বোকাজানঃ কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচনলৈ দিন যিমানেই চমু চাপিছে পাহাৰীয়া জিলাখনত ৰাজনৈতিক দলসমূহৰ মাজত সিমানেই বৃদ্ধি পাইছে তৎপৰতা। ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানেৰে প্ৰচাৰ কাৰ্য তুংগত কৰি তুলিছে ৷

এই নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ৰিপুণ বৰাই বোকাজান, বৰজান, সৰুপথাৰ আৰু দেউপানী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে লক্ষীৰাম চয়, চন্দ্ৰ কাথাৰ, কাচাং টেৰাংপিৰ আৰু এলিছ  টেৰণপি হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বোকাজান মহকুমাত উপস্থিত হয় ৷

লক্ষীৰাম ছয় আৰু কাচাং টেৰাংপি হৈ বোকাজন ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত, চন্দ্ৰ কাথাৰৰ হৈ হিডিপিত আৰু এলিছ টেৰণপিৰ হৈ শান্তিপুৰত অনুষ্ঠিত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত বৰাই অংশগ্ৰহণ কৰে৷ সভাত অংশগ্ৰহণ কৰি বৰাই নিজ ভাষণত শাসনাধিষ্ঠিত বিজেপি দল আৰু চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে তীব্ৰ আক্ৰমণ কৰি কয় যে বিজেপি দল এটা ফাঁকিবাজৰ দল, তেওঁলোকে খাতি খোৱা ৰাইজৰ পৰিৱৰ্তে পুঁজিপতিৰ হৈ কাম কৰা দল বুলিও অভিহিত বৰাই কৰে৷

তেওঁ আৰু কয় যে যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি যদি শাসনত অধিষ্ঠিত হ'লে অসমৰ পৰা সকলো বাংলাদেশী যাব লাগিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা ঘোষণাৰ কথা উল্লেখ কৰি প্ৰশ্ন কৰে যে বিজেপি শাসনত বহাৰ পিছত এজনো বাংলাদেশী বিতাড়িত কৰিলে নে?

বিজেপিৰ কু-চক্ৰান্তৰ বাবেই পৰিষদৰ নিৰ্বাচন ১২জুনৰ পৰিৱৰ্তে ১৭জুনলৈ পিছুৱাই দিয়া হ'ল বুলি অভিযোগ কৰি গেৰুৱা দল বিজেপি আৰু চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ আজিৰ নিৰ্বাচনী প্ৰচাৰ সভাত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি তথা সাংসদ বীৰেন সিং ইংতি, প্ৰাক্তন বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুৰ্লভ চমুৱা, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ক্ৰমে গজেন্দ্ৰ উপমন্যু, দিগন্ত বৰা, সুৰেশ বৰা, ৰমন্না বৰুৱা, চেমচন সিং ইংতি, প্ৰদেশ কংগ্ৰেছৰ সদস্য দেৱকান্ত শইকীয়াৰ লগতে প্ৰাক্তন বিধায়ক ক্লেনডুন ইংতিও উপস্থিত থাকে।