ডিফুঃ যোৱা ১৫ ফেব্ৰুৱাৰীৰ ৫দিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলং জিলাৰ তাৰালাংচত অনুষ্ঠিত হোৱা ৪৪ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ সোমাবাৰে নিশা সফল সামৰণি পৰে৷ প্ৰায় লক্ষাধিক দৰ্শকেৰে সোমবাৰে পুৱা চাৰি বজালৈকে লোকাৰণ্য হৈ পৰে কাৰ্বি আংলং লোক কৃষ্টি-সংস্কৃতিৰ সাধনাস্থলী মায়াময় তাৰালাংচ৷ জিলাখনৰ কাৰ্বি কালচাৰেল ছ'চাইটিৰ ২৪টা জ'নেল সমিতিৰ উপৰিও তেজপুৰ, মেঘালয় আৰু থাইলেণ্ডৰ শিল্পীসকলে চাৰিটাকৈ বিশাল মুকলি মঞ্চত প্ৰতিদিনেই নৃত্য-গীত পৰিবেশন কৰি দৰ্শকক আপ্লুত কৰে৷

সহস্ৰাধিক যুৱক-যুৱতী শিল্পীয়ে মুকলি আকাশৰ তলত এক মেলামুখী পৰিবেশৰ মাজত পৰাম্পৰাগত জাতীয় নৃত্যৰে ৫টা দিন ধৰি উখাল-মাখল পৰিবেশৰ সৃষ্টি হয়৷ ৪৪ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ সোমবাৰে কাৰ্বি যুৱক-যুৱতীৰ নৃত্য ছন্দৰেই যৱনিকা পৰে৷ ৮২৭ বিঘা মাটি কালিৰ সমগ্ৰ তাৰালাংচত গঢ়ি উঠা বিভিন্ন  জনগোষ্ঠীয় গৃহ সমূহত জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ সোৱাদ লোৱাৰ লগতে কাৰ্বি, ডিমাচা, গাৰ' ৰাভা, গোৰ্খা, ৰেংমা নগা, তাই আহোম, পাইতে আদি জনগোষ্ঠীয় লোকৰ জীৱন প্ৰণালীৰ লগত পৰিচিত হয়৷

যুৱ মহোৎসৱৰ আৰম্ভণিৰ দিনটোৰ পৰাই তাৰালাংচৰ চৌদিশে শৃংখলাবদ্ধ ভাবে সজাই তোলা প্ৰদৰ্শনী, গ্ৰন্থ বিপনী, আত্মসহায়ক গোটৰ মেলাস্থলী, কুটীৰশিল্প, ভোজমেলা যুৱক-যুৱতীসকলৰ নৃত্যগীতে দৰ্শকসকলক ৫টা দিন আত্ম বিভোৰ কৰি ৰাখে৷

অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ উদ্যোগত ডিফুৰ পৰা তাৰালাংচলৈ মাৰাথান দৌৰ, দিনটো বিভিন মঞ্চত নৃত্য, ক্ৰীড়া, চুটি গল্প লিখন আৰু সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া চিং মিৰজেং আচেতাই (মঞ্চত) ৪৪ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ ক্ৰমে সভাপতি-সম্পাদক আৰু সদস্যসকলক কেচিএছৰ দ্বাৰা সম্বৰ্ধনা, চেমচনচিং আচেতাইত এনজিঅ জাকবে আচংৰ দ্বাৰা প্ৰযোজিত মিচ্ কেৱাইএফ প্ৰতিযোগিতা আৰু শেষত চিং মিৰজেঙ আচেতাইত সামৰণি কাৰ্যসূচীৰ অংশ স্বৰূপে ৰাংচিনা চাৰপ' কালচাৰে নাইটৰ শুভ উদ্ধোধন কৰে কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷

সামৰণি অনুষ্ঠান ডিফু আৰু বৈঠালাংচ বিধান সভা সমষ্টিৰ বিধায়ক চুম ৰংহাঙ আৰু ডঃ মানচিং ৰংপি, কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেণচিং বে, পৰিষদৰ সকলো ইএম আৰু এমএচি সকল উপস্থিত থাকি বিজয়ীসকলক পুৰষ্কাৰ বিতৰণ কৰে৷ চিইএম তুলিৰাম ৰংহাঙে কাৰ্বি পিপুলচ হল তাৰালাংচত কাৰ্বি লোক কৃষ্টি আৰু সংস্কৃতিৰ বিকাশৰ বাবে একাধিক আঁচনি ঘোষণা কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷

আঁচনি সমূহ ক্ৰমে ঘাই পথৰ তাৰালাংচলৈ যোৱা পথ ডিভাইডৰ সহ চাৰিলেন যুক্ত কৰাৰ লগতে সমগ্ৰ পথ চোৱা়ত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰণ, জনগোষ্ঠীয় গাঁও সমূহ স্থায়ীকৰণ, ২৬টা পৰিষদীয় সমষ্টিৰ এমএচিৰ উন্নয়ণপূঁজীৰ অধীনত তাৰালাংচত জনগোষ্ঠীয় শিল্পগ্ৰামৰ নিৰ্মাণ, মঞ্চ সমূহত পুনৰ নিৰ্মাণ সমগ্ৰ তাৰালাংত সৌৰ চাকিৰ ব্যৱস্থাকৰণ আদি৷ আনহাতে চাৰিটাকৈ ড্ৰ'ণেৰে সমগ্ৰ তাৰালাংচৰ সাংস্কৃতিক কাৰ্যসূচী আৰম্ভণিৰ নিৰিক্ষণ আৰু বৃহৎ স্ক্ৰীণত লাইভ টেলিকাষ্টে ৪৪ সংখ্যক কাৰ্বি যুৱ মহোৎসৱে এক বিশেষ মৰ্যদা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে বিশ্ব দৰবাৰত সাংস্কৃতিক সমন্বয় বাৰ্তা বহন কৰিব বুলি সচেতন মহলে মত পোষণ কৰিছে৷