দেৰগাঁওঃ গোলাঘাট জিলাৰ দেৰগাঁৱৰ সোণাৰীত এটি নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় বন বিভাগে৷ দেৰগাঁৱৰ কাকডোঙাত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নহাৰফুটুকীটোৱে৷ বন বিভাগে দীৰ্ঘদিনৰ অন্তত দেৰগাঁও আৰক্ষী থানাৰ অন্তগৰ্ত তেলীয়াৰ সোণাৰীত আৱদ্ধ কৰে নাহৰফুটুকীটোক৷

জানিব পৰা মতে, বিগত এমাহ ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বাঘটোৱে৷ মানুহক আক্ৰমণ কৰাৰ লগতে পশুধন ভক্ষণ কৰি কাকডোঙাত  সন্ত্ৰাসৰ সৃষ্টি কৰিছিল৷

গোলাঘাট জিলাৰ দেৰগাঁৱৰ কাকডোঙা, পতানজৰা, লখাই গাঁও, নেঘেৰিটিং, মিছামৰাকে ধৰি বহু অঞ্চলত বাঘৰ আতংকত সৰ্বসাধাৰণ ৰাইজ বাৰুকৈয়ে জীয়াতু ভুগিব লগা হৈছিল।

বাঘৰ আক্ৰমণত নেঘেৰিৰ্টিংৰ দুজন শ্ৰমিক আহত হৈছিল৷ স্থানীয় ৰাইজে বন বিভাগক অভিযোগ কৰাৰ পাছতো বন বিভাগৰ কোনো বিষয়া-কৰ্মচাৰীয়ে বিষয়টো গুৰুত্ব দিয়া নাছিল যদিও অৱশেষত বন বিভাগে পিঞ্জৰাবদ্ধ কৰে নাহৰফুটুকীটোক৷