কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ সুতাৰপাৰাৰ বিধৱা মহিলা কুমিলা মুৰ্মুক একমাত্ৰ ডাইনী সন্দেহতে ঘাতকৰ দলটোৱে কুঠাৰেৰে ঘপিয়াই হত্যা কৰা কৰিছিল বুলি ঘাতকসকলে অাৰক্ষীৰ অাগত স্বীকাৰোক্তি প্ৰদান কৰিছে। ২৭ মাৰ্চৰ সন্ধিয়া ঘৰত কোনেও নথকাৰ সুযোগত ঘাতকৰ দলটোৱে কুমিলাক মুখত সোপা দি চোঁচৰাই টানি নি ভূমকিৰ কাৰ্লভাৰ্ট এটাৰ ওপৰত  মুৰত কুঠাৰেৰে ঘপিয়ায় হত্যা কৰি খেতিপথাৰৰ নলা এটাৰ কাষত পুতি থয়।

♦ চাওঁতাল ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিক্ৰিয়া, দোষীক শাস্তি প্ৰদানৰ দাবী  

অাৰক্ষীয়ে কালিয়ে মৃতদেহ উদ্ধাৰ কৰি চাৰিজন অভিযুক্তক আটক কৰাৰ পিছত অাজি বেজসহ অান তিনিজন অভিযুক্তক অাটক কৰে । অাৰক্ষীৰ হাতত অাটকাধীন বেজগৰাকী হ'ল হাইজ্ৰাইগুৰীৰ সুংখা হেমব্ৰম (৫৫)। অানহাতে ঘটনাৰে সতে জড়িত সুতাৰপাৰাৰ লক্ষীৰাম চৰেন অাৰু কিলু চৰেনকো অাৰক্ষীয়ে অাটক কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে লক্ষীৰাম চৰেনৰ কঁকালৰ বিষ নকমা বাবেই বেজৰ পৰামৰ্শ গ্ৰহণ কৰাত বেজ সুংখা হেমব্ৰমে কুমিলা মুৰ্মুক ডাইনী বুলি চিনাক্ত কৰি কঁকালৰ বিষৰ বাবে কুমিলা দায়ী বুলি বেজে সদৰী কৰাৰ পিছতেই উক্ত লোমহৰ্ষক ঘটনাটো সংঘটিত হৈছিল।

ইপিনে এসপ্তাহৰ ভিতৰতে তিনিজনকৈ অাদিৱাসী লোক ডাইনীৰ সন্দেহত হত্যাৰ বলি হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ চাওঁতাল ছাত্ৰ সন্থাই। এক প্ৰেছ বিবৃতিত সন্থাৰ সভাপতি চাইমন কিস্কুয়ে ঘটনাটোক অমানৱীয় অাখ্যা দি দোষীৰ কঠোৰ শাস্তিৰ পোষকতা কৰিছে।

অনগ্ৰসৰ এলেকাত শিক্ষা আৰু স্বাস্থ্যসেৱাৰ প্ৰতি চৰকাৰক বিশেষ মনোযোগ দিবলৈকো অাহ্বান জনাইছে চাইমন কিস্কুৱে। লগতে ডাইনীৰ বিৰুদ্ধে সজাগতামুলক শিৱিৰ অনুষ্ঠিত কৰাৰো পোষকতা কৰে ছাত্ৰ সংগঠনটোৰ নেতাজনে।