খেৰণিঃ সমগ্ৰ ৰাজ্যতে এতিয়া সমাগত লোকসভা নিৰ্বাচনক লৈ ব্যাপক তৎপতাৰে চলিছে। কংগ্ৰেছেই হওক অথবা বিজেপিয়েই হওক, লক্ষ্য মাথো এটাই, নিৰ্বাচনত কেৱল জয়ী হোৱাটো।

অসমৰ চৈধ্যটা লোকসভা সমষ্টিৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ লোকসভা সমষ্টি হৈছে সংৰক্ষিত ডিফু (জনজাতি) লোকসভা সমষ্টি। তিনিখনকৈ পাহাৰীয়া জিলা ক্ৰমে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওক সামৰি ৰখা হৈছে উল্লেখিত সমষ্টিটোৱে।

উল্লেখযোগ্য যে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে উক্ত সমষ্টিটোৰপৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে বীৰেনছিং ইংতিক কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে একালৰ সশস্ত্ৰ সংগ্ৰামী নেতা হৰেনছিং বে’ক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বিজেপিয়ে।

নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্যৰে এফালে একালৰ সশস্ত্ৰ সংগ্ৰামী নেতা তথা বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে’য়ে যদি নিৰ্বাচনৰ নিৰ্বাচনী ৰণশিঙা বজাইছে আনফালে আকৌ পাহাৰীয়া জিলাকেইখনৰ ৰাইজৰ মাজত ঘোৰ নিদ্ৰাত লালকাল হৈ থকা সাংসদ হিচাপে পৰিচিত হৈ অহা বীৰেনছিং ইংতিয়েও নিৰ্বাচনী ৰণ দুন্দুভি বজাই নিৰ্বাচনত জয়ী হোৱাৰ অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে।

উল্লেখ্য যে দুই প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ দাখিলৰ পাছতেই মঙলবাৰে বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে’য়ে ব্যাপক তৎপৰতাৰে ডিমা হাছাওত চলালে লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। মন কৰিবলগীয়া কথা যে আজি ডিমা হাছাওৰ দিয়ুংব্ৰাত আয়োজন কৰা নিৰ্বাচনী জনসভা সম্বোধন কৰি বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে’য়ে কয় যে ১৯ নং ডিফু (জনজাতি) লোকসভা সমষ্টিটোত কংগ্ৰেছৰ সাংসদ থকা সত্ত্বেও পাৰ্বত্য জিলাকেইখনলৈ সহমৰ্মিতা থকাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিজেপিৰ আমোলত বিশেষ গুৰুত্ব দি পাহাৰীয়া জিলাকেইখনত উন্নয়ণ সাধন কৰিছে আৰু অনাগত দিনতো কৰি যাব। 

গতিকে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ অৰ্থাৎ মোৰ মুখমণ্ডল অথবা চেহেৰা নাচাই, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাম, পাহাৰীয়া জিলাকেইখনৰ প্ৰতি দিয়া গুৰুত্ব, দায়বদ্ধতা আদিৰ প্ৰতি লক্ষ্য কৰি বিজেপিৰ প্ৰাৰ্থীক ৰাইজে নিজৰ মূল্যৱান ভোট দি বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ আহ্বান জনায় প্ৰাৰ্থী হৰেনছিং বে'য়ে। 

লগতে কংগ্ৰেছ দল আৰু নেতৃত্বক ক্ষুৰধাৰ সোমালোচনা কৰি হৰেনছিংয়ে এই বুলিও কয় যে কংগ্ৰেছৰ আমোলত পাৰ্বত্য জিলা তিনিখনত বিৰেণছিং ইংতি সাংসদ হৈ থকা কালছোৱাত উন্নয়ণ একপ্ৰকাৰ স্থবিৰ হৈ পৰিছিল। কিন্তু বিজেপিয়ে পুনৰ জিলা তিনিখনত উন্নয়ণৰ ধাৰা প্ৰৱাহিত আৰু ক্ষিপ্ৰতাৰে উন্নয়ন সাধন কৰিছে।

অনাগত দিনত সাংসদ হিচাপে তেওঁ জয়ী হ’ব পাৰিলে সাংসদ পুঁজিৰ ৪০ শতাংশ ধন তেওঁ ডিমা হাছাও জিলাৰ নামত ব্যয় কৰিব বুলি উপস্থিত সহস্ৰাধিক জনতাক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে আজিৰ আয়োজিত জনসভাত ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰলোছা, বিধায়ক বি বি হাগজিৰ, ২০ নম্বৰ বৈঠালাংছ’ বিধানসভা সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপি, প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেং, ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য দেৱজিৎ বাথাৰি, পৰিষদীয় সদস্য ক্ৰমে নৱজিৎ হোজাই, মঞ্জিত নাইডিং উপস্থিত থাকে।