ডিফুঃ দ্বাদশ কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত গেৰুৱা দল বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে পৰিষদ দখল কৰাৰ প্ৰায় এমাহ অতিক্ৰম কৰাৰ পিছতো আজিলৈকে এখন পূৰ্ণ পৰ্যায়ৰ স্বায়ত্ত পৰিষদ গঠন নোহোৱাত জিলাখনৰ সাধাৰণ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

যোৱা ২২ জুনত দ্বাদশ কাৰ্বি পৰিষদৰ ফলাফল ঘোষণাৰ পিছত এগৰাকী দুৰ্নীতিমুক্ত, নিকা ভাৱমূৰ্তিৰ নতুন মুখক কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পদত অধিষ্ঠিত কৰিবলৈ বিজেপিৰ তৃণমূল কৰ্মীসকলে দাবী কৰাৰ পাছতো দুৰ্নীতিত সঙোৰ খাই পৰা তুলিৰাম ৰংহাঙকে ডিফু আৱৰ্ত ভৱনত গেৰুৱা দলৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত বিজেপি সদস্যসকলে চি ই এম পদৰ বাবে সৰ্বসন্মতি ক্ৰমে মনোনীত কৰে৷

পৰিষদৰ সদস্যসকলৰ মাজত কাৰ্যবাহী সদস্য পদসহ দপ্তৰ বিতৰণ কৰাৰ দায়িত্ব মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ ওপৰত ন্যস্ত আছে৷ তৎসত্বেও আজিকোপতি সেয়া সম্ভৱ হৈ নুঠিল৷ বিভিন সংবাদ মাধ্যম, ছ'চিয়েল মেডিয়াত ই এমসহ দপ্তৰ বিতৰণৰ তালিকা ভাইৰেল হোৱাৰ পিছত সেয়া আনুষ্ঠানিক ভাৱে পূৰ্ণ পৰ্যায়ত কাৰ্যকৰী নোহোৱাত ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে৷

ইএম সকলৰ তালিকাৰ প্ৰচাৰক গাপ দি মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ লগতে একাংশ বিজয়ী সদস্যই সমষ্টিয়ে সমষ্টিয়ে বিজয়োল্লাসত ব্যস্ত হৈ পৰিছে ৷ নতুন পৰিষদখন গঠন নোহোৱাৰ ফলত জিলাখনৰ উন্নয়নমূলক কাম-কাজ স্থবিৰ হৈ পৰিছে। আনকি ইয়াৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে জিলাখনৰ ব্যৱসায়িক ক্ষেত্ৰখনতো পৰিছে ৷

জিলাখনৰ জনমতক উপেক্ষা কৰি গৰিষ্ঠ সংখ্যক বিজয়ী সদস্যৰে বিজেপি দল বিমোৰত পৰা বুলিও সচেতন মহলত চৰ্চা হৈছে৷ বিজয়ী সদস্যসকলৰ অৰ্ধেকক ই এম পদ দি বাকী সদস্যসকলৰ বিসম্বাদ অথবা দল ত্যাগৰ ৰোষত পৰিব পাৰে বুলি বিজেপিৰ উৰ্ধতন মহল শংকিত হৈয়েই এখন পূৰ্ণাংগ পৰিষদ গঠন কৰাৰ পৰা বিৰত আছে বুলি জিলাখনৰ ৰাইজৰ মাজত বু-বা চলিছে৷ পূৰ্ণ পৰ্যায়ৰ পৰিষদখন গঠন কৰি  মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে ৰাইজক দিয়া প্ৰতিশ্ৰুতি কেতিয়া  প্ৰদান কৰিব সেয়া লক্ষণীয় হৈ পৰিছে৷