ডিজিটেল ডেস্কঃ মালয়ালম আৰু ইংৰাজী সাহিত্যৰ প্ৰখ্যাত, প্ৰথিতযশা লেখিকা, কবি কমলা দাসক Google Doodle-এ তেওঁৰ ফটো ব্যৱহাৰ কৰি তেওঁক সন্মান প্ৰদান কৰে৷ কমলা দাসৰ ১৯৭৬ চনত ‘My Story’ নামৰ আত্মজীৱনী খন প্ৰকাশ পাইছিল৷ ‘My Story’ৰ বৰ্ষপূৰ্তি উপলক্ষে Google Doodle-এ এই সন্মান প্ৰদান কৰে লেখিকাগৰাকীক স্মৰণ কৰে৷

বৃহস্পতিবাৰে পুৱাৰে পৰা Googleৰ আৰম্ভণি পেজত লেখিকাগৰাকীৰ ফটো সংলগ্ন কৰে৷ সমাজসেৱিকা, প্ৰথিতযশা লেখিকা আছিল বিশাল নেতৃত্বৰ অধকাৰী৷ সাহসী লেখিকা ৰূপে পৰিচিত সাহিত্য আৰু সমাজৰ বাবে অহৰহ কাম কৰা কমলা দাস ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে৷ অলেখ গ্ৰন্থ আছে৷ যিসমূহ গ্ৰন্থৰ চৰ্চা, প্ৰয়োজনীয়তা, সামাজিক বাৰ্তা সদায় গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ আহিছে৷

সদায় মহিলাৰ সপক্ষে লিখি অহা লেখিকাগৰাকীয়ে কেতিয়াও কাকো ভ্ৰুক্ষেপ কৰা নাছিল৷ তেওৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা ‘আমি’ নামৰ বোলছবি খন ছবিঘৰলৈ নাহোতেই বিতৰ্কত সোমাই পৰে৷ লাভ জেহাদক উদগণি দিয়া বুলি অভিযোগ উত্থাপন হয়৷ বোলছবি খনৰ ট্ৰেইলাৰত ১৯৯৯ চনত তেওঁ ৬৫ বছৰ বয়সত ইছলাম ধৰ্ম দীক্ষিত হৈছিল বুলি দেখুওৱা হৈছে৷

ভয়হীন ভাবে লিখি যোৱা লেখিকাগৰাকীয়ে মহিলাৰ বিকল্প পুৰুষ নহৈ এখন কিতাপ হ’ব পাৰে বুলি মন্তব্য প্ৰকাশ কৰিছে লিখনিৰ জৰিয়তে৷ খাটিখোৱা, শ্ৰমিক, লাঞ্চিত-বঞ্চিতৰ বাবে নানা তৰহৰ বাৰ্তাৰে লিখনি লিখি ভাৰতীয় সাহিত্যক সমৃদ্ধ কৰিছে৷ আনহাতে দৰিদ্ৰ, খাটিখোৱা শ্ৰমিক মহিলাৰ লাঞ্চনা-বঞ্চনাৰ কথা লিখিনিত প্ৰকাশ পাইছে৷ কমলা দাসৰ ‘My Story’ৰ আধাৰত শীঘ্ৰে ছবি ঘৰলৈ আহিব ‘আমি’ নামৰ এখন বোলছবি। ১৯৩৪ চনৰ ৩১ মাৰ্চত ত্ৰিচুৰ জিলাৰ ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল দাসে৷

‘My Story’ত তেওৰ শৈশৱ, বিবাহ আদিৰ বিষয়ে মুকলিকৈ লিখিছিল৷ তেওৰ পিতৃ ভিএম নায়াৰ কলকাতাক চাকৰী কৰাৰ বাবে কমলা দাসক শৈশৱ পাৰ হৈছিল কলকাতাত৷ তেও ১৯৮৫ সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিল৷ শৈশৱৰ পৰা কবিতা লিখা কমলা দাসৰ মাতৃও এগৰাকী ভাল লেখিকা আছিল৷ যাৰ পৰা তেওঁ অনুপ্ৰাণিত হৈছিল৷ কম বয়সত বিবাহ পাশত আৱদ্ধ হৈ যি এগৰাকী মাতৃও আছিল, কেতিয়াও লিখিবলৈ এৰি দিয়া নাছিল৷

বৰঞ্চ তেওঁ সকলো কামৰ পৰা আজৰি হৈ কবিতা লিখিছিল৷ সাহিত্য জগতৰ লগত জড়িত থকা কমলা দাস ৰাজনীতি ক্ষেত্ৰখনটো পদাৰ্পন কৰিছিল৷ পৰ্দা প্ৰথাৰ যুঁজত মুছলিম মহিলাসকলৰ ঢাল স্বৰূপ আছিল কমলা দাস৷ তেওঁৰ আত্মজীৱনী "My Story" প্ৰকাশিত হোৱাৰ লগে লগে তীব্ৰ বিৰ্তকৰ সৃষ্টি হৈছিল যদিও কিতাপৰ অনুবাদ মুঠ ১৫টা ভাষাত হৈছিল৷ যাৰ বাবে কমলা দাসক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানেৰে বিভূষিত হৈছিল। বহু পুৰষ্কাৰেৰে সন্মানিত হোৱা এইগৰাকী মহান লেখিকাই ৭৫ বয়সৰ ২০০৯ চনৰ ৩১ মে’ত ইহলীলা সম্বৰণ কৰে।