খেৰণিঃ কাৰ্বি আংলঙত পহিলা ফেব্ৰুৱাৰীৰ দিনটোত উলহ মালহেৰে কাৰ্বি নিংকান কিমী অৰ্থাৎ কাৰ্বি নৱবৰ্ষ উদযাপন কৰে ৰাইজে৷ বিভিন্ন জাতি-ধৰ্ম-বৰ্ণৰ সহযোগত জিলাখনৰ বিভিন্ন অঞ্চলত পৰম্পৰাগত কাৰ্বি সাংস্কৃতিক নৃত্য-গীত, কাৰ্বি সংস্কৃতিক খেল-ধেমালিৰ প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠানেৰে উখলমাখল পৰিবেশৰ সৃষ্টি হয়৷ কাৰ্বি নিংকান কিমী উদযাপন কৰি জিলাবাসীৰ লগতে সমগ্ৰ ৰাজ্যবাসীক কাৰ্বি নৱবৰ্ষৰ শুভেচ্ছা প্ৰেৰণ কৰে কাৰ্বি পাহাৰৰ জনসাধৰণে।

জিলাখনৰ অন্যান্য প্ৰান্তৰ লগতে বৃহত্তৰ ডংকামোকাম, জেংখা, মেনমেজি, চেংবং আৰু লাংমেপিত পৰম্পৰাগত কৃষ্টি, সংস্কৃতি, পৰম্পৰাৰে টঙিঘৰ, চাংঘৰ, তোৰণ আদিৰ নিৰ্মাণ কৰি কাৰ্বি নিংকান কিমী উদযাপন কৰে৷ ৰাখি বাপ-থালি কে-আপ, থং-নকবে কেকাত, হন-কেজেং, কেং ডং-দাং কেদাম, হাম্বি কাপাথো আদি পৰম্পৰাগত খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰে কাৰ্বি পাহাৰৰ লোকে৷

লাংমেপিত আয়োজন কৰা কাৰ্বি নিংকান কিমীৰ কাৰ্যসূচীত পুৱা লংকি হাঞ্চেয়ে পতাকা উত্তোলন কৰাৰ পিছতে সমাজ সেৱক তথা গ্ৰাম সেৱক লুঞ্চে ইংলেঙে উদযাপনস্থলিৰ মুখ্য প্ৰৱেশদ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। সমান্তৰালকৈ অস্থায়ী স্মৃতি স্তম্ভত বন্তি প্ৰজ্জ্বলন আৰু ফুলাৰ্পনেৰে প্ৰয়াত সমাজ সেৱক-সেৱিকা, বয়োজ্যেষ্ঠ ব্যক্তিৰ সুৱঁৰণিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে খেল-ধেমালিৰো আনুষ্ঠানিক শুভাৰম্ভ কৰে লাংমেপিৰ উদ্যোক্তাই।

দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা নৃত্য-গীত আৰু খেল-ধেমালিৰ অন্তত মুকলি সভা অনুষ্ঠিত হয়৷ মুকলি সভাত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকি ৰাজ্যবাসীক কাৰ্বি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি সর্বাংগীন উন্নয়নমূলক কামকাজৰ প্ৰতিশ্ৰুতি দিয়ে ৰংহাঙে। আগন্তুক বৰ্ষৰ ভিতৰত জৰাজীৰ্ণ খেৰণি-জেৰিকীণ্ডিং পথ সুচল কৰি ৰাইজৰ সমস্যা দূৰ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷

ইতিমধ্যে চলি থকা মেৰামতিৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ লাংমেপিত এটি মুকলি মঞ্চ নিৰ্মাণৰ ঘোষণা কৰে ৰংহাঙে। অনুষ্ঠানত ৰংহাঙৰ লগতে কাৰ্বি পৰিষদীয় সদস্য মংগলছিং তিমুং, লুনছিং টেৰণ, ৰামছিং তিমুং, পৱন ৰয়, ৰিণা তেৰাংপিৰ উপৰিও অন্যান্য বিশিষ্টলোক উপস্থিত থাকে।

কাৰ্বি নিংকান কিমী অৰ্থাৎ কাৰ্বি নৱবৰ্ষৰ দিনটোতে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পশ্চিম কাৰ্বি আংলঙৰ তথা কাৰ্বি পৰিষদৰ পৰিষদীয় বিথুং-ৰেংথেমা, হামৰেণ সমষ্টিৰ ডংকামোকামত নিৰ্মাণ কৰা বিদ্যালয় গৃহ, গড়কাপ্তানী পথ-ৰাম ৰংপি গাঁও সংযোগী পেভাৰচ পথৰ শুভ মুকলি কৰে৷ ৰাংচিনা মহাবিদ্যালয়ত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে ৰূপায়ণ কৰা আঁচনিৰ আধাৰশিলা স্থাপন কৰে।