Unacademy প্ৰসংগই সংবাদ শিৰোনাম দখল কৰাৰ সময়তে পুনৰবাৰ চৰ্চিত হৈ পৰিছে প্ৰাচীন ভাৰতৰ 'নালন্দা বিশ্ববিদ্যালয়’ৰ কথা। সভ্যতা, সংস্কৃতি আৰু বিশেষকৈ শিক্ষাৰে হাজাৰ হাজাৰ বছৰ আগতে পৃথিৱীৰ ভিতৰতে আটাইতকৈ আগবঢ়া দেশসমূহৰ ভিতৰত অন্যতম আছিল ভাৰতবৰ্ষ। ইয়াতেই আছিল পৃথিৱীৰ প্ৰথমখন আৱাসিক প্ৰাতিষ্ঠানিক বিশ্ববিদ্যালয় 'নালন্দা বিশ্ববিদ্যালয়’। তাৰো বহু শতিকা আগত প্ৰতিষ্ঠা হৈছিল দেশ বিভাজনৰ পিছত পাকিস্তানৰ অন্তৰ্ভুক্ত হৈ পৰা বিশ্ববিখ্যাত তক্ষশিলা বিশ্ববিদ্যালয়ৰ। এই দুয়োখন বিশ্ববিদ্যালয়তে নিজ দেশৰ উপৰিও কোৰিয়া, জাপান, চীন, তিব্বত, ইণ্ডোনেছিয়া, পাৰ্চিয়া, তুৰস্ক আদি বিভিন্ন দেশৰ পৰা পঢ়ুৱৈ আৰু গৱেষক বিদ্বানসকলৰ আগমন ঘটিছিল। 

সমগ্ৰ পৃথিৱীয়ে এসময়ত শ্ৰদ্ধা আৰু সম্ভ্ৰমৰ দৃষ্টিৰে চোৱা এইখন দেশ আজিৰ তাৰিখত ৰাজনীতিৰ লেতেৰা বোকা আৰু ক্ষমতাৰ লালসাত ডুব যোৱা এখন তৃতীয় বিশ্বৰ অসুখী দেশ হিচাপে পৰিগণিত হৈছে। বৰ্তমান সময়ত ক্ষমতাৰ লোভ আৰু ৰাজনীতিৰ পংকিলতাই ইমানখিনি পৰ্য্যায় পাইছেগৈ যে ই দেশৰ শিক্ষাখণ্ডকো ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ এৰা নাই। ক্ষমতাশীন চৰকাৰে শেহতীয়াকৈ বিভিন্ন পাঠ্যক্ৰমত কৰা পৰিৱৰ্তন আৰু ইয়াৰ সম্ভাব্য ভয়ংকৰ ঋণাত্মক ফল সেই কথাৰ ইংগিত। অতি সন্মানীয় শিক্ষকসকলক শেহতীয়াকৈ ৰাজনীতিবিদসকলে কৰা নীচ ব্যৱহাৰো শিক্ষাক্ষেত্ৰত পৰা সাম্প্ৰতিক ৰাজনীতিৰ কুপ্ৰভাৱৰ অংশ। ইয়াৰ শেহতীয়া জ্বলন্ত উদাহৰণ হ’ল শিক্ষক কৰণ ছাংৱানৰ Unacademy নামৰ অনলাইন শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা অপসাৰণ।

কি এই Unacademy?

Unacademy হ'ল এটা ভাৰতীয় বহুজাতিক শৈক্ষিক প্ৰযুক্তি প্ৰতিষ্ঠান। ই শিক্ষাৰ্থী আৰু আন সকলো ব্যৱহাৰকাৰীৰ বাবে অনলাইন শিক্ষামূলক মঞ্চ হিচাপে কাম কৰে। এই বৃহৎ শিক্ষামূলক প্ৰতিষ্ঠানটোৱে অনলাইন ক্লাছযোগে পঞ্জীয়নভুক্ত শিক্ষাৰ্থীসকলক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে JEE, NEET, UPSC, CA, GATE, UPSC NDA, CUET, Boards আদি পৰীক্ষাৰ বাবে সাজু কৰায়, লগতে শিশুৰ পৰা দ্বাদশ শ্ৰেণীলৈ আধাৰগত ৰূপত বিষয়বস্তু আৰু বিভিন্ন দক্ষতা বিকাশৰ পাঠ্যক্ৰম যেনে- ফটোগ্ৰাফি, প্ৰগ্ৰেমিং, উদ্যমিতা (entrepreneurship) আদিৰ বিষয়বস্তু প্ৰস্তুত কৰে। এই সমস্ত পাঠ্যক্ৰমৰ শিক্ষাদানৰ বাবে Unacademyয়ে প্ৰত্যেকটো বিষয়ত তেওঁলোকৰ অধীনত পঞ্জীয়নভুক্ত শিক্ষক নিয়োগ কৰে।

কৰণ ছাংৱান কোন, কি এই বিতৰ্ক?

Unacademy প্লেটফৰ্মৰ আইন বিষয়ৰ এগৰাকী পঞ্জীয়নভুক্ত শিক্ষক আছিল কৰণ ছাংৱান। তেওঁ Unacademy ৰ অধীনতো আৰু নিজা ইউটিউব চেনেল 'Legal Pathsala'ৰ জৰিয়তেও শ শ শিক্ষাৰ্থীক দেশৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা আইনৰ সকলো বিষয় পঢ়ুৱাইছিল।

কৰণ ছাংৱান শেহতীয়াকৈ বিতৰ্ক আৰু আলোচনাৰ বিষয় হৈ পৰাৰ মূলতে আছিল তেওঁ ১২ আগষ্ট ২০২৩ তাৰিখে এটা ভিডিঅ’ত প্ৰসংগক্ৰমে কোৱা দুটা মাত্ৰ বাক্যৰ এটা এক মিনিটতকৈও সৰু ভিডিঅ’ ক্লিপ। তাত তেওঁ শিক্ষাৰ্থীসকলক মাত্ৰ এইখিনি কৈছিল যে "এটা কথা মনত ৰাখিবা, অহাবাৰ তোমালোকে যেতিয়া ভোট দিবা, এনেকুৱা এগৰাকীক নিৰ্বাচন কৰিবা যি শিক্ষিত, যিয়ে কথাবোৰ বুজি পায়, মাত্ৰ এনেকুৱা লোকক ভোট নিদিবা যিয়ে কেৱল নাম সলাই থাকিব জানে। তোমালোকে সিদ্ধান্তবোৰ সঠিককৈ ল'বা।"

তেওঁৰ এই মন্তব্যৰ প্ৰসংগ আছিল লোকসভাৰ বৰ্ষাকালীন অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱ ৰখা তিনিখন বিধেয়ক, যি তিনিখনৰ এখনৰ বিষয়ে সেইটো ভিডিঅ’ত তেওঁ বৰ্ণনা কৰি আছিল। শাসকীয় দলে ইমান বছৰে চলি অহা তিনিখন আইন- ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী প্ৰক্ৰিয়া সংহিতা আৰু ভাৰতীয় প্ৰমাণ আইন সলনি কৰি তাৰ ঠাইত নতুনকৈ ভাৰতীয় ন্যায় সংহিতা বিধেয়ক ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বিধেয়ক ২০২৩ আৰু ভাৰতীয় সাক্ষ্য সংহিতা ২০২৩ প্ৰণয়ন কৰাৰ লক্ষ্য ৰাখিছে। এই বিধেয়ক তিনিখনৰ নাম ইংৰাজীৰ সলনি হিন্দী ভাষাত ৰখাক লৈও অন্য এক বিতৰ্কমূলক আলোচনা চলি আছে। সেয়া এক অন্য বিষয়।

সৰু ভাইৰেল ভিডিঅ’ ক্লিপটোত শিক্ষক কৰণ ছাংৱানে এই সালসলনিত নিজৰ সামান্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এখন আইন সলনি কৰাৰ লগে লগে দেশৰ ন্যায় ব্যৱস্থা, সমাজ ব্যৱস্থা আৰু আলোচিত বিষয়ৰ ক্ষেত্ৰত পৰীক্ষাৰ বাবে শিক্ষাৰ্থীসকলে পঢ়িবলগীয়া পাঠ্যক্ৰমত অত্যন্ত গুৰুতৰ প্ৰভাৱ পৰে। তাতে আকৌ কেন্দ্ৰীয় চৰকাৰে তিনিখন আইন সলনি কৰাৰ সিদ্ধান্ত লৈছে।

শিক্ষকগৰাকীয়ে পৰিস্থিতিৰ সম্ভাব্য ভয়াৱহতালৈ লক্ষ্য ৰাখি শিক্ষাৰ্থী আৰু আন ভিউৱাৰ্ছ সকলোকে তেনে আহ্বান জনাইছিল যাতে ভৱিষ্যতলৈ এনে কাণ্ড আৰু ঘটিবলৈ নাপায়। কাৰণ সাধাৰণতে এজন শিক্ষিত ৰাজনীতিবিদৰ মাজত যিকোনো পদক্ষেপৰ পৰিণতিৰ জ্ঞান থকাৰ আশা কৰা যায়।

কৰণ ছাংৱানে নিজৰ ইউটিউব চেনেল 'Legal Pathsala'ত ১২ আগষ্টত আপলোড কৰা শিক্ষামূলক সম্পূৰ্ণ ভিডিঅ’টোৰ পৰা কোনোবাই কাটি চুটি কৰি সুকীয়াকৈ উলিওৱা সৰু ভিডিঅ’টো জনপ্ৰিয় সামাজিক মাধ্যম 'টুইটাৰ' (বৰ্তমান X)ত টুইট কৰাৰ পিছত ১৩ আগষ্ট ২০২৩ ত ই ভাইৰেল হৈ পৰে। কৰণ ছাংৱানে নিজৰ মন্তব্যত কোনো ব্যক্তিবিশেষ বা ৰাজনৈতিক-অৰাজনৈতিক কোনো দল-সংগঠনৰ নাম উল্লেখ নকৰা স্বত্বেও তেওঁৰ অশিক্ষিত ব্যক্তিক জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত নকৰিবলৈ জনোৱা আহ্বানক একাংশই উপযাচি নিজৰ গাত পাতি লয় আৰু টুইটাৰত তুমুল সমালোচনা আৰু অশোভনীয় বিতৰ্কৰ সূত্ৰপাত ঘটায়।

শাসকীয় দল বিজেপিৰ বিৰুদ্ধে কৰণ ছাংৱানে ৰাজনৈতিক চক্ৰান্ত আৰু প্ৰ'পাগাণ্ডা চলোৱা বুলি এইসকল লোকে Unacademyকো সমালোচনাৰ লক্ষ্য কৰি লয় আৰু শিক্ষকগৰাকীক উপলুঙা, ইতিকিং, গালি-শপনি আৰু ভিত্তিহীন বহুতো ভুৱা অভিযোগেৰে ধৰাশায়ী কৰাৰ সম্পূৰ্ণ চেষ্টা কৰে।

সমান্তৰালভাৱে বহু সংখ্যক বিবেকৱান ব্যক্তিয়ে কৰণ ছাংৱানৰ বক্তব্যক এটা সাধাৰণ ধনাত্মক আহ্বানৰ বাক্য বুলি আৰু ইয়াত কোনো ৰাজনৈতিক এজেণ্ডা দেখা নাযায় বুলি তেওঁক সমৰ্থন জনায়। সেইসকল ব্যক্তিৰ ভিতৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো আছিল।

শিক্ষক কৰণ ছাংৱানৰ ভিডিঅ’যোগে স্পষ্টীকৰণ

১৯ আগষ্টৰ সন্ধিয়া শিক্ষক কৰণ ছাংৱানে নিজৰ ইউটিউব চেনেল 'Legal Pathsala'ত সমগ্ৰ ঘটনাৱলীৰ আৰম্ভণিৰ পৰা বিশদ বিৱৰণী আগবঢ়াই এটা প্ৰায় ৪৩ মিনিটৰ ভিডিঅ’ আপলোড কৰে। ইয়াত তেওঁ তেওঁৰ দৃঢ় স্থিতি আৰু মতামত আগবঢ়ায় আৰু তেওঁৰ ফালৰ পৰা এই বিতৰ্কৰ অৱসান ঘোষণা কৰে। ভিডিঅ’টোত তেওঁ কয় যে ১২ আগষ্টত তেওঁ তেওঁৰ নিজা ইউটিউব চেনেলত লোকসভাত উত্থাপিত বিধেয়ক সম্পৰ্কে শিক্ষামূলক আলোচনা কৰি ভিডিঅ’টোৰ শেষত এই মন্তব্য আগবঢ়োৱাটো সম্পূৰ্ণ সঁ‌চা। ১২ আগষ্টৰ সেই সমগ্ৰ ভিডিঅ’টোৰ পৰা কোনোবাই সম্পাদনা কৰি কেৱল সেই বিশেষ মন্তব্যখিনিৰ এটা চুটি ভিডিঅ’ সুকীয়াকৈ বনাই টুইটাৰত পোষ্ট কৰে।

তাৰপিছত ১৩ আগষ্টত তেওঁৰ সেই বক্তব্যৰ চুটি ভিডিঅ’টোৰ পৰাই বহুতো ব্যক্তিয়ে তেওঁৰ 'ৰাজনৈতিক অভিপ্ৰায় থকা, শিক্ষাৰ্থীক এটা নিৰ্দিষ্ট ৰাজনৈতিক দিশত প্ৰভাৱিত কৰিবলৈ বিচৰা, কৰণ ছাংৱান দেশদ্ৰোহী' আদি বিভিন্ন আৰোপ লগাই টুইটাৰত তুমুল বিতৰ্ক আৰম্ভ কৰে।

সিদিনা অৰ্থাৎ ১৩ আগষ্টত তেওঁ পুনৰ Unacademy ৰ অধীনৰ অনলাইন ক্লাছ কৰে কিন্তু পাঠদান কৰি থকা সময়তে Unacademy কৰ্তৃপক্ষৰ পৰা তেওঁলৈ ফোন আৰু মেছেজযোগে ১২ আগষ্টৰ বিতৰ্কিত ভিডিঅ’টো ইণ্টাৰনেটৰ পৰা সম্পূৰ্ণকৈ আঁতৰাই দিবলৈ অনুৰোধ আহে। কৰণ ছাংৱানে এই অনুৰোধ ৰক্ষা কৰি ভিডিঅ’টো আঁ‌তৰাই দিয়ে। কিন্তু লক্ষণীয় যে বিতৰ্কিত ভিডিঅ’টো তেওঁৰ নিজা ইউটিউব চেনেলতহে আছিল, Unacademy ৰ অধীনত নহয়। সেইদিনাই Unacademy কৰ্তৃপক্ষৰ পৰা তেওঁলৈ এটা ই-মেইল আহে য'ত তেওঁ নিজা ইউটিউব চেনেলত Unacademy ৰ পোচাক পিন্ধি কৰা ভিডিঅ’ত এটা 'ৰাজনৈতিক মন্তব্য' আগবঢ়োৱা বুলি তেওঁলোকে অভিযোগ কৰে তথা এই ঘটনাই জনমানসত Unacademyৰ ইমেজ আৰু যশস্যা নষ্ট কৰিছে বুলি কয়, লগতে কৰণ ছাংৱানৰ উক্ত মন্তব্যৰ কাৰণ দৰ্শাবলৈও কয়।

কৰণ ছাংৱানে পিছদিনা অৰ্থাৎ ১৪ আগষ্টত এই ই-মেইলৰ স্পষ্টভাৱে উত্তৰ দিয়ে যে তেওঁৰ উক্ত মন্তব্য কোনো ৰাজনৈতিক অভিসন্ধিৰ নাছিল আৰু তেওঁৰ কোনো ৰাজনৈতিক অভিপ্ৰায় নাই। কৰণ ছাংৱানৰ এই উত্তৰৰ পিছতে Unacademy এ নতুনকৈ এক নীতি উলিয়ায় আৰু সকলো শিক্ষক-কৰ্মচাৰীলৈ প্ৰেৰণ কৰে।

