Printer-friendly version

কৰ'না ভাইৰাছক বাদ দি এতিয়া আন কথা পতাতো কোনো লোকৰ পক্ষেই সম্ভৱ নহয়। সৌ-সিদিনালৈকে কৰ'না আক্ৰান্তৰ মানচিত্ৰত অন্তৰ্ভুক্ত নাছিল অসম। কিন্তু এতিয়া অসমতো কৰ'না আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ১৬ জন। ভাৰতত ইতিমধ্য়ে ৰোগবিধত মৃত্যু হৈছে ৫০ জনৰো অধিক লোক। আনহাতে সমগ্ৰ বিশ্বত আক্ৰান্তৰ সংখ্যাই ১০ লাখৰ সীমা স্পৰ্শ কৰাৰ দিশে অগ্ৰসৰ হৈছে। মৃত্যুমুখত পৰিছে ৫০ হাজাৰৰো অধিকে।

ইয়াৰ মাজতো কেবাখনো দেশে কৰ'নাক বিদায় সম্ভাষণ জনাবলৈ প্ৰায় সমৰ্থ হৈছে। এনে দেশসমূহৰ অন্যতম হৈছে কৰ'নাৰ আৰম্ভণি হোৱা চীনৰ লগতে ছিংগাপুৰ, দক্ষিণ কোৰিয়া আৰু জাৰ্মানী।  এক সঠিক আঁচনিৰ জৰিয়তে সেইসমূহ দেশে ভাইৰাছ বিধক বিদায় সম্ভাষণ জনাবলৈ সমৰ্থ হৈছে। গতিকে আমিনো কিয় এইবিধ ভাইৰাছক বিদায় দিব নোৱাৰিম। নিশ্চয় পাৰিম। কিন্তু কেনেকৈ? লিখিছে বিকাশজ্যোতি শইকীয়াই।


ল’ক ডাউন৷ কেম্ব্ৰিজ অভিধান অনুসৰি ল’ক ডাউনৰ অৰ্থ হ’ল, 'A situation in which people are not allowed to enter or leave a building or area freely because of an emergency.’ অসমৰ জনসাধাৰণৰ বাবে লকডাউন এটা আচহুৱা শব্দ, অচিনাকি আৰু তেনেই নতুন শব্দ৷ অথচ এই অভিধাটো অসমৰ মানুহৰ চিনাকি হৈ পৰিল বিশ্বব্যাপী ত্ৰাস সৃষ্টিকাৰী কৰ’না ভাইৰাছৰ আগমনত৷ চীনত আৱিষ্কাৰ হোৱা এই ভাইৰাছটোৰ নৰসংহাৰী ৰূপে এই সময়ত সমগ্ৰ বিশ্বকে কঁপাই তুলিছে৷ খবৰৰ উপৰি খবৰ, সংক্ৰমণৰ পৰিসংখ্যা, মৃত্যুৰ পৰিসংখ্যাই গোটেই পৃথিৱীকে যেন অনাকাংক্ষিতভাবে ব্যস্ত কৰি তুলিছে৷ পুৱাৰপৰা শোৱাৰ সময়খিনিলৈ কৰ’নাতংকই সকলোকে খেদি ফুৰিছে৷ অজানিত এক মৃত্যু ভয়ত যেন মানুহবোৰ ত্ৰস্তমান, ভীতিগ্ৰস্ত৷ 

কিন্তু আমাৰ অসম মুলুকত তথা ভাৰতৰ বিভিন্ন প্ৰান্তত যেন কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত ঘোষিত লকডাউনৰ আভিধানিক অৰ্থ সুকীয়া হৈ পৰিল৷ ভাৰত বন্ধ, অসম বন্ধৰ সৈতে সমাৰ্থক হৈ পৰিল লকডাউন৷ প্ৰথমতে প্ৰধানমন্ত্ৰীৰ ‘জনতা কাৰ্ফিউ’ৰ প্ৰতি দেশৰ অযুত জনতাই সঁহাৰি জনালে ঠিকেই, কিন্তু সন্ধ্যা হোৱাৰ লগে লগে বহু ঠাইত বহু মানুহে ‘জনতা কাৰ্ফিউ’ক অৰ্থহীনতালৈ পৰ্যবসিত কৰি ঢোল-তাল লৈ ৰাস্তালৈ ওলাই আহিল৷ আনকি হাস্যাষ্পদভাবে ‘মোদী জিন্দাবাদ’, ‘কৰ’না গ’ বেক’, ‘কৰ’না আমি নামানো’ ধৰণৰ শ্ল’গান দি কৰ’না সম্পৰ্কীয় নিজৰ পুতৌলগা জ্ঞানৰ পৰাকাষ্ঠা দেখুৱালে ঠিকেই কিন্তু সেই ধাৰা এতিয়াও অব্যাহত ৰাখিছে৷ 

