খেৰণিঃ সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো তীব্ৰ গতিত বলিছে নিৰ্বাচনী গৰম বতাহ। অন্যান্য ৰাজনৈতিক দলৰ সমান্তৰালকৈ বিজেপিয়েও জিলাখনৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰাকৈ তীব্রতৰভাৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান।

এফালে যদি উন্নয়ন আৰু বিকাশৰ গতি আৰু ধাৰাক লৈ বিজেপিয়ে পৰিৱৰ্তনৰ দাবী তুলিছে, আনফালে আকৌ কংগ্ৰেছে ক্ষুৰধাৰ সমালোচনা কৰি বিজেপি চৰকাৰখনক জগৰীয়া কৰিছে। এনেদৰেই এতিয়া সমগ্ৰ পাহাৰীয়া জিলাখনৰ পাহাৰে-ভৈয়ামে কংগ্ৰেছ-বিজেপিৰ আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে চলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান।

প্ৰচাৰ অভিযানৰ অংশ হিচাপে মঙলবাৰে পশ্চিম কাৰ্বি আংলঙৰ অতি স্পৰ্শকাতৰ কাৰ্বি পৰিষদীয় হামৰেন সমষ্টিত পৰিলক্ষিত হ’ল বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। উল্লেখযোগ্য যে আজি উক্ত সমষ্টিটোৰ ফংজাংৰে আৰু ডেৰা-আৰলকত ব্যাপক আয়োজনেৰে হামৰেন বিজেপিয়ে অনুষ্ঠিত কৰে নিৰ্বাচনী প্ৰচাৰ সভা।

সভাত উপস্থিত থাকে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙৰ বিপৰীতে, বিজেপিৰ নিয়োজিত পৰ্যবেক্ষক, হামৰেন সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ’, প্ৰাক্তন অধ্যক্ষ বীৰেন তিচ্ছ’, পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ কাৰ্যালয় সম্পাদক হাৰমন বে, হাৰলংচৰা বহুমুখী সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, বিজেপি নেতা মংগল বে, আৰচন ৰংহাং, লংছিং ৰংফাৰ, বিজেপি মহিলা নেতৃবৃন্দৰ লগতে কেবাশতাধিক পুৰুষ-মহিলা উপস্থিত থাকে।

সভাত উপস্থিত ৰাইজক সম্বোধন কৰি কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে কয় যে কংগ্ৰেছ চৰকাৰৰ সম্পূৰ্ণ বিপৰীত মেৰুত গতি কৰি বিজেপি চৰকাৰে দেশৰ লগতে কাৰ্বি আংলঙত দ্ৰুত গতিত উন্নয়ন আৰু বিকাশ সাধন কৰিছে। গতিকে ৰাইজৰ কল্যাণ সাধন কৰা চৰকাৰখনক আমি সদায় সহায় সহযোগ কৰি আৰু এখোজ আগলৈ যোৱাৰ চেষ্টা কৰিব লাগিব বুলি মন্তব্য কৰে তিমুঙে। 

কংগ্ৰেছ চৰকাৰৰ দিনত যিবোৰ আঁচনিয়ে দুৰ্গম, স্পৰ্শকাতৰ অঞ্চলবোৰক ঢুকি পোৱা নাছিল, সেইবোৰ আঁচনি এতিয়া বিজেপি চৰকাৰৰ দিনত চুকে-কোণে, পাহাৰে-কন্দৰে ৰূপায়িত হৈছে আৰু হৈ গৈ থাকিব বুলি উল্লেখ কৰে মংগলছিং তিমুঙে। লগতে উচ্চস্বৰে তেওঁ এই বুলিও কয় যে অন্ধকাৰ নহয়, বিজেপি চৰকাৰ থাকিলে পাহাৰতো পৰিৱৰ্তনৰ বাস্তৱ ছবি দেখিবলৈ পাব পাহাৰীয়া ৰাইজে। 

এনেবোৰ বাক্যবাণৰ পাছতেই তেওঁ ডিফু লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী হৰেনছিং বে'ক ভোট দান দি বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ আহ্বান জনায় উপস্থিত ৰাইজক তিমুঙে।

ঠিক একেদৰে আজি আসন্ন লোকসভা নিৰ্বাচনক লক্ষ্য কৰি ডংকামোকামতো আয়োজন হয় পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ জিলা সমিতিৰ এখন যুটীয়া বৰ্ধিত সভা। সভাত উপস্থিত থকা দলীয় নেতা কৰ্মীৰ আলোচনা পৰ্যালোচনাৰ মাজেৰে চলে  দলটোৰ নিৰ্বাচনী কুচকাৱজ। প্ৰস্তুত কৰে বিজেপিৰ প্ৰাৰ্থীক পৰাজিত কৰি কংগ্ৰেছ প্ৰাৰ্থী বীৰেনছিং ইংতিক জয়ী কৰি অনাৰ ৰণকৌশল।