জৱহাৰলাল নেহৰু বিশ্ববিদ্যালয়, চমুকৈ জেএনইউ মানেই যেন লাল চালাম! দেওবাৰে নিশা পুনৰ সেই কথাই প্ৰমাণিত হোৱা দেখা গ’ল জেএনইউ চৌহদত। চাৰি বছৰৰ পাছত অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অধিকাংশ পদতে বিপুল ভোটত জয়লাভ কৰিবলৈ সমৰ্থ হৈছে বাঁওপন্থী ছাত্ৰ সংগঠনৰ প্ৰাৰ্থীয়ে। 

সভাপতি হিচাপে নিৰ্বাচিত হৈছে এআইএছএৰ মনোনীত প্রার্থী ধনঞ্জয় কুমাৰ। ধনঞ্জয় বিহাৰৰ গয়াৰ দলিত সম্প্রদায়ৰ এজন গৱেষক ছাত্র। উপ-সভাপতি পদত জয়ী হৈছে এছএফআইৰ অভিজিত ঘোষ আৰু যুটীয়া সম্পাদক পদত জয়ী হৈছে এআইএছএফৰ প্রার্থী মহম্মদ ছাজিদ। আনহাতে সাধাৰণ সম্পাদক পদত জয়ী হৈছে বাওঁপন্থী ছাত্ৰ সংগঠন সমৰ্থিত বীৰছা আম্বেদকাৰ ফুলে ষ্টুডেণ্টছ এছ’চিয়েশ্যন চমুকৈ বিএপিএছএৰ প্ৰাৰ্থী প্ৰিয়াংশী আৰ্য। 

ফলাফল ঘোষণা হোৱাৰ পিছতে নিশাই লাল চালাম, জয় ভীম শ্ল’গানেৰে মুখৰিত হৈ পৰে বিশ্ববিদ্যালয়খনৰ আকাশ-বতাহ। উল্লেখ্য যে ২০১৪ চনত বিজেপি শাসনলৈ আহিয়ে বিশ্ববিদ্যালয়খনক বাওঁপন্থীৰ ঘাটি বুলি সমালোচনা কৰাৰ লগতে একপ্ৰকাৰ শিক্ষানুষ্ঠানখন দেশদ্ৰোহীৰ ঘাটি হৈ পৰিছিল বুলিও দাবী কৰিছিল। ইয়াৰ পিছতে বিতৰ্কিত শ্ল’গান দিয়াক লৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল বিশ্ববিদ্যালয়খন। 

এই ঘটনাত তেতিয়াৰ ছাত্ৰ একতা সভাৰ সভাপতি কানহায়া কুমাৰৰ লগতে ভালেকেইগৰাকী বাওঁপন্থী ছাত্ৰ সংগঠনৰ নেতাক জেললৈকো প্ৰেৰণ কৰা হৈছিল। উক্ত ঘটনাক কেন্দ্ৰ কৰিয়েই পৰৱৰ্তী সময়ত কানহায়া কুমাৰে ছাত্ৰ ৰাজনীতিৰ পৰা সমগ্ৰ দেশতে জনপ্ৰিয় নেতা হৈ পৰে। সেই তেতিয়াৰে পৰা বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাক বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপিৰ দখললৈ নিবলৈ একাধিকবাৰ চেষ্টা চলাই অহা হৈছে যদিও সেয়া এইবাৰো সম্ভৱ হৈ উঠা দেখা নগ’ল।

কোন প্ৰাৰ্থীয়ে পালে কিমান ভোট?

জেএনইউ নিৰ্বাচনী কমিটিৰ অধ্যক্ষ শৈলেন্দ্ৰ কুমাৰে জনোৱা মতে দেওবাৰে ঘোষণা কৰা ফলাফলত সভাপতি পদত অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েশ্যন চমুকৈ আইছাৰ ধনঞ্জয়ৰ হাতত পৰাস্ত হয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এবিভিপিৰ উমেশ চন্দ্ৰ আজমীৰা। ধনঞ্জয়ে ২৫৯৮টা ভোট লাভ কৰাৰ বিপৰীতে উমেশে লাভ কৰে ১৬৭৬টা ভোট।

আনহাতে উপাধ্যক্ষ পদত ষ্টুডেণ্টছ ফেডাৰেশ্যন অব ইণ্ডিয়া (এছএফআই)ৰ অভিজিত ঘোষৰ হাতত পৰাস্ত হয় এবিভিপিৰ দীপিকা শৰ্মা। অভিজিতে ২৪০৯টা আৰু দীপিকাই ১৪৮২ টা ভোট লাভ কৰে।

প্ৰধান সচিব পদত বীৰছা আম্বেদকাৰ ফুলে ষ্টুডেণ্টছ এছ’চিয়েশ্যন চমুকৈ বিএপিএছএৰ প্ৰাৰ্থী প্ৰিয়াংশী আৰ্যই ২৮৮৭ টা ভোট লাভ কৰি এবিভিপিৰ অৰ্জুন আনন্দক পৰাস্ত কৰে। অৰ্জুনে লাভ কৰে ১৯৬১টা ভোট। এই পদত বাও ছাত্ৰ সংগঠনে প্ৰথমে স্বাতীক প্ৰাৰ্থী হিচাপে থিয় কৰাইছিল। কিন্তু ভোটদানৰ কেইঘণ্টামান পূৰ্বে স্বাতীয়ে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰে আৰু বাওঁ সংগঠনসমূহে প্ৰিয়াংশীৰ প্ৰতি সমৰ্থন আগবঢ়ায়।

