newsnextone.com | কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এগৰাকী বনকৰ্মীৰ হাতীৰ আক্ৰমণত নিহত হোৱাৰ খবৰ আহিছে। কৰ্তব্যৰত অৱস্থাত জাকৰ মাজৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীৰ আক্ৰমণত গণেশ নেৱাৰ নামৰ বন কৰ্মীজন নিহত হয় বুলি জানিব পৰা গৈছে। 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ গৰপাল শিবিৰত এই অঘটন সংঘটিত হোৱা বুলি জানিব পৰা যায়। 

জানিব পৰা মতে, এটি বন কৰ্মীৰ দল উদ্যানখনৰ গৰপাল এলেকাত পহৰা দি থকা সময়ত এন্ধাৰৰ দিশৰ পৰি ওলাই অহা হাতীয়ে আক্ৰমণ কৰে নেৱৰক। ততাতৈয়াকৈ উদ্ধাৰ কৰা হয় যদিও মৃত্যু হয় নেৱাৰৰ। পহৰাৰত অৱস্থাত হাতীৰ আক্ৰমণত বনকৰ্মী গণেশ নেৱাৰৰ মৃত্যু হোৱাত শোকৰ ছাঁ পৰে।