লখিমপুৰঃ ১৪নং লখিমপুৰ লোকসভা সমষ্ঠিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ লখিমপুৰ ত্যাগ ক্ষেত্ৰ আৰু নাওবৈচাত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰচাৰ চলায় নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাই৷ নিৰ্বাচনী সভাত মোডী চৰকাৰৰ বাবে ভোট দিবলৈ ৰাইজক আৰাধ্য দেৱতাৰ নামত শপত খুৱালে হিমন্তই৷

#ৰাহুল গান্ধীৰ দৰিদ্ৰ পৰিয়ালক ৭২ হেজাৰ টকাকৈ দিয়াৰ ঘোষণাক কটাক্ষ হিমন্তৰ৷
# ৰাহুল গান্ধীৰ চৰকাৰ নহয়, তেওঁ সেয়া জানেই ৷ গতিকে যিকোনো ঘোষণাই কৰিব পাৰে৷
# আপুনি যদি বিজেপিক ভোট নিদিয়ে তেন্তে এই কেইদিন বিজেপিয়ে অনুষ্ঠিত কৰা নিৰ্বাচনী সভা সমূহলৈ নাযাব৷ কাৰণ আপোনাৰ ধৰ্ম নষ্ট হ’ব৷

বিজেপিৰ সভালৈ গ’লেই আপুনি ঈশ্বৰ বা আল্লাহৰ নামত শপত খাব লাগিব বিজেপিক ভোট দিম বুলি৷ বিজেপিৰ সভালৈ অহা লোকক আৰাধ্য দেৱতাৰ নামত শপত খুৱায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ 

সোমবাৰে লখিমপুৰৰ নাওবৈচাত প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল মন্ত্ৰী হিমন্ত৷ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী গৰাকীয়ে উপস্থিত ৰাইজক উদ্দেশ্যি আৰাধ্য দেৱতাৰ নামত একেলগে শপত খুৱাই সকলোকে একেলগে ক’বলৈ দিলে- আকৌ এবাৰ মোডী চৰকাৰ৷

ইফালে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে দেশত কংগ্ৰেছৰ চৰকাৰ আহিলে দৰিদ্ৰ লোকক বছৰি ৭২ হেজাৰ টকাকৈ দিয়া হ’ব বুলি কৰা ঘোষণাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী হিমন্তই৷ হিমন্তৰ মতে ৰাহুল গান্ধী কেতিয়াও প্ৰধানমন্ত্ৰী হ’ব নোৱাৰে৷

সেয়া ৰাহুল গান্ধীয়ে জানে৷ গতিকে যিকোনো ঘোষণাই কৰিব পাৰে৷ সাংবাদিকৰ আগত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে হিমন্ত বিশ্ব শৰ্মাই৷