দেৰগাঁওঃ যোৱা ১৬ ফেব্ৰুৱাৰীত গোলাঘাট জিলাৰ দেৰগাঁৱৰ সোণাৰীত বন বিভাগৰ পিঞ্জৰাত নাহৰফুটুকী আৱদ্ধ হোৱাৰ ৬টা দিন পিছত পুনৰ বৃহস্পতিবাৰে আন এটা নাহৰফুটুকী বন বিভাগৰ পিঞ্জৰাত সোমায়৷

এইবাৰ জিলা খনৰ শিঙৰাজানত এটি নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় বন বিভাগে৷ দেৰগাঁৱত নাহৰফুটুকীৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে বন বিভাগে যোৱা ১৬ ফেব্ৰুৱাৰীত তেলীয়াৰ সোণাৰীত আৱদ্ধ কৰে এটা নাহৰফুটুকী৷

তাৰ পিছতো অয্চলটোত নাহৰফুটুকীৰ আতংকত অব্যাহত আছে৷ সৰ্বসাধাৰণে আতংকত দিন পাৰ কৰাৰ সময়তে বন বিভাগে সফলতা অৰ্জন কৰি শিঙৰাজানত আন এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয়৷

স্থানীয় ৰাইজে বৰ্তমানেও অঞ্চলটোত আৰু বাঘে বিচৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰে৷ বন বিভাগক শীঘ্ৰে বাঘ কেইটাক পিঞ্জৰাবদ্ধ কৰিবৰ বাবে ৰাইজে আহ্বান জনায়৷

গোলাঘাট জিলাৰ দেৰগাঁৱৰ কাকডোঙা, পতানজৰা, লখাই গাঁও, নেঘেৰিটিং, মিছামৰাকে ধৰি বহু অঞ্চলত বাঘৰ আতংকত সৰ্বসাধাৰণ ৰাইজ বাৰুকৈয়ে জীয়াতু ভুগিব লগা হৈছিল।

বাঘৰ আক্ৰমণত নেঘেৰিৰ্টিংৰ দুজন শ্ৰমিক আহত হৈছিল৷ স্থানীয় ৰাইজে বন বিভাগক অভিযোগ কৰাৰ পাছতো বন বিভাগৰ কোনো বিষয়া-কৰ্মচাৰীয়ে বিষয়টো গুৰুত্ব দিয়া নাছিল যদিও অৱশেষত বন বিভাগে পিঞ্জৰাবদ্ধ কৰে দুটাকৈ নাহৰফুটুকী৷