Newsnextone | ডিজিটেল ডেস্কঃ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱক তেওঁৰ জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপৰ বিবাহত উপস্থিত থকাৰ বাবে ৫ দিনৰ সাময়িক মুক্তি প্ৰদান কৰিছে আদালতে৷ ৰাষ্ট্ৰীয় জনতা দলৰ বিধায়ক তথা প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী তেজ প্ৰতাপৰ বিবাহ ৰাষ্ট্ৰীয় জনতা দলৰ বিধায়ক চন্দ্ৰিকা ৰায়ৰ কন্যা ঐশ্বৰ্য্যৰ সতে অহা ১২ মে’ত পাটনাত সম্পন্ন হ’ব৷ 

ইয়াৰ পূৰ্বে ১৮ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা তেজ-ঐশ্বৰ্য্যৰ আঙুঠি পিন্ধোৱা পৰ্বত উপস্থিত থাকিব পৰা নাছিল লালু প্ৰসাদ যাদৱ৷ অনুষ্ঠানত পিতৃৰ অনুপস্থিতিত দুখিত হৈ পৰে পুত্ৰ তেজ আৰু পৰিয়ালবৰ্গ৷

ৰাষ্ট্ৰীয় জনতা দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা বিধায়ক ভোলা যাদৱে মন্তব্য কৰা অনুসৰি ১০ মে’ৰ পৰা ১৪ মে’ৰ ভিতৰত লালু প্ৰসাদ যাদৱ পাটনাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে, এসপ্তাহ পূৰ্বে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত লালু প্ৰসাদ যাদৱৰ সাময়িক মুক্তিৰ বাবে আবেদন কৰা হৈছিল৷ কিন্তু অধিবক্তা সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালনৰ ফলত ন্যায়ালয়ৰ নিৰ্দেশ প্ৰদান ১১ মে’লৈকে স্থগিত ৰখা হৈছিল৷ 

লালু বৰ্তমান ৰাঁচীৰ ‘ৰাজেন্দ্ৰ ইনষ্টিউট অৱ মেডিকেল চায়েঞ্চ’ত চিকিৎসাধীন হৈ আছে৷ উল্লেখ্য যে বিহাৰৰ ৩টা খাদ্য দুৰ্নীতিৰ অভিযোগত বিশেষ চিবিআই আদালতে দোষী সাব্যস্ত কৰিছিল৷ কাৰাগাৰৰ ভিতৰতে লালু প্ৰসাদ অসুস্থ হৈ পৰাত ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষগৰাকীক চিকিৎসাৰ বাবে দিল্লীস্থ এইমছত ভৰ্তি কৰা হয়৷ 

পিছত এইমছৰ চিকিৎসকে তেওঁক সুস্থ বুলি ঘোষণা কৰাত এইমছৰ পৰা ৰাজেন্দ্ৰ ইনষ্টিউট অৱ মেডিকেল চায়েঞ্চলৈ স্থানান্তৰিত কৰা হয়৷ ইফালে এইমছৰ পৰা স্থানান্তৰিত কৰাৰ পিছতে নিজকে অসুস্থ বুলি দাবী কৰি লালু প্ৰসাদ যাদৱে স্থানান্তৰিত কৰাৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ আছে অভিযোগ কৰিছে৷