ডিফুঃ সংস্কৃতি অবিহনে এটা জাতিৰ উন্নয়ন অসম্ভৱ৷ বাৰেবৰণীয়া লোক সংস্কৃতিৰ সমন্বয়েৰে বৰ অসম গঢ়িব পাৰি৷ কাৰ্বি পাহাৰৰ ৪৪সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত এই মন্তব্য আগবঢ়ায় কাৰ্বি কালচাৰেল ছচাইটিৰ সভাপতি চন্দ্ৰ চিং ক্ৰই৷ পিপুলচ হ’ল তাৰালাংচত  দ্বিতীয় দিনা আনুষ্ঠানিক ভাবে আৰম্ভ হোৱা ৪৪ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ থলীত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক কৃষ্টি সংস্কৃতিৰে বৰ্ণময় হৈ পৰে কাৰ্বি সাংস্কৃতিক প্ৰকল্প তাৰালাংচ৷

জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলৰ হাতে হাতে চেংপি, চেংচ', চেংবৰুক, চং আদিৰে মূৰত পহ' ৱজাৰু, আংনি,  পুৰুষৰ গাত চইক' চয়াং, তিৰুতাৰ গাত পিনি, পেকক, কঁকালত ৱামকক, দুই হাতত চংনক আদিৰে কাৰ্বি ৰিচ' নিমচ' সকলে বৰ্ণিল শোভাযাত্ৰা উলিয়াই পতাকা উত্তোলন থলীত উপস্থিত হয়৷ সাংস্কৃতিক শোভাযাৰ নেতৃত্ব প্ৰদান কৰে কেচিএছৰ সভাপতি চন্দ্ৰচিং ক্ৰই৷

ইয়াৰ পিছতেই ক্ৰমে পতাকা উত্তোলনৰ পিছত জিলাখনৰ উত্থান-পতনত প্ৰাণ আহুতি দিয়া লোকসকলৰ আত্মাৰ সদ্গতি কামনা শ্বহীদ তৰ্পন কৰা হয়৷ তাৰ পিছত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে 'হেম্ফু মুক্ৰাং ৰাচিংজা আৰণি' আৰু ৪৪ তম কাৰ্বি যুৱ মহোৎসৱৰ উদ্ধোধন কৰাৰ লগতে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে প্ৰমুখ্য কৰি পৰিষদৰ ইএম আৰু এমএচি সকলে ক্ৰমে প্ৰদৰ্শনী থলী, বিভাগীয় প্ৰদৰ্শনী, জনগোষ্ঠীয় গৃহ, বিপনী আৰু কাৰ্বি কাণফুল আকৃতিৰ প্ৰসাদ সু-উচ্চ নথেংপিৰ শুভ উদ্ধোধন কৰে৷

বিয়লি সাংস্কৃতিক প্ৰতিযোগিতাৰ ইভেন্ট সমূহ উদ্ধোধনৰ পিছত সন্ধিয়া চিং মিৰজেং আচেথাই (মঞ্চত) চাৰ চিং তেৰাঙ সাংস্কৃতিক সন্ধিয়াত নৃত্য আৰু গীত মাতৰ অপূৰ্ব সমহাৰ ঘটে৷ আনহাতে পতাকা উত্তোলন কাৰ্যসূচীত ৰাজনৈতিক ভেদাভেদ পাহৰি বিভিন্ন দল-সংগঠনৰ, ছাত্ৰ সংগঠনৰ নেতা সদস্য, সাহিত্যি সভাৰ সভাপতি-সম্পাদক জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক উপস্থিত থাকে৷