খাৰুপেটীয়াঃ লোকসভা নিৰ্বাচনৰ দলীয় প্ৰচাৰ তুংগত। ৮ নং মংগলদৈ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া বৃহস্পতিবাৰে দলগাঁও বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে৷ 

সমষ্টিটোৰ খাৰুপেটীয়া তেৰাপন্থ ভৱনত অনুষ্টিত এখনি নিৰ্বাচনী সভাত সহস্ৰাধিক কৰ্মী সমৰ্থকৰ মাজত কংগ্ৰেছত তীব্ৰ সমালোচনা কৰি তেওঁ কয়, কংগ্ৰেছ দলক উৎখাত কৰি বিজেপিক ভোট দি আকৌ এবাৰ নৰেন্দ্ৰ মোডীক ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ ৰাইজক আহ্বান জনায়৷ 

খাৰুপেটীয়াত বিপুলভাৱে আদৰণি জনোৱা দিলীপ শইকীয়াই ইয়াৰ পূৰ্বে খাৰুপেটীয়া হনুমান মন্দিৰলৈ গৈ ভগৱানৰ আশিস কামনা কৰে৷ বিজেপি প্ৰাৰ্থীগৰাকীৰ সৈতে মংগলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ,  জিলা সভানেত্ৰী নীলিমা দেৱী, সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক তবিবৰ ৰহমান, জিলা মৰ্চাৰ সাধাৰণ সম্পাদক দুলিচান্দ লুনাৱত, খাৰুপেটীয়া পৌৰসভাৰ সভানেত্ৰী কৃষ্ণা সাহা, উপসভাপতি গণেশ ঘোষ আৰু আন বহুতো বিজেপিৰ নেতৃবৃন্দই দলগাঁও সমষ্টিৰ শ্যামপুৰ, দলগাঁও, কৌপাটি, শিলবৰী আদি বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে।