দলংঘাটঃ এগৰাকী শিক্ষয়িত্ৰীৰ কাণ্ডত ক্ষোভিত হৈ পৰিছে দৰং জিলাৰ দেওমৰনৈৰ ৰাইজ৷ দেওমৰনৈৰ পুৱ বড়িগাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অনিয়মীয়া উপস্থিতিক লৈ ৰাইজ ক্ষোভিত হৈ পৰিছে৷ কিয়নো বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰী যোৱা ১৪ বছৰে বিদ্যালয়ত উপস্থিত নোহোৱাকৈয়ে চৰকাৰী দৰমহা ভোগ কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷

গুণোৎসৱৰ দ্বাৰা বিদ্যালয়সমূহৰ মানদণ্ড নিৰূপন কৰি থকাৰ সময়তে ৰাজ্যখনৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰীৰ কাণ্ডই চকু কপালত তোলাৰ সময়তে ছিপাঝাৰ শিক্ষা খণ্ডৰ পূৱ বড়িগাও প্ৰাথমিক বিদ্যালয়ত শিক্ষয়ত্ৰীয়ে বিদ্যালয়ত উপস্থিত নথকাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কণ কণ ছাত্ৰ-ছাত্ৰীক শিক্ষা লাভৰ পৰা বঞ্চিত কৰি ১৪ বছৰে বিদ্যালয়ত উপস্থিত নথকাকৈয়ে এগৰাকী শিক্ষয়িত্ৰীয়ে দৰমহা ভোগ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷

ধৰ্মপ্ৰভা দেৱী নামৰ শিক্ষয়িত্ৰী গৰাকীয়ে ২০০৫ চনৰে পৰা বিদ্যালয়ত উপস্থিত নথকাকৈয়ে দৰমহা লাভ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক আৰু দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাই। ৭০ গৰাকী ছাত্ৰ-ছাত্ৰী থকা এই বিদ্যালয় খনত তিনিগৰাকী শিক্ষক আছিল যদিও বৰ্তমান দুগৰাকী শিক্ষকেহে ৬ টাকৈ শ্ৰেণীত পাঠ দান কৰি থাকিব লগা হৈছে।

বাৰে বাৰে বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছতো শিক্ষা বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। শিক্ষা বিভাগক মেনেজ কৰি ধৰ্মপ্ৰভা দেৱীয়ে কৰ্তব্য পালন নকৰাকৈয়ে দৰমহা লাভ কৰি আছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে ৰাইজে৷ ৰাইজে শিক্ষয়িত্ৰীগৰাকীক বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় অন্যথাই গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে ৰাইজে৷