লখিমপুৰঃ অবৈধ গৰু ব্যৱসায় উৎখাতৰ দাবীত লখিমপুৰৰ কদমত আছুৰ প্ৰতিবাদ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংগঠনটোয়ে প্ৰতিবাদ কৰে৷

লগতে মদ আৰু জুৱাৰ ঘাটিও উচ্চেদৰ দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷

আৰক্ষীৰ সৈতে বুজাবুজিৰে অবৈধ গৰু ব্যৱসায় চলাই যোৱাৰ অভিযোগ সংগঠনটোৰ৷ কেটেল পাৰমিট নোহোৱাকৈ দীৰ্ঘদিনে চলাই গৈছে ব্যৱসায়ৰ বিৰোধিতা কৰে৷

কদম আঞ্চলিক ছাত্ৰ সন্থাই বগীনদী আৰক্ষীক অভিযোগ দিয়া পিছতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে৷ শুকুৰবাৰে লখিমপুৰ জিলাৰ কদম তিনিআলীত কদম আঞ্চলিক ছাত্র সন্থাই ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত প্ৰতিবাদ কৰিবলৈ বাধ্য হয়।

জিয়াউল, লখিমপুৰ