মাজত ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱস উদযাপনৰ পিছত ১৬ আৰু ১৭ আগষ্ট ২০২৩ ত কৰণ ছাংৱানে Unacademy ৰ কেন্দ্ৰীয় সমিতিৰ লগত যোগাযোগ কৰিবলৈ অশেষ চেষ্টা কৰে কিন্তু Unacademy কৰ্তৃপক্ষই তেওঁক কেন্দ্ৰীয় সমিতিৰ লগত যোগাযোগ কৰাই নিদিয়ে। ইয়াৰ পিছত ১৭ আগষ্টত Unacademy কৰ্তৃপক্ষৰ পৰা শিক্ষক কৰণ ছাংৱানলৈ ই-মেইলযোগে এখন অব্যাহতিৰ জাননী প্ৰেৰণ কৰা হয়, য'ত লিখা আছিল যে কৰণ ছাংৱানে ১৪ আগষ্টত দিয়া উত্তৰ সন্তোষজনক নাছিল। লগতে Unacademy প্লেটফৰ্মৰ পৰা কৰণ ছাংৱানৰ প্ৰফাইলো আঁ‌তৰাই দিয়া হয়।

Unacademy ৰ কেন্দ্ৰীয় সমিতিয়ে এনে চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগত শিক্ষকগৰাকীৰ লগত এবাৰ কথা পতাটো বা এবাৰ তেওঁক আত্মপক্ষ সমৰ্থনত স্পষ্টিকৰণ দিয়াৰ সুযোগ এটা দিয়াৰো প্ৰয়োজনবোধ নকৰিলে। Unacademy এ প্ৰেৰণ কৰা এই অব্যাহতিৰ জাননীত এটা নিৰ্দিষ্ট টুইটাৰ একাউণ্টৰ পৰা অহা বিৰূপ মন্তব্যসমূহো সংলগ্ন আছিল। অৰ্থাৎ Unacademy এ নিজৰ বিবেকেৰে শিক্ষক কৰণ ছাংৱানৰ বিতৰ্কলৈ অহা বাক্যটো বিবেচনা নকৰি আন কাৰোবাৰ চিন্তা আৰু মন্তব্যৰে পৰিচালিত হৈ তেওঁক চাকৰিটোৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত লোৱা বুলি অভিযোগ উত্থাপন কৰাৰ থল আছিল। কৰণ ছাংৱানৰ বিৰুদ্ধে এই চৰম সিদ্ধান্ত লোৱাৰ বাবে Unacademy ক কোনো শক্তিয়ে বাধ্য কৰাইছিল নেকি - সেয়াও অৱশ্যে সন্দেহৰ আৱৰ্তত।

প্ৰকৃততে ১৩ আগষ্ট ২০২৩ ৰ পৰা ১৭ আগষ্ট ২০২৩ লৈ শিক্ষক কৰণ ছাংৱানক Unacademy এ নিলম্বন (suspend) কৰি থৈছিল, যিটো কাৰণত ১৩ আগষ্টৰ পৰা Unacademy ৰ প্লেটফৰ্মত তেওঁৰ এটাও ক্লাছ অনুষ্ঠিত হোৱা নাছিল। কিন্তু শিক্ষক কৰণ ছাংৱানৰ বাহিৰে কোনেও এবাৰলৈও নাভাবিলে যে এই সমস্ত ঘটনাৰাজিৰ আটাইতকৈ ডাঙৰ ভুক্তভোগী কৰণ ছাংৱান নাছিল, বৰঞ্চ আছিল Unacademy ক ভৰষা কৰি থকা শিক্ষাৰ্থীসকল।

Unacademy এ শিক্ষক কৰণ ছাংৱানক শাস্তি দিবলৈ গৈ নিজৰেই পঞ্জীয়নভুক্ত শিক্ষাৰ্থীসকলক এক ধৰণে পণবন্দী কৰি পেলায়। শিক্ষাৰ্থীসকলে কৰণ ছাংৱানৰ ক্লাছৰ বিষয়ে Unacademy ক প্ৰশ্ন কৰোঁতে তেওঁলোকে কৰণ ছাংৱান ছুটিত থকা বুলি শিক্ষাৰ্থীসকলক আঁ‌ভুৱা ভৰি থয়। কিন্তু ১৭ আগষ্টত অব্যাহতিৰ জাননী পোৱাৰ পিছত আৱেগিক হৈ আৰু আইনৰ বিষয়বোৰত শিক্ষাৰ্থীসকলৰ হ'বলগীয়া বৃহৎ ক্ষতিৰ কথা ভাবি কৰণ ছাংৱানে শিক্ষাৰ্থীসকলৰ লগত টেলিগ্ৰাম এপৰ গ্ৰুপৰ জৰিয়তে সমস্ত ঘটনা শিক্ষাৰ্থীসকলক অৱগত কৰায়।

ইয়াৰ পিছতে কৰণ ছাংৱান আৰু Unacademyক লৈ নতুনকৈ সামাজিক মাধ্যমক এক বিতৰ্কৰ সূচনা হয়। অৱশ্যে এই বিতৰ্ক আছিল Unacademyৰ বিৰুদ্ধে আৰু কৰণ ছাংৱানৰ সমৰ্থনত। কৰণ ছাংৱানে ১৯ আগষ্টৰ ভিডিঅ’ত কয় যে যি সময়ত তেওঁক তেওঁৰ বিৰুদ্ধে উঠা ভুৱা অভিযোগসমূহৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁৰ নিজৰ নিয়োগকৰ্তা প্ৰতিষ্ঠান Unacademy ৰ সমৰ্থনৰ আটাইতকৈ বেছি প্ৰয়োজন আছিল, সেই সময়ত Unacademy ৰ পৰা কোনো এজনো ব্যক্তি তেওঁৰ সমৰ্থনত থিয় নহ'ল, অথচ সেইটো প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলক শিক্ষাদানৰ বাবে তেওঁ ২০২১ চনৰে পৰা নিজৰ সৰ্বোচ্চ সামৰ্থ আৰু শক্তি নিয়োগ কৰি আহিছিল।

কৰণ ছাংৱানে আৰু কয় যে যিহেতু তেওঁ কোৱা বিশেষ বাক্যটো সকলোফালৰ পৰা বিশ্লেষণ কৰি চালেও তেওঁৰ ওপৰত দেশদ্ৰোহ, ৰাজনৈতিক এজেণ্ডা বিয়পোৱা, শিক্ষাৰ্থীক এটা নিৰ্দিষ্ট ৰাজনৈতিক দিশত প্ৰভাৱিত কৰা আদি অভিযোগ তোলা ব্যক্তিচামৰ হাতত এটাও যুক্তি নোলায়, গতিকে সেইচাম ব্যক্তি অশিক্ষিত আৰু মুৰ্খ বুলি নিজে নিজে প্ৰমাণিত হ'ল; কাৰণ কি কথাৰ কি অৰ্থ, কোনটো কামৰ ফলাফল কি হ'ব পাৰে- এইবোৰ ভাবি চোৱাৰ ক্ষমতা তেওঁলোকৰ নাই।

১৭ আগষ্টত শিক্ষক কৰণ ছাংৱানে তেওঁৰ শিক্ষাৰ্থীসকলক তেওঁৰ সৈতে ঘটা সকলো কথা অৱগত কৰাৰ পিছত তেওঁৰ নিজৰ শিক্ষাৰ্থীসকল, সমগ্ৰ ছাত্ৰ সমাজ আৰু দেশৰ সচেতন জনতা তেওঁৰ সমৰ্থনত আৰু তেওঁৰ লগত হোৱা অন্যায়ৰ বাবে Unacademy ৰ বিৰুদ্ধে থিয় হয়। বিভিন্ন প্ৰতিষ্ঠিত সংবাদ মাধ্যমেও এই বিশাল জনমত সৃষ্টি হোৱাত অৰিহণা যোগায়।

ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে Unacademy ৰ শীৰ্ষ কৰ্তৃপক্ষই আত্মপক্ষ সমৰ্থনত টুইটাৰত স্পষ্টীকৰণ দি লিখে, "Unacademy এখন শৈক্ষিক প্লেটফৰ্ম যি গুণগত শিক্ষাদানৰ প্ৰতি সমৰ্পিত। তাৰ বাবে এখন কঠোৰ আচৰণ বিধি আছে যাতে আমাৰ শিক্ষাৰ্থীসকলে নিৰপেক্ষ জ্ঞান লাভ কৰিব পাৰে। এটা শ্ৰেণীকোঠা ব্যক্তিগত মতামত প্ৰকাশৰ ঠাই নহয়, যিহেতু ই শিক্ষাৰ্থীক ভুল দিশে পৰিচালিত কৰিব পাৰে আৰু তেওঁলোকৰ মনত কুপ্ৰভাৱ পেলাব পাৰে। বৰ্তমান পৰিস্থিতিত কৰণ ছাংৱানে এই আচৰণ বিধি উলংঘা কৰা বাবে আমি তেওঁক বিচ্ছিন্ন কৰিবলৈ বাধ্য হ'লোঁ।"

ইয়াৰ পিছতে কৰণ ছাংৱানে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, “এজন শিক্ষকৰ কৰ্তব্য কেৱল পাঠ্যক্ৰমৰ বিষয়বস্তু পঢ়াই শেষ কৰাতে সীমাৱদ্ধ নাথাকে। শিক্ষকৰ দায়িত্ব হ'ল ছাত্ৰ-ছাত্ৰীক পাঠ্যক্ৰমৰ জ্ঞানৰ উপৰিও জীৱনৰ আৰু সমাজৰ জ্ঞান প্ৰদান কৰা, ভুল-শুদ্ধৰ বিচাৰ কৰিবলৈ শিকোৱা, শুদ্ধ পথ দেখুওৱা।”

১৯ আগষ্টত কৰণ ছাংৱানে ভিডিঅ’ যোগে আৰু কয় যে তেওঁ এতিয়াও ১২ আগষ্টত কোৱা তেওঁৰ বক্তব্যত অটল। তদুপৰি বিশেষ বাক্যটো তেওঁ নিজা ইউটিউব চেনেলৰ ভিডিঅ’ত হে কৈছিল, যিটো Unacademy এ তেওঁলোকৰ প্লেটফৰ্মৰ অনলাইন ক্লাছৰ পাঠদানৰ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ কৰিছে। তেওঁ এয়াও স্পষ্ট কৰি দিয়ে যে তেওঁৰ ভাইৰেল হোৱা ভিডিঅ’ ক্লিপটোত থকা 'শিক্ষিত লোক'ৰ অৰ্থ কেৱল আনুষ্ঠানিক উচ্চশিক্ষা থকা ব্যক্তিহে নহয়, বৰঞ্চ চিন্তাশক্তি, বোধশক্তি আৰু বিশ্লেষণ কৰাৰ বৌদ্ধিক ক্ষমতা থকা ব্যক্তি।

কৰণ ছাংৱানে ভাৰতীয় প্ৰমাণ আইন, ১৮৭২ অনুসৰি 'আচৰণ'ৰ সংজ্ঞা উল্লেখ কৰি কয় যে আইনী ভাষাত 'Conduct' বা 'আচৰণ' হ'ল এজন ব্যক্তিৰ প্ৰতি নিক্ষেপ কৰা কোনো মন্তব্য বা বিবৃতি, যিটো ব্যক্তিজনে গম পাইছে আৰু মন্তব্য বা বিবৃতিটো তেওঁৰ বিষয়েই দিয়া হৈছে বুলি তেওঁ স্পষ্টকৈ বুজি পাইছে। সেয়া বুজি পোৱাৰ পিছত ব্যক্তিজনে যি কৰে বা যি প্ৰতিক্ৰিয়া দেখুৱায়, সেয়া প্ৰাসংগিক।

এতেকে তেওঁৰ ভাইৰেল চুটি ভিডিঅ’টোত যিসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, ইয়াৰ পৰাই প্ৰমাণ হয় যে তেওঁ 'শিক্ষিত লোককহে ভোট দিবলৈ' জনোৱা আহ্বানটো ১৩ আৰু ১৪ আগষ্টৰ এই অপমানকাৰী, ভুৱা অভিযোগকাৰী লোকসকলে বুজি পাইছে আৰু প্ৰত্যক্ষভাৱে নিজক ইয়াৰ লগত প্ৰাসংগিক বুলি অৰ্থাৎ নিজক 'অশিক্ষিত' বুলি স্বীকাৰ কৰিছে।

শিক্ষক ছাংৱানৰ বক্তব্যৰ পৰা ৰাজনীতিৰ খেললৈ

এটা শিক্ষামূলক সাধাৰণ ভিডিঅ’ৰ এটা সাধাৰণ বাক্যক অস্ত্ৰ হিচাপে লৈ অপ্ৰয়োজনীয়ভাৱে বহল কৰি কৰি এতিয়া বিৰোধী আৰু শাসকীয় দল উভয়ে নিজৰ মাজত ৰাজনীতিৰ বোকা ছটিওৱা খেল আৰম্ভ কৰিছে। অনেকে এই বিষয়ত যুক্তিপূৰ্ণভাৱে শিক্ষক কৰণ ছাংৱানক মুকলিকৈ সমৰ্থন কৰিছে। ভাৰতীয় মুষ্টিযোদ্ধা বীৰেন্দ্ৰ সিঙে এটা টুইটত কাৰো নাম উল্লেখ নকৰাকৈ কয় যে "নিজেও নপঢ়োঁ, আনকো পঢ়িবলৈ নিদিওঁ #UninstallUnacademy"।

উল্লেখ্য যে, বিগত কিছু মাহত খুব চৰ্চিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা বিতৰ্ক। এনে পৰিপ্ৰেক্ষিতত মুখ্য বিৰোধী দল কংগ্ৰেছে "অশিক্ষিতৰ বা পঢ়া-শুনাৰ কথা ওলালেই মোদীয়ে কিয় গাত পাতি লয়" বুলি শাসকীয় বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰাও দেখা গৈছে।

অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদত্যাগ

শিক্ষক কৰণ ছাংৱানৰ লগত সংঘটিত সমগ্ৰ ঘটনাৰাজি আৰু ইয়াৰ পশ্চাদপটত চলি থকা সম্ভাব্য ৰাজনীতিৰ খেলখনৰ সমানে সমানে এতিয়া সামগ্ৰিকভাৱে দেশৰ শিক্ষাখণ্ডত চলিবলৈ আৰম্ভ কৰা ৰাজনীতিৰ খেলখনো পোহৰলৈ আহিবলৈ ধৰিছে। অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক সব্যসাচী দাসে তেওঁৰ 'পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰত গণতান্ত্ৰিক পশ্চাদপসৰণ' নামৰ গৱেষণা পত্ৰখন সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কৰ বাবে শিক্ষাখণ্ডত ৰাজনীতিৰ বিৰোধিতা কৰি পদত্যাগ কৰে। তেওঁৰ সমৰ্থনত আৰু কেইগৰাকীমান অধ্যাপকে শ্ৰেণী বাতিল কৰাৰ হুংকাৰ দিছে। কিন্তু এই সকলো 'ছিষ্টেম'ৰ মাজত যিসকলৰ জীৱন আটাইতকৈ বেয়াকৈ প্ৰভাৱিত হয়, সেই শিক্ষাৰ্থীসকল এই সকলোৰে মাজত সদায়েই আলোচনাৰ পৰা বাদ পৰি ৰোৱা পৰিলক্ষিত হৈ আহিছে।