কোকৰাঝাৰঃ ৰাজ্যত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰগোটৰ চৰকাৰে ডেৰ বছৰ পূৰ্ণ কৰিলে যদিও অদ্যপি বিটিচি স্বায়ত্ব শাসিত পৰিষদত অগপ আৰু বিজেপিৰ কৰ্মীসকল বঞ্চিত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

বিটিএডিত থকা ভিচিডিচি আৰু বিভিন্ন উন্নয়ন মূলক নিকায় ব'ৰ্ডসমূহত বিটিএডিৰ চাৰি জিলাৰ মিত্ৰ দলৰ কৰ্মী-নেতাসকলক নিয়োজিত কৰিবলৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে অগপৰ ৰাজ্যিক সমিতি আৰু বিজেপিৰ ৰাজ্যিক সমিতিয়ে বৈঠকত মিলিত হৈছিল আৰু এই ক্ষেত্ৰত মহিলাৰীয়ে ইতিবাচক ভূমিকা লোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও কেবামাহ উকলি যোৱাৰ পিছতো একো সুফল নোলোৱাত ক্ৰমাৎ ক্ষুব্ধ হৈ পৰিছে বিটিএডিৰ বহু বিজেপি আৰু অগপৰ দলীয় কৰ্মী আৰু নেতাসকল৷

আনকি অসম চৰকাৰৰ অংশীদাৰ দল বিপিএফে দুটাকৈ মিত্ৰ দলৰ অনুৰোধক উলাই কৰা বুলিও অভিযোগ উঠিছে ৷ ইয়াৰোপৰি বিটিচি বিধান পৰিষদত বিজেপিৰ এগৰাকী নিৰ্বাচিত সদস্যক কাৰ্যৱাহী সদস্য পদ দিবলৈ স্বয়ং বিজেপিৰ ৰাজ্যিক সভাপতিয়ে দাবী জনাইছিল যদিও বিপিএফ দলে সেয়াও পূৰণ নকৰাত কাৰ্যত ক্ষুণ্ণ হৈ পৰিছে বিজেপি-অগপৰ কৰ্মীসকল।

এনেবোৰ কাৰণতে তিনি মিত্ৰ দল ক্ৰমে অগপ, বিজেপি আৰু বিপিএফৰ নেতা-কৰ্মীৰ মাজত মিত্ৰতাত ফাঁট মেলা পৰিলক্ষিত হৈছে। যাৰ পৰিপ্ৰেক্ষিতত আজি বিটিএডিত দীৰ্ঘ দিনৰ পৰা অগপ দলৰ হৈ দেহে-কেহে কষ্ট কৰি দলটোক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অগপৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক জাকিৰ হুছেইনে আজি ৰহস্যজনকভাৱে জিলা সম্পাদকৰ পৰা পদত্যাগ কৰাৰ লগতে অগপ দলৰ প্ৰাথমিক সদস্যপদৰ পৰাও পদত্যাগ কৰে।

অৱশ্যে প্ৰেছ বিবৃতিত জাকিৰ হুছেইনে অগপ দলৰ পৰা ব্যাক্তিগত কাৰণত স্বেচ্ছাই পদত্যাগ কৰা বুলি উল্লেখ কৰিছে যদিও বহুতেই এয়া আস্থাহীনতাৰ বহি: প্ৰকাশ বুলি মন্তব্য কৰিছে। বিটিএডিত শেহতীয়াভাৱে মিত্ৰ দলৰ নেতা কৰ্মীৰ মাজত মিত্ৰতাৰ অটুট বান্ধোন সোপাঢিলা হৈ পৰাত ৰাজনৈতিক অংকৰ খেলিমেলি হোৱাৰ সম্ভাৱনাই দেখা দিছে।