চৰকাৰী প্ৰচাৰৰ দুৰ্বলতাৰ বাবেই হওক বা অন্য কাৰণতে হওক ল’ক ডাউন আৰু সাধাৰণ বন্ধৰ মাজত যি পাৰ্থক্য আছে সেই পাৰ্থক্য বুজাত যেন এতিয়াও অক্ষম দেশৰ লগতে ৰাজ্যৰ জনতা৷ লকডাউনৰ পূৰ্বৱতী ঘোষণাৰ লগে লগে মানুহবোৰে বজাৰৰ বাবে হেতা-ওপৰা লগালে ঠিকেই কিন্তু সেই হেতা-ওপৰা এতিয়াও অব্যাহত৷ স্বাভাৱিক বন্ধৰ দৰেই মানুহ এতিয়াও ব্যস্ত মৰ্ণিং-ইভিনিং ৱাকত, গেলামাল আৰু শাক-পাচলিৰ বজাৰত৷ 

দুৱাৰ বন্ধ হৈ আছে ঠিকেই কিন্তু অন্যান্য বন্ধবোৰৰ মনাৰ দৰে এতিয়াও ‘ছচিয়েল ডিছটেন্সিং মেইনটেইনিং’ (সামাজিক দূৰত্ব ৰক্ষা) নকৰাকৈ জুম পাতি পুৱা-সন্ধিয়া মানুহবোৰ ঘৰৰপৰা ওলাই আহিছে৷ চৰকাৰী ঘোষণা অনুসৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ বজাৰৰ বাবে গেলামালৰ দোকান আংশিকভাবে খোলা ৰখাৰ অনুমতি প্ৰদান কৰা হৈছিল৷ কিন্তু বহু পুৰুষ-মহিলাই সেই সাধাৰণ কথাটো নুবুজি ঘৰত প্ৰয়োজন হোৱা সাধাৰণ বস্তু এটাৰ বজাৰ কৰাৰ বাবেও দোকান, শাক-পাচলিৰ দোকানত ভিৰ কৰি আছে৷ 

আগফালে দুৱাৰৰ ডাং, পাছফালে ধোবাং-বাং 

মন কৰিবলগীয়া যে ল’ক ডাউনৰ পৰিপ্ৰেক্ষিতত অসমৰ বহুতো অঞ্চলত ৰাস্তাত ডাং বান্ধি ওলোৱা-সোমোৱাৰ পথ বন্ধ কৰি দিছে৷ দেখাত এয়া প্ৰশংসনীয় হ’লেও দৰাচলতে হৈ আছে কি? লকডাউনৰ অৰ্থ নুবুজি বহুতে এই সুযোগতে জুম বান্ধি জুৱা-মদৰ আড্ডাত ব্যস্ত হৈ পৰিছে৷ অসম আৰক্ষীৰ কঠোৰ পদক্ষেপেও এই ক্ষেত্ৰত সদৰ্থক ফলাফল বাহিৰ কৰাত ব্যৰ্থ হৈছে৷ 

লকডাউনৰ প্ৰথম দিনাই বহু চৰ্চিত ‘টিকাকৰণ’ৰ পিছতো তেওঁলোক ক্ষান্ত হোৱা নাই৷ তদুপৰি আংশিকভাৱে দোকান-পোহাৰ খোলাৰ অনুমতিকো ভ্ৰূকুটি দেখুৱাই বহু খুচুৰা বিক্ৰেতাই আগফালে দোকান বন্ধ কৰি পিছফালে অত্যধিক দামত বস্তু বিক্ৰী কৰি মুনাফা লুটাৰ লোভ সামৰিব পৰা নাই৷ গুটখা, পাণ মছলাকে ধৰি অন্যান্য মাদক দ্ৰব্য জাতীয় সামগ্ৰী চ’ৰা দামত বিক্ৰী হৈয়েই আছে৷ 

চৰকাৰে মানিছে নে লকডাউন

চৰকাৰৰ দুই বিপৰীতমুখী ভূমিকাইও কাৰ্যতঃ অসাৰ কৰি পেলাইছে লকডাউনক৷ যদিও চৰকাৰে লকডাউন ঘোষণা কৰি দেশৰ নাগৰিকক ঘৰত সোমাই থাকি নিজকে নিৰাপদে ৰখাৰ লগতে কৰ’না সংক্ৰমণৰপৰা আঁতৰত থাকিবলৈ আহ্বান জনাইছে তাতো যেন আসোঁৱাহ থাকি গৈছে৷ 

দেশৰ দৰিদ্ৰ জনতাক লকডাউনৰ সময়ছোৱাত চাউলকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ নামত লকডাউনৰ ঘোষণাক অৰ্থহীন কৰি পেলাইছে৷ কাৰণ এই সামগ্ৰী বিতৰণৰ সময়ছোৱাত ‘ছচিয়েল ডিছটেন্সিং মেইনটেইনিং’ (সামাজিক দূৰত্ব ৰক্ষা)ৰ কাৰ্যকৰী পদক্ষেপ বিষয়া-কৰ্মচাৰীসকলে ল’ব নোৱৰাৰ অভিযোগ উঠাটোও মন কৰিবলগীয়া বিষয় হৈ পৰিছে৷ 

সজাগতা নে শংকা

সজাগতা নে শংকা? সমগ্ৰ বিশ্ব কৰ’নাৰ আতংকত ত্ৰস্তমান হৈ থাকিলেও আমাৰ দেশ আৰু ৰাজ্যত জনসাধাৰণক কৰ’না সম্পৰ্কে প্ৰকৃতপক্ষে সজাগ কৰি তুলিবপৰা হৈছেনে? নে সজাগতাৰ সলনি জনসাধাৰণ শংকিত হৈছে বেছিকৈ? মন কৰিবলগীয়া যে ছ’চিয়েল মাধ্যমসমূহত কৰ’না সম্পৰ্কীয় প্ৰকৃত তথ্যৰ অভাৱ, উৰাবাতৰি ইত্যাদিয়ে কৰ’না সম্পৰ্কে ৰাইজক সজাগ কৰাৰ সলনি শংকিত কৰি তোলাহে পৰিলক্ষিত হৈছে৷ 

কৰ’না ভাইৰাছ সম্পৰ্কীয় প্ৰকৃত তথ্য-জ্ঞানৰ অভাৱৰ বাবেই ল’ক ডাউনকো মানুহে বন্ধৰ উৎসৱ বুলি ধৰি লোৱা পৰিলক্ষিত হৈছে৷ জনসাধাৰণক সজাগ-সচেতন কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰ, বেচৰকাৰী সংস্থা, জাতীয় সংগঠনসমূহৰো কাৰিকৰী ভূমিকা নুই কৰিব নোৱাৰি৷ কাৰণ জনসচেতনাইহে কৰ’না প্ৰতিৰোধ কৰাত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব৷ এই ক্ষেত্ৰত ৰাইজ সচেতন নহ’লে চৰকাৰী সকলো প্ৰচেষ্টাই বুমেৰাঙত পৰিণত হৈ বিস্তৰ ক্ষয়-ক্ষতি কৰাৰে সম্ভাৱনা প্ৰচুৰ৷ 

ধৰ্মীয় বিষবাষ্প সমাধান নে?

অতিসম্প্ৰতি কৰ’নাক লৈ ধৰ্মীয় বিদ্বেষে গা কৰি উঠাতো যথেষ্ট দুৰ্ভাগ্যজনক৷ দিল্লীৰ নিজামুদ্দিনৰ তবলীগ জামাতৰ ঘটনাটোৰদ্বাৰা কৰ’নাৰ সংক্ৰমণৰ বিষয়টোৱে সাম্প্ৰদায়িক বিষবাষ্প কঢ়িওৱাৰ প্ৰসংগটো উদ্বেগজনক৷ এই সময়ত কোন ধৰ্মৰ মানুহৰদ্বাৰা কৰ’না সংক্ৰমিত হৈছে সেই বিষয়টো প্ৰয়োজনীয় নহয়৷ প্ৰয়োজনীয় বিষয়টো হ’ল কৰ’নাৰ সংক্ৰমণৰ পৰা জনসাধাৰণ নিজেই সচেতন হৈ কেনেকৈ নিৰাপদে থাকিব পাৰি বা কৰ’না সংক্ৰমিত ব্যক্তিক কিমান ক্ষিপ্ৰ আৰু কাৰ্যকৰী ব্যৱস্থাৰে চিকিৎসাৰ আন্তঃগাঁথনি শক্তিশালী কৰি গঢ়ি তুলিব পৰা যায়৷ চৰকাৰেও এই ক্ষেত্ৰত ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে কৰ’নাকেন্দ্ৰিক ৰাজনীতিৰপৰা আঁতৰি থকাতো সচেতন মহলে কামনা কৰে৷
 
কৰ’না ভয়ংকৰ নহয়, সাৱধানতা আৰু সজাগতাই মূল বিষয়

প্ৰকৃতাৰ্থত কৰ’নাক লৈ শংকিত বা পেনিক (উন্মত্ত) হোৱাৰ প্ৰয়োজন নাই৷ নিয়মিত স্বাস্থ্য বিধি মানি চলা, শাৰীৰিকভাবে শক্তিশালী হৈ থাকিবলৈ চেষ্টা কৰা, নিয়মিত খাদ্যাভ্যাস সঠিক কৰি ