♦ মুস্তাফিজুৰ ৰহমানৰ পৰৱৰ্তী লক্ষ্য স্বয়ংক্ৰিয় মটৰ উদ্ভাৱন

খাৰুপেটীয়াঃ বিজুলী চালিত যন্ত্ৰ চলাবলৈ বা বন্ধ কৰিবলৈ আপুনি ছুইটছ অফ-অন কৰিবলৈ আমনি পায় নেকি?

এতিয়া আৰু সেই চিন্তা কৰাৰ প্ৰয়োজন নাই। কিয়নো আপোনাৰ সেই আমনি লগা কাৰ্যৰ অন্ত পেলাবলৈ আৱিষ্কাৰ কৰা হৈছে এক ডিজিটেল মাধ্যম।

এতিয়া ফেন, বাল্ব আদিৰ ছুইটচ অফ-অন কৰিবলৈ বিছনাৰপৰা উঠি যোৱাৰ প্ৰয়োজন নাই। মোবাইল এপ্লিকেচনৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব সকলো বিদ্যুত চালিত যন্ত্ৰ।

গুৱাহাটী জি এম টিত অধ্যয়ণৰত বি চি এ-ৰ ছাত্ৰ তথা দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত উলুবাৰী গাঁৱৰ মেধাৱী যুৱক মুস্তাফিজুৰ ৰহমানে আৱিষ্কাৰ কৰি উলিয়াইছে এক বিশেষ যন্ত্ৰ।

গুগল প্লে ষ্টোৰত উপলব্ধ মাই ডিজিটেল হোম নামৰ এপ্লিকেচনৰদ্বাৰা নিয়ন্ত্ৰণ কৰিব পৰাকৈ আৱিষ্কৃত মাইক্ৰ কন্ট্ৰলাৰ যন্ত্ৰৰ জৰিয়তে সকলো বিদ্যুত চালিত যন্ত্ৰ অফ-অন কৰিব পাৰিব।

উক্ত সজুলিটো (এ আৰ ডি ইউ এন আই অ') 'মাই ডিজিটেল হোম' নামৰ এপৰ লগত ব্লু-টুথ সংযোগ কৰিলেই প্ৰায় তিনিশ মিটাৰ দূৰৰপৰাই অফ-অন কৰিব পাৰা যায় বিদ্যুত চালিত যন্ত্ৰসমূহ।

উক্ত চমৎকাৰী আৱিষ্কাৰৰ খবৰ পাই সাংবাদিকৰ এটা দল যুৱকজনৰ ঘৰত উপস্থিত হৈ সবিশেষ তথ্য লাভ কৰিবলৈ সক্ষম হয়।

উক্ত যন্ত্ৰটোত আছে মাইক্ৰ কন্ট্ৰ'লাৰ, ৪ টা চেনেল ৰিলে, এ আৰ ডি ইউ এন আই অ', ব্লু-টুথ মড্যুল আৰু ৫ ভল্টৰ এটা চাৰ্জাৰ।

প্ৰায় ডেৰ মাহ সময়ৰ চেষ্টাৰ অন্তত আৱিষ্কাৰ কৰা যন্ত্ৰটোৰ নিৰ্মান ব্যয় দুহেজাৰ টকা বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে।

যন্ত্ৰটো আৱিষ্কাৰ কৰি অত্যন্ত সুখী যুৱকজন। অনাগত দিনত ডিজিটেল ৱাটাৰ টেংক আৱিষ্কাৰ কৰিবলৈ মন মেলিছে মুস্তাফিজুৰে। টেংকি খালী হ'লে স্বয়ংক্ৰিয়ভাৱে মটৰ চালি টেংকটো পানীৰে পৰিপূৰ্ণ হোৱাৰ লগে লগেই আকৌ আপোনা আপুনি মটৰ বন্ধ হৈ যাব।

পানীৰ অপচয় ৰোধ কৰিবলৈকে এনে চিন্তা কৰা বুলি জানিবলৈ দিয়ে যুৱকজনে।