খেৰণিঃ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী সদস্যৰ জল্পনা-কল্পনাৰ অন্তত এইবাৰ কাৰ্বি পাহাৰত কাৰ্যবাহী সদস্য আৰু মনোনীত প্ৰাৰ্থী বাছনিক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা৷ ইতিমধ্যে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত অনা-কাৰ্বি লোকৰ মাজৰ পৰা পৰিষদৰ মনোনীত প্ৰাৰ্থী লাভৰ বাবে বিভিন্ন জনগোষ্ঠীয়ে কুচকাৱাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে ৷

যোৱা ৪ জুলাইত পশ্চিম কাৰ্বি আংলং জিলাৰ সাতগাঁও গাৰো সাংস্কৃতিক ভৱনত কাৰ্বি আংলং গাৰো ইউনিয়নে এখন বৈঠক অনুষ্ঠিত কৰি পৰিষদৰ মনোনীত সদস্য সন্দৰ্ভত আলোচনা কৰে৷ গাৰো জনগোষ্ঠীৰ অধিকাংশ লোক ধৰ্মীয় সংখ্যালঘু হোৱাৰ লগতে পিছপৰা জনগোষ্ঠীটোৱে বিজেপিৰে সৈতে একেলগে কাম কৰি যোৱাৰ পোষকতা কৰে৷

বৈঠকত কাৰ্বি আংলং গাৰো ইউনিয়নে চৰকাৰী মনোনীত সদস্যৰ ক্ষেত্ৰত সহমতত উপনীত হ'ব নোৱাৰি ৰাইজৰ সৰ্বসন্মতি অনুসৰি নিহাৰ চাংমা, লুইছ মাৰাক, পৰিমল চাংমা, জন ডি চাংমা, হিউবাৰ্ড মাৰাক আৰু ষ্টাৰছন চাংমাৰ নাম সন্নিবিষ্ট কৰি ছয়জনীয়া তালিকা প্ৰস্তুত কৰে৷

৬ জনীয়া তালিকাত অন্তৰ্ভূক্তসকলৰ ভিতৰত যিকোনো এজনেও পৰিষদৰ মনোনীত সদস্য পদ লাভ কৰিলে গাৰো ৰাইজ, গাৰো চৰকাৰী-বেচৰকাৰী গাঁওবুঢ়া অথবা কাৰ্বি আংলং গাৰো ইউনিয়নৰ এই ক্ষেত্ৰত কোনো ওজৰ-আপত্তি নাথাকিব বুলি সিন্ধান্ত গ্ৰহণ কৰে।

আনহাতে তালিকাৰ বহিঃৰ্ভূত তথা বৈঠকত উপস্থিত নথকা চন্দ্ৰ চাংমাৰ নাম প্ৰচাৰ হৈ থকাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কাৰ্বি আংলং গাৰো ইউনিয়নে৷ চন্দ্ৰ চাংমাই চৰকাৰী মনোনীত সদস্য পদ লাভ কৰিলে গাৰো ৰাইজৰ লগতে কাৰ্বি আংলং গাৰো ইউনিয়নে তীব্ৰ বিৰোধিতা কৰিব বুলিও এক বিবৃতি যোগে জানিবলৈ দিছে।