ডিফুঃ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত কংগ্ৰেছে গ্ৰহণ কৰা বিভিন্ন আঁচনিক হাইজেক কৰাৰ লগতে সেইবোৰৰ নাম সলনি কৰি গেৰুৱা দল বিজেপিয়ে জন সাধাৰণৰ পৰা বাঃ বাঃ লৈছে। আজি এইদৰে বিজেপিক কটাক্ষ কৰে ডিফুত পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অহা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷

আসন্ন দ্বাদশ কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত উৎকণ্ঠা বৃদ্ধি পোৱাৰ লগতে নিজৰ দলীয় প্ৰা্থী সমূহক উৎসাহ প্ৰেৰণা আৰু জয়ী কৰাবলৈ ৰাজ্যৰ কেইবাগৰাকী হেভীৱেইট নেতাই জিলাখনত নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰাত আকৰ্ষণীয় হৈ পৰিছে দ্বাদশ কাৰ্বি পৰিষদীয় নিৰ্বাচন৷

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, বিজেপ্ৰ প্ৰভাৱশালী নেতা ডঃ হিমন্ত বিশ্ব শৰ্মা, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই জিলা খনত নিৰ্বাচনী প্ৰচাৰ চলাই যোৱাৰ পিছত আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দুদিন ধৰি নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷ আজিৰ ডিফুৰ প্ৰচাৰ সভাত ১৬ গৰাকী বিজেপি কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে৷

নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি কয় যে বিজেপি চৰকাৰে বড়োলেণ্ডক চাৰিশ কোটি টকাৰ বিশেষ পেকেজ প্ৰদান কৰাৰ বিপৰীতে দুই পাৰ্বত্য জিলা কাৰবি আংলং আৰু ডিমা হাচাওৰ প্ৰতি চৰম বৈষম্য কৰিছে৷ কংগ্ৰেছৰ দুখীয়াৰ কল্যাণ মূলক আঁচনিসমূহ বন্ধ কৰাৰ লগতে একাংশ আঁচনিৰ নাম সলাই ৰাইজৰ পৰা বাঃ বাঃ লৈছে বিজেপিয়ে৷

মিজোৰাম, নাগালেণ্ড, মেঘালয়ক যি পৰিমাণে পুঁজি আৱণ্টন দিছে সেই পৰিমাণে জনজাতীয় জিলা দুখনলৈ কেন্দ্ৰই পুঁজি প্ৰদান নকৰাটোৱে কি সূচায় বুলি প্ৰশ্ন  কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷ কংগ্ৰেছ আৰু বিভিন্ন দলৰ পৰা আমদানিকৃত নেতা ক্ৰমে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰী আৰু তুলিৰাম ৰংহাঙৰ দৰে ২ নম্বৰী বিজেপি নেতাই দুৰ্নীতিৰ পোহাৰ মেলিব বুলি কয়৷

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে জাতিৰ পিতা মহাত্মা গান্ধীক চতুৰ বেপাৰী বুলি মন্তব্য কৰা কাৰ্য গৰিহণাৰ যোগ্য আৰু বিজেপি আৰ এছ এছৰ বহতীয়া বুলি প্ৰমাণ কৰিছে বুলিও তেওঁ মন্তব্য কৰে৷ তেওঁ আৰু কয় যে, সস্তীয়া বিজ্ঞাপনৰ জৰিয়তে বিজেপি দল তিষ্ঠি আছে। অতি শীঘ্ৰে বিজেপিয়ে জনপ্ৰিয়তা হেৰুৱাব আৰু কংগ্ৰেছ পুনৰ শক্তিশালী ৰূপত প্ৰত্যাৱৰ্তন কৰিব বুলিও আশা ব্যক্ত কৰে গগৈয়ে।

কংগ্ৰেছৰ শিপা বহু গভীৰলৈ সম্প্ৰসাৰিত আৰু ইয়াক উভালি পেলোৱাতো কোনো দলৰ বাবে সম্ভৱপৰ নহয় বুলিও দাবী কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ সভাত প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থকাৰ লগতে লুম্বাজং, ধনশিৰি, সিংহাসন, আৰু লাংফেৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী চাৰি গৰাকী উপস্থিত থাকে৷