খেৰণিঃ সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙতো ক্রমান্নয়ে তীব্ৰ গতিত বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা।

নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্যৰে ৰাজনৈতিক দলসমূহে ইটোৰ পাছত সিটো দলে সমানে সমান্তৰালকৈ কাৰ্বি পাহাৰৰ বিভিন্ন স্থানত ব্যাপকভাৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান। এফালে যদি ৰাইজৰ মনৰপৰা বিজেপিক প্ৰত্যাখ্যান কৰোৱাৰ বাবে কংগ্ৰেছে কৌশল ৰচিছে, আনফালে আকৌ শাসনাধিষ্ঠ বিজেপিয়ে নিজৰ দলত বিৰোধীৰ নেতাকৰ্মীক যোগদান কৰোৱাই নিজৰ শক্তি প্ৰদৰ্শন কৰিছে।

ইয়াৰেই অংশ হিচাপে পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি সাৰ্থে ক্ৰামছাৰ নেতৃত্বত ডংকামোকামত আয়োজন কৰিলে এখনি কংগ্ৰেছৰ বৰ্ধিত দলীয় সভা। কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি সাৰ্থে ক্ৰামছাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অংশ লয় পশ্চিম কাৰ্বি আংলং যুৱ কংগ্ৰেছৰ সভাপতি আগষ্টিন ইংহিৰ বিপৰিতে পশ্চিম কাৰ্বি আংলং মহিলা কংগ্ৰেছৰ সভানেত্ৰী বিমলা তিমুংপি, প্ৰাক্তন কাৰ্যবাহী সদস্য ছিং টেৰণ, বাজং তিচ্ছ', এলিছ' ইংতিপিৰ লগতে অন্যান্য কংগ্ৰেছ নেতা কৰ্মীয়ে।

সভাত উপস্থিত নেতা-কৰ্মীক উদ্দেশ্যি কংগ্ৰেছ জিলা সমিতিৰ লগতে তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ নেতা কৰ্মীয়ে এক শক্তিশালী মনোভাবেৰে আগন্তুক লোকসভা নিৰ্বাচনত বিপুল ভোটত কংগ্ৰেছ দলক জয়ী কৰাৰ বাবে কাম কৰিব লাগিব বুলি কয় সভাপতি সাৰ্থে ক্ৰামছা আৰু আগষ্টিন ইংহিয়ে।

এনেদৰে বিভিন্ন আলোচনা-পৰ্যালোচনাৰ মাজেৰে প্ৰাক্তন কাৰ্যবাহী সদস্য ছিং টেৰণ, বাজং তিচ্ছ', এলিছ' ইংতিপিয়ে ভাষণ প্ৰসংগত প্ৰকাশ কৰে যে বিজেপিৰ প্ৰতি ৰাইজৰ মোহভংগ হ’বলৈ ধৰিছে। কংগ্ৰেছ চৰকাৰৰ দিনত যি উন্নয়নমূলক কামকাজ হৈছিল তাৰ তুলনাত বিজেপিয়ে একো কৰিব পৰা নাই বুলি দাবী কৰে নেতা-নেত্ৰীবৃন্দই।

ইপিনে আজি পশ্চিম কাৰ্বি আংলঙৰ তথা কাৰ্বি পৰিষদীয় হামৰেন সমষ্টিৰ দেউৰী তিনিআলি আৰু জেংখাৰ গাৰো গাঁৱত দুখনকৈ  নিৰ্বাচনী জনসভাৰ আয়োজন কৰে হামৰেন বিজেপিয়ে। উল্লেখযোগ্য যে জনসভাত অংশগ্ৰহণ কৰা জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে কংগ্ৰেছ নেতাবৰ্গ আৰু তদানীন্তন কংগ্ৰেছ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰাৰ বিপৰীতে বিজেপিয়ে কৰা সব কা সাথ, সব কা বিকাশৰ কথা উল্লেখ কৰে। 

বিজেপিয়ে ক্ষিপ্ৰ গতিৰে কৰা বিকাশৰ যি ধাৰা তাক অটুত ৰাখিবলৈ বিজেপিৰ উদীয়মান, মানসিক শক্তিসম্পন্ন, মননশীল চিন্তাচৰ্চা কৰা প্ৰাৰ্থী হৰেনছিং বে'ক ভোটদান কৰি বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ আহ্বান জনায় তিমুঙে।

গুৰুত্বপূৰ্ণ যে দুটাকৈ স্থানত অনুষ্ঠিত কৰা জনসভাত সমষ্টিটোৰ প্ৰায় ৩০ ৰো অধিক পৰিয়ালে কংগ্ৰেছ, এএছডিচি, অগপ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। এনেদৰেই এতিয়া সমগ্ৰ কাৰ্বি পাহাৰতে নিৰ্বাচনক লৈ সমুখ সমৰত থিয় দিয়া পৰিলক্ষিত হৈছে।