ডিফুঃ কাৰ্বি আংলং স্পটছ এছ’চিয়েছন, চমুকৈ ‘কাছা’ খেলপথাৰত অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ'ব ডিফু মৰ্ণিং ষ্টাৰ ফুটবল ক্লাব আৰু বাংলাদেশ আছাদুজ্জামান ফুটবল ক্লাবৰ মাজত এখনি প্ৰীতি আৰু অনুশীলনমূলক ফুটবল খেল৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই খেলৰ বিষয়ে ডংকামোকামত পূৰ্বেই ঘোষণা কৰিছিল৷ সেইমৰ্মে তুলিৰাম ৰংহাঙে ই এম, এম এ চি, সচিব আৰু ‘কাছা’ৰ সাধাৰণ সম্পাদক আৰু সদস্যসকলক লৈ ‘কাছা’ খেলপথাৰ দৈনিক পৰ্যবেক্ষণৰ লগতে ৮ নৱেম্বৰৰ খেলৰ বাবে যুদ্ধগতিত প্ৰস্তুতি চলাইছে৷ আজি এই সন্দৰ্ভত সংশ্লিষ্টসকলৰ আজি এক সভা অনুষ্ঠিত হয়৷ ডিফু মৰ্ণিং ষ্টাৰ ফুটবল ক্লাব আৰু বাংলাদেশ আছাদুজ্জামান ফুটবল ক্লাবৰ মাজত ৮ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ফুটবল খেলখন সন্ধিয়া ৫ বজাৰপৰা ফ্লাড লাইটৰ মাজত খেলোৱা, ৩১ অক্টোবৰত গ্ৰাউণ্ড টেষ্ট কৰা আৰু ২০১৯ চনৰ ফেব্ৰুৱাৰীত চি ই এম গ'ল্ড কাপ ডিফু কাছা ষ্টেডিয়াম আৰু ডংকামোকামৰ ৱাইচং খেলপথাৰৰ ষ্টেডিয়ামত খেলোৱাৰ সিদ্ধান্ত লোৱা হয়৷ আনহাতে কাছাৰ এক শীৰ্ষ সূত্ৰৰপৰা জানিব পৰা মতে, ‘কাছা’ ষ্টেডিয়ামত প্ৰায় ১০,০০০ দৰ্শকে খেল চাব পৰাৰ সুবিধা আছে৷ টিকটৰ হাৰ অপেন গেলেৰীত সাধাৰণ দৰ্শনাৰ্থীৰ বাবে ১০০ টকা, ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০ টকা আৰু আসনত দুজনৰ বাবে ১,০০০ টকাকৈ ধাৰ্য কৰা হৈছে৷
আমাৰ লক্ষ্য 'News Next One’ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch।