ডিজিটেল ডেস্কঃ ধাৰাসাৰ বৰষুণৰ কৱলত পৰি বাংলাদেশত হোৱা ভূস্খলনত মৃত লোকৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি পাইছে। এই পৰ্যন্ত আৰক্ষী, জোৱান আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

বিশেষকৈ দক্ষিণ-পূৱ অঞ্চলত দুৰ্গম অঞ্চলত উদ্ধাৰকাৰ্য চলোৱাটো প্ৰশাসনৰ বাবে প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে। সোমবাৰৰপৰা আৰম্ভ হোৱা ধাৰাসাৰ বৰষুণৰ পিছেতে চুবুৰীয়া দেশখনৰ পৰ্বতীয়া জিলাকেইখনত পৰিস্থিতিৰ অৱনতি ঘটে।

ভাৰত-বাংলাদেশ সীমান্তত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা আটাইতকৈ বেছি৷ দেশখনৰ চিটাগংগ, বান্দৰবণ আৰু ৰঙামাটী- এই জিলাকেইখন আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ভূমিস্খলনৰ পৰা৷

বংগ উপত্যাকাৰ নিম্নমানৰ চাপ সৃষ্টি হোৱাৰ বাবেই এনেদৰে মুষলধাৰে বৰষুণে বিপদ মাতি অনা বুলি তথ্য প্ৰকাশ পাইছে।

দেশখনৰ চৰকাৰী হিচাবত যদিও ১২৯ গৰাকী লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ হৈছে কিন্ত সংবাদ মাধ্যমত প্ৰকাশ হোৱা অনুসৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১৩২ জন৷

৪ হাজাৰ মানুহক সুৰক্ষিত স্থানলৈ দেশখনৰ প্ৰশাসনে স্থানান্তৰ কৰিছে৷ উল্লেখ্য যে মৃত লোকসকলৰ ভিতৰত ১৫ গৰাকী সেনা বাহিনীৰ জোৱানো আছে।