কাজিৰঙাঃ সময়ে সময়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যপ্ৰাণীৰ হত্যাকাণ্ড সংঘটিত হৈ আহিছে৷ বন্যপ্ৰাণীৰ হত্যাকাণ্ড সংঘটিত হলে ৰাজ্যৰ দল-সংগঠনে তথা সংবাদমাধ্যমে বন বিভাগক বিফল বুলি সমালোচনা কৰে যদিও বন বিভাগৰ লোকসকলে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ নোহোৱাকৈয়ে দায়িত্ব পালন কৰিব লগা হয়৷

নিজৰ জীৱনটোক তুচ্ছ জ্ঞান কৰি বন বিভাগৰ লোকসকলে পুৰণিকলীয়া অস্ত্ৰৰে দায়িত্ব পালন কৰিব লগা হয়৷

বছৰ বছৰ ধৰি তেনেদৰে দায়িত্ব পালন কৰি অহা বন কৰ্মীসকলক শেহতীয়াকৈ অগপ, বিজেপি বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰ প্ৰদান কৰিব অত্যাধুনিক অস্ত্ৰ৷

বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ভোট লৈ চৰকাৰ গঠন কৰা চৰকাৰ খনৰ কাৰ্যকালত কেইটামান দিনৰ মূৰে মূৰে গঁড় আৰু হাতীৰ মৃত্যু হৈ আহিছে৷ বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰি খৰ্গ কাটি নিয়ে যদিও চৰকাৰৰ বিৰুদ্ধে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল৷

কাজিৰঙাৰ গঁড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ থকাৰ সময়তে বন কৰ্মচাৰীক ৰাজ্য চৰকাৰে প্ৰদান কৰিব অত্যাধুনীক অস্ত্ৰ-শস্ত্ৰ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেওবাৰে অস্ত্ৰ সমূহ বন বিভাগৰ লোকক প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ বনকৰ্মীক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে বিভিন্ন মাৰণাস্ত্ৰ৷ মুঠ ১৩৮১টা বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰ প্ৰদান কৰা হয় এটি বিশেষ অনুষ্ঠানত৷

SLR ৯৫৪টা, INSAS ২৭২টা, 9mm Pistol ২oটা আৰু 12 bore pump action Gun ১৩১টা বিতৰণ কৰিব বিভিন্ন বন কৰ্মীৰ মাজত৷

যিটো সময়ত চোৰাং চিকাৰীৰ হাতত এছএলআৰৰ দৰে অস্ত্ৰ থাকে সেই সময়ত বন বিভাগৰ লোকে থ্ৰি-নট-থ্ৰি ৰাইফলেৰে চোৰাং চিকাৰীক ৰোধ কৰিবলৈ পহৰা দিব লগা হয়৷ এতিয়াৰ পৰা কাজিৰঙাৰ বন কৰ্মীয়ে আধুনীক অস্ত্ৰৰে চোৰাং চিকাৰীৰ মুখামুখি হ’ব পাৰিব৷

তামিলনাডুৰ তিৰুচাৰপল্লীৰ অস্ত্ৰসমূহ কিনি অনা হৈছে বুলি জানিব পৰা গৈছে৷ ইয়াৰ উপৰি ৯১টা ঘাতক মাৰণাস্ত্ৰ দুই এদিনতে ৰাজ্য চৰকাৰে প্ৰদান কৰিব বন বিভাগক৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বনমন্ত্ৰী প্ৰমিলা ৰাণী বহ্ম, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই দেওবাৰে বন বিভাগে অনুষ্ঠিত কৰা অস্ত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকি অত্যাধুনিক মাৰাণাস্ত্ৰ সমূহ বিতৰণ কৰে৷