰোগবিধ যথেষ্ট গুৰুতৰ। যদিহে এনে নহ’লহেতেন কিমান যে ভাল হ’লহেতেন! কিন্তু এতিয়া আৰু উপায় নাই। মোৰ শৰীৰে এয়াই কৈছে যে মই কিছু জিৰণি ল’ব লাগে। আশা কৰিছো আপোনালোকে কথাটো বুজি পাব। মই এই সময়খিনিত পুনৰ দুগুণ শক্তিৰে উভতি আহিবপৰাকৈ কেৱল জিৰণি লম যাতে সুস্থ হৈ মই যি কৰিবলৈকে জন্ম লৈছিলো সেয়া কৰি দেখুৱাব পাৰো।’-অনুৰাগীসকলক উদ্দেশ্যি এইদৰে কয় জাষ্টিনে।

উল্লেখ্য যে, এই সপ্তাহৰ আৰম্ভণিতে জাষ্টিনে ৱাশ্বিংটন আৰু টৰণ্টোত শ্ব’ কৰাৰ কথা আছিল। ইয়াৰ লগতে লছ এঞ্জেলছ আৰু নিউয়ৰ্কতো আছিল তেওঁৰ দুটাকৈ অনুষ্ঠান।  

এই ৰোগবিধনো কি?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰসিদ্ধ চিকিৎসা গৱেষণা প্ৰতিষ্ঠান মেয়ো ক্লিনিকৰ মতে 'ৰামছে হাণ্ট ছিণ্ড্ৰম’ৰ ফলত মুখমণ্ডলত পক্ষঘাতগ্ৰস্ততাই দেখা দিয়ে আৰু বহুসময়ত ইয়াৰ প্ৰভাৱ কাণতো পৰে। ৰোগবিধৰ ফলত শ্ৰৱণশক্তি হ্ৰাস পোৱাৰো আশংকা থাকে। মেয়ো ক্লিনিকে দাবী কৰা মতে অধিকাংশ লোকৰ ক্ষেত্ৰত 'ৰামছে হাণ্ট ছিণ্ড্ৰম’ৰ লক্ষণসমূহ অস্থায়ী হয় যদিও কোনো কোনো ক্ষেত্ৰত সেয়া স্থায়ীও হৈ পৰিব পাৰে। 

মেয়ো ক্লিনিকৰ সূত্ৰই সদৰী কৰা মতে এই ৰোগত আক্ৰান্ত হ’লে ৰোগীয়ে নিজৰ চকু মেলিব নোৱৰা হৈ পৰে। বহু সময়ত চকুৰ জেউতিও হ্ৰাস পায়। ইয়াৰ ফলত চকুৰ বিষ হ’ব পাৰে। সাধাৰণতে ষাঠি উৰ্ধৰ লোক এনে ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক হয় যদিও বহু কম বয়সীয়া লোকো আক্ৰান্ত হৈ আহিছে। 

উল্লেখ্য যে যোৱা মাৰ্চ মাহত জাষ্টিনৰ পত্নী হেলি বাইবাৰো চিকিৎসাধীন হ’বলগীয়া হৈছিল। চিকিৎসকসকলে জনোৱা মতে, হেলিৰ মগজুত তেজৰ চেকুৰা জমা হৈ পৰাত অসুস্থ হৈ পৰিছিল। পিছত ষ্ট্ৰ’ক ধৰা পৰাত অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল।

ক্লিনিকখনৰ বিশেষজ্ঞ চিকিৎসকৰ মতে মাজু আই বা চিকেনপক্স যি ভাইৰাছৰ বাবে হয় সেই একেই ভাইৰাছেই 'ৰামছে হাণ্ট ছিণ্ড্ৰম’ৰ বাবেও দায়ী। মাজু আইৰ পৰা আৰোগ্য লাভ কৰাৰ পিছতো ইয়াৰ ভাইৰাছ সিৰাত বহুদিনলৈ ৰৈ যায়। বহু বছৰলৈকে সেয়া সক্ৰিয় হৈ থাকে। পিছত বিভিন্ন কাৰণত ভাইৰাছবিধ অধিক সক্ৰিয় হৈ পৰিলে ইয়াৰ প্ৰভাৱ মুখমণ্ডলৰ সিৰাসমূহত পৰিবলৈ লয় আৰু এনেকৈয়ে পক্ষঘাতগ্ৰস্ততাই দেখা দিয়ে।

'ৰামছে হাণ্ট ছিণ্ড্ৰম’ৰ লক্ষণসমূহ

কাণ আৰু ইয়াৰ আশে-পাশে গুটি গুটি ওলোৱা আৰু বিষ অনুভৱ হোৱাতো এই 'ৰামছে হাণ্ট ছিণ্ড্ৰম’ৰ লক্ষণসমূহৰ অন্যতম। ইয়াৰ উপৰিও মুখৰ মাংসপেশী দুৰ্বল হৈ পৰা বা পক্ষঘাতগ্ৰস্ততাৰ চিকাৰ হোৱাটোও ৰোগবিধৰ প্ৰধান লক্ষণ। 'ৰামছে হাণ্ট ছিণ্ড্ৰম’ৰ আন লক্ষণসমূহ হৈছে কাণৰ বিষ, শ্ৰৱণ শক্তি হ্ৰাস, কাণ বাজি থকা, চকু মুদোতো অসুবিধা হোৱা, মূৰ ঘূৰণি, সোৱাদ নোপোৱা আৰু মুখমণ্ডল শুকান হৈ পৰা।

চিকিৎসকৰ ওচৰলৈ কেতিয়া যাব?

যেতিয়াই মুখমণ্ডলত পক্ষঘাতগ্ৰস্ততাৰ দৰে অনুভৱ হয় আৰু গুটি গুটি ওলাই তেতিয়া ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। যদিহে প্ৰাৰম্ভিক অৱস্থাতে এই ৰোগৰ চিকিৎসা লাভ কৰা যায় তেতিয়া ৰোগবিধৰ পৰা আৰোগ্য লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পায়।