ডিজিটেল ডেস্কঃ নিউ মেক্সিকোৰ এখন মৰুভূমিত পৰিয়ালৰ সৈতে ফুৰিবলৈ গৈছিল এটা পৰিয়াল। দুই ভায়েক জুড স্পাৰ্কছ আৰু হাণ্টাৰে ৱাকি-টকি টেষ্ট কৰি বহুদুৰলৈ গুছি গৈছিল। তাতে সৰু ভায়েক জুড প্ৰত্যক্ষ কৰে মৰুভূমিৰ বালিত পোত খাই থকা বৃহৎ দাঁত এপাৰি।

জুডে প্ৰথমতে সেয়া কোনো গৰু-মহৰ শৱ বুলি ভাবিছিল যদিও অস্বাভাৱিক গঠনৰ দাঁত দেখি কৌতুহল জাগে। লগে লগে দুয়োজনে অভিভাৱকক উক্ত স্থানলৈ মাতি আনে।  

জুডৰ পিতৃয়ে লগে লগে নিশ্চিত হয় যে সেয়া কোনো জীৱাশ্ম। তেওঁ ইণ্টাৰনেটযোগে নিউ মেক্সিকো ৰাজ্যিক বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞানৰ প্ৰৱক্তা পিটাৰ হাউজক মাতি পঠিয়ায়।

পিছদিনা টিমসহ হাউজ উক্ত স্থানত উপস্থিত হয়। দেখে যে জুডৰ কৌতুহল অহেতুক নহয়। সেয়া দৰাচলতে ১০ লাখ বছৰ পুৰণি বৃহদাকায় হাতীৰ নিচিনা এক প্ৰজাতিৰ জীৱাশ্ম।

৭ ফুট পৰ্যন্ত দীঘল দাঁতৰ এই হাতীৰ পৰিয়ালৰ অন্তৰ্গত প্ৰাণীবিধৰ নাম ষ্টেগ’মেষ্টডন। পৃথিৱীৰ বুকুৰ পৰা বহু লাখ বছৰ আগতেই হেৰাই গৈছিল এই বৃহদাকায় প্ৰাণীবিধ।

স্পাৰ্কছৰ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰে বিশেষজ্ঞৰ দলটোৱে। কিয়নো বহুতেই এনেদৰে জীৱাশ্ম দেখিলে কৌতুহলবশতঃ সেয়া খুঁচৰি নষ্ট কৰি পেলায়। কিন্তু স্পাৰ্কছৰ পৰিয়ালটোৱে সেয়া নকৰি তেওঁলোকক মাতি পঠিওৱাটো প্ৰশংসাৰ যোগ্য।

'দহ বছৰীয়া জুডে এনেদৰে ১০ লাখ বছৰ পুৰণি জীৱাশ্মৰ সন্ধান পোৱাটো সঁচায়ে ৰোমাঞ্চকৰ। তাৰ স্কুলৰ বন্ধুৱে এই কথা এতিয়াও বিশ্বাস কৰিব পৰা নাই।’- এনেদৰে কয় জুডৰ মাতৃয়ে।