গুৱাহাটীঃ কলিয়াবৰ আসনক লৈ চিন্তাত পৰিছে বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তই কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈক পৰাস্ত কৰিব বুলি সততে কৈ ফুৰা বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ কলিয়াবৰ আসনখনক লৈ চিন্তাত পৰিছে।

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা এক বিশেষ অনুষ্ঠানত উক্ত বিষয়ৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য কৰে যে কলিয়াবৰ লোকসভাৰ আসনখন জয়ী হোৱাতো আমাৰ বাবে কঠিন হ’ব। কাৰণ কলিয়াবৰ লোকসভাৰ সমষ্টিত বাংলাদেশী সমৰ্থক আছে। এই বাংলাদেশী সমৰ্থক সকলে কংগ্ৰেছ দলক ভোট দিব। তাৰ পৰিপেক্ষিত তেওঁলোক তাত জয়ী হোৱাটো কষ্ট বুলি উল্লেখ কৰিছে৷

ইপিনে সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে আগন্তুক ভাৰতবৰ্ষৰ নিৰ্বাচনত৷ আনহাতে, সংবাদ মাধ্যমৰ দ্বাৰা প্ৰচাৰ হোৱা বাতৰি আৰু সঠিক তথ্যৰ প্ৰতি লক্ষ্য ৰাখি সাংবাদিকসকলে সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। নিৰ্বাচনত বিৰোধী পক্ষই নিৰ্বাচনৰ সপক্ষে বাতৰি প্ৰকাশৰ স্বাৰ্থত ভুল তথ্য যোগান ধৰে। যদি সংবাদ মাধ্যম এই ক্ষেত্ৰত সচেতন নহয় তেন্তে এনে ভুৱা তথ্যই চৰকাৰ গঠনৰ প্ৰক্ৰিয়াত ক্ষতিগ্ৰস্ত কৰিব পাৰে। 

তদুপৰি সাংবাদিকসকলে নিজৰ সুৰক্ষাৰ বাবে নীতি-নিয়ম পালন কৰিব লাগে কমিটি টু প্ৰটেক্ট জাৰ্ণালিষ্ট নামৰ আন্তৰ্জাতিক সন্থাৰ ভাৰতৰ প্ৰতিনিধি কুনাল মজুমদাৰে বুধবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত আয়োজন কৰা বিশেষ অনুষ্ঠানত প্ৰকাশ কৰে৷

মজুমদাৰে উক্ত বিষয়ৰ সন্দৰ্ভত কয় যে সমগ্ৰ সাংবাদিকৰ ওপৰত শাৰীৰিক মানসিক অত্যাচাৰ বৃদ্ধি পাইছে আৰু ভাৰতটো এনে ঘটনাৰ বিৰল নহয়। এই ক্ষেত্ৰত ছ'চিয়েল মিডিয়াই জটিলতা সৃষ্টি কৰিছে। আনকি ৰাজনৈতিক শক্তিয়ে এই মাধ্যমক অপ-ব্যৱহাৰ কৰি জনসাধৰণক বিভ্ৰান্তি কৰি তুলিছে। সেয়েহে সাংবাদিক সকলৰ দায়িত্ব আজি তাৰিখত বৃদ্ধি পাইছে। বিশেষ কৈ আঘোষিত সূত্ৰৰপৰা অহা তথ্য ব্যৱহাৰত সাংবাদিক সকল সচেতন হ’ব লাগিব। লগতে সাংবাদিক সকলে তথ্য প্ৰযুক্তি ব্যৱহাৰত বিচক্ষণতা প্ৰয়োজন আছে৷

আনহাতে, গুৱাহাটীৰ প্ৰেছ ক্লাবৰ সম্পাদক নৱ ঠাকুৰীয়াই অধিক সংখ্যক ভোটা ৰাইজে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে আৰু ৰাইজৰ ভোটৰ গ্ৰহণযোগ্য চৰকাৰ গঠনৰ পথত সাংবাদিকসকলে অগ্ৰণীয়া ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি মত প্ৰকাশ কৰে। অনুষ্ঠানত পি টি আই দুৰ্বা ঘোষ জ্যেষ্ঠ সাংবাদিক বিমান চন্দ্ৰ হাজৰিকা, ৰামন বৰা, অসমীয়া খবৰৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস, জ্যেষ্ঠ সাংবাদিক দেৱজিত তালুকদাৰ উপস্থিত থাকে। 

আনহাতে, বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু এআইইউডিএফৰ গোপন মিত্ৰতাক সমালোচনা কৰি কয় যে এই গোপন মিত্ৰতাই অসমক ক্ষুদ্ৰ বাংলাদেশ কৰিহে এৰিব৷