খেৰণিঃ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগা ডিফু লোকসভা সমষ্টিৰ ভোটগ্ৰহণলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাতে তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান সমগ্ৰ কাৰ্বি পাহাৰত।

গৰম হৈছে নিৰ্বাচনী বতাহ, কি বিজেপি কি কংগ্ৰেছ সকলো এতিয়া ব্যস্ত বোকা ছটিওৱা ৰাজনীতিত। উল্লেখযোগ্য যে কংগ্ৰেছ নেতৃত্বই যদি বিজেপি দল অথবা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, সভাপতি অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱাল, ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক তীব্ৰ ভাষাৰে কঠোৰ সমালোচনা কৰি ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে, আনফালে আকৌ বিজেপিয়ে ধাৰাবাহিকভাৱে নিজৰ দলত যোগদানৰ জোৱাৰ তুলি কংগ্ৰেছৰ দুৰ্গত স্খলন ঘটাইছে।

মুঠতে বোকা ছটিওৱাৰ ৰাজনীতিৰে প্ৰতিটো দলেই ভোটাৰ ৰাইজৰ সন্মুখত নিষ্কলুষ হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে আৰু দল বাগৰাৰ ৰাজনীতিৰ বীজ সিঁচিছে। 

মন কৰিবলগীয়া যে সমাগত ডিফু লোকসভা নিৰ্বাচনক লৈ বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে'ৰ হৈ কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে কাৰ্বি পৰিষদীয় হামৰেন সমষ্টিত বিজেপিৰ জয়ী নিশ্চিত কৰাৰ আপ্ৰাণ চেষ্টা কৰাৰ লগতে পৰিষদীয় গৃহ সমষ্টিত ইখনৰ পাছত সিখনকৈ নিৰ্বাচনী জনসভাৰ আয়োজন কৰি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।

আজিও সমষ্টিটোৰ অন্তৰ্গত কলঙা আৰু ছেৰলংচৰত আয়োজন কৰা সভাত কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে অংশগ্ৰহণ কৰি কংগ্ৰেছ এটা প্ৰৱঞ্চকৰ দল আৰু কংগ্ৰেছে সদায় বিভাজনৰ ৰাজনীতি কৰে। কিন্তু বিজেপিয়ে বিভাজনৰ বিপৰীতে উন্নয়ন-বিকাশৰ ৰাজনীতি কৰে বুলি মন্তব্য কৰে। 

লগতে উপস্থিত ৰাইজক নিৰ্বাচনক লক্ষ্য কৰি কোনো ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা নাই যদিও বিগত সময়ত বিজেপি চৰকাৰে প্ৰদান কৰা স্বাস্থ্য আঁচনি, কল্যাণমূলক আঁচনি, দাৰিদ্ৰ পৰিয়ালৰ বিপৰীতে গ্ৰহণ আৰু প্ৰদান কৰা আঁচনি, বাটপথৰ উন্নয়ন, বিজুলী যোগান, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা আদিৰ বিষয়ে সদৰী কৰে আৰু শেহতীয়াকৈ বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে'ক ভোটদান কৰি বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ আহ্বান জনায় তিমুঙে। 

গুৰুত্বপূৰ্ণ যে দুটাকৈ স্থানত অনুষ্ঠিত কৰা জনসভাত সমষ্টিটোৰ ২৮ টাকৈ পৰিয়ালে বিৰোধী কংগ্ৰেছ, এএছডিচি, অগপ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদানো কৰে। উল্লিখিত দুয়োখন সভাতে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙৰ বিপৰীতে হামৰেন সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ', প্ৰাক্তন অধ্যক্ষ বীৰেন তিচ্ছ', পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ কাৰ্যালয় সম্পাদক হাৰমন বে, হাৰলংচৰা বহুমুখী সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, বিজেপি নেতা মংগল বে, লংছিং ৰংফাৰ, বিজেপি মহিলা নেতৃবৃন্দৰ লগতে কেইবা শতাধিক লোক উপস্থিত থাকে।