গুৱাহাটীঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণক লৈ পুনৰ সৰৱ হৈ উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি। কালি লোকসভাত কেন্দ্ৰীয় শক্তিমন্ত্ৰী পীয়ুষ গোৱেলে গেৰুকা মুখত বৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য অচিৰেই আৰম্ভ হ'ব বুলি ঘোষণা কৰাৰ পিছতেই সংগঠনটোৱে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

মঙলবাৰে মহানগৰীৰ গান্ধীবস্তিস্থিত দক্ষপ্ৰসাদ ডেকা ভৱনত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এখন সংবাদ মেলৰ আয়োজন কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ উক্ত মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে। সংবাদ মেলত কোনোপধ্যেই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তক মানি নোলোৱাৰো হুংকাৰ দিয়ে সংগঠনটোৱে।

গেৰুকামুখৰ এই নিৰ্মীয়মাণ বৃহৎ নদীবান্ধটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিলে অসমৰ জনতাৰ বাবে চৰম দুৰ্যোগ নামি আহিব বুলি সংবাদ মেলত উল্লেখ কৰে সংগঠনটোৰ নেতৃবৰ্গই। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো ভৌগোলিকভাৱে নিৰ্মাণ কৰি থকা হৈছে। 

বিশেষজ্ঞসকলৰ প্ৰসংগ উল্লেখ কৰি তেঁও বান্ধটোক ভূতাত্বিকভাৱেও সম্পূৰ্ণৰূপে বিপদজনক আখ্যা দিয়ে। বান্ধটো নিৰ্মাণ কৰা হোৱা স্থানৰ শিল সম্পূৰ্ণৰূপে ভংগুৰ বুলি উল্লেখ কৰাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে বান্ধ নিৰ্মাণ অব্যাহত ৰখা কাৰ্যৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰে কৃষক নেতাজন।

উল্লেখ্য যে অতি কোমল বালিয়া আৰু মৰি যোৱা শিলৰ ওপৰতে মূল বান্ধ দিলে ভৰ সহিবলৈ অসমৰ্থ হোৱাৰ লগতে পানীৰ খুন্দাত ভাঙি যোৱাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে বিজ্ঞানীৰ এটা দলে ঘোষণা কৰিছে। প্ৰথমে এই তথ্য উন্মোচন কৰিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু আই আই টিৰ বিশেষজ্ঞসকলে।

অসমৰ বিশেষজ্ঞৰ এনে সত্যতা মানি লৈছিল ভাৰত চৰকাৰৰ পৰিকল্পনা বিভাগে গঠন কৰি দিয়া কাৰিকৰী বিশেষজ্ঞ সমিতিৰ দুই বিশেষজ্ঞ এম এচ থাৰ্ডে আৰু চি ভি ৰেড্ডিয়ে। একেদৰে যোৱা ২০১০ বৰ্ষৰ ১০-১১ মাৰ্চত দিল্লীত অনুষ্ঠিত ত্ৰিপাক্ষিক বৈঠকত গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ অসমৰ চাৰিজন বিশেষজ্ঞই অতি স্পষ্টভাবে এই নদীবান্ধটোৰ নিৰ্মাণ উক্ত স্থানত অসম্ভৱ বুলি চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত প্ৰতিটো বিশেষজ্ঞ সমিতিয়ে এই সত্যতা অকপটে স্বীকাৰ কৰি আহিছে যদিও উক্ত সমস্যাৰ সমাধান নকৰাকৈয়ে ভাৰত চৰকাৰ আৰু এন এইছ পি চিয়ে শক্তি প্ৰয়োগ কৰি নদীবান্ধ নিৰ্মাণ কাৰ্য চলাই নিব বিচাৰিছে বুলিও অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে।

আনহাতে সংবাদ মেলত কৃষক নেতাজনে প্ৰয়োজন হ'লে তেজ দিব, প্ৰয়োজন হ'লে শ্বহীদ হ'ব তথাপি তথাপি অসম ধ্বংসী নদীবান্ধ নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে। নামনি সোৱণশিৰি জলবিদ্যুৎ  প্ৰকল্পটো নিৰ্মাণস্থলী অতিকৈ সংবেদনশীল বুলি সংবাদ মেলত উল্লেখ কৰে অখিল গগৈয়ে। অসমবাসীক ধ্বংসৰ দিশলৈ ঠেলি দি উক্ত প্ৰকল্পৰ নিৰ্মাণ  কাৰ্য পুনৰ আৰম্ভ কৰিলে সৰ্বশক্তি প্ৰয়োগ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিৰোধ কৰিব বুলিও স্পষ্ট কৰি দিয়ে কৃষক নেতাজনে।