ফটোঃ বাওঁফালৰ পৰা ক্ৰমে ধনঞ্জয়, অভিজিত, প্ৰিয়াংশী, ছাজিদ

যুটীয়া সম্পাদক পদত জয়ী হোৱা অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেশ্যন চমুকৈ এআইএছএফৰ প্রার্থী মহম্মদ ছাজিদে ২৫৭৪টা ভোট লাভ কৰে। উক্ত পদত এবিভিপিৰ গোবিন্দ দাংগীয়ে ২০৬৬টা ভোট লাভ কৰিবলৈ সমৰ্থ হয়। 

এইবাৰৰ নিৰ্বাচনত বাও ছাত্ৰ সংগঠন আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ছাত্ৰ সংগঠন এবিভিপিৰ লগতে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআই, ৰাষ্ট্ৰীয় জনতা দলৰ ছাত্ৰ ৰাজদ আৰু সমাজবাদী পাৰ্টীৰ ছাত্ৰ সংগঠন সমাজবাদী ছাত্ৰ সভাৰ প্ৰাৰ্থীয়েও প্ৰতিদ্বন্দিতা কৰিছিল। উল্লেখ্য যে ইয়াৰ পূৰ্বে জেএনউইৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ২০১৯-২০ বৰ্ষত।

দলিত ছাত্ৰ ধনঞ্জয়

জেএনইউত সুদীৰ্ঘ ৪ বছৰৰ অন্তত এইবাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। ক’ভিড মহামাৰীৰ বাবে মাজৰ সময়ছোৱাত নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল। ২০১৯ৰ নিৰ্বাচনত অধ্যক্ষ নিৰ্বাচিত হৈছিল বাও ছাত্ৰ সংগঠন এছএফআইৰ ছাত্ৰ নেতা আইশি ঘোষ। 

শুকুৰবাৰে হোৱা এই নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৩ শতাংশৰো অধিক। এয়া আছিল বিশ্ববিদ্যালয়খনত বিগত ১২ বছৰৰ ভিতৰত সৰ্বাধিক ভোটদান। ২০১৯ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৬৭.৮ শতাংশ। 

এইবাৰ অধ্যক্ষ নিৰ্বাচিত হোৱা দলিত সম্প্ৰদায়ৰ ছাত্ৰ ধনঞ্জয়ৰ ঘৰ হৈছে বিহাৰৰ গয়াত। ছাত্ৰ সংগঠন আইছাৰ মতে সুদীৰ্ঘ ২৭ বছৰৰ পিছত জেএনইউত প্ৰথমবাৰৰ বাবে দলিত সমাজৰ কোনো ছাত্ৰই ছাত্ৰ একতা সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে। আনহাতে দ্বিতীয় স্থানত থকা প্ৰাৰ্থী উমেশ চন্দ্ৰ আজমীৰা হৈছে নক্সালৰ আক্ৰমণৰ ভুক্তভোগী। প্ৰকাশিত বাতৰি অনুযায়ী এক নক্সাল আক্ৰমণত উমেশে পিতৃ-মাতৃক হেৰুৱাইছিল।

বাওঁপন্থীৰ ঘাটি জেএনইউ

জেএনইউ ছাত্ৰ একতা সভাত প্ৰতিষ্ঠাৰ সময়ৰে পৰা বাওঁপন্থী চিন্তাধাৰাৰ ছাত্ৰ সংগঠনৰ দপদপনি চলি আহিছে। এই পৰ্যন্ত ষ্টুডেণ্ট ফেডাৰেশ্যন অব ইণ্ডিয়াৰ পৰা ২২ জন আৰু অল ইণ্ডিয়া ষ্টুডেণ্ট এছ’চিয়েশ্যনৰ পৰা ১১ জনে সভাপতি নিৰ্বাচিত হৈছে। 

বিপৰীতে উগ্ৰ সোঁপন্থী চিন্তাধাৰাৰেৰে পুষ্ট আৰএছএছৰ ছাত্ৰ সংগঠন এবিভিপিৰ পৰা মাত্ৰ এবাৰহে সভাপতি নিৰ্বাচিত। ২০০০ চনৰ নিৰ্বাচনত জেএনইউ ছাত্ৰ একতা সভাৰ সভাপতি নিৰ্বাচিত হ’বলৈ সমৰ্থ হৈছিল এবিভিপিৰ সন্দীপ মহাপাত্ৰ।

বিশ্ববিদ্যালয়খনত ছাত্ৰ একতা সভাৰ প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৭১ চনত। ২০০৮ চনত সৰ্বোচ্চ ন্যায়ালয়ে নিয়মাৱলী উলংঘাক লৈ হোৱা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত জেএনইউৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত স্থগিতাদেশ জাৰি কৰিছিল। ইয়াৰ ৩ বছৰ পিছত ন্যায়ালয়ে সেই স্থগিতাদেশ প্ৰত্যাহাৰ কৰে আৰু ২০১১ চনৰ পৰা পুনৰ নিৰ্বাচন অনুষ্ঠিত হ’বলৈ লয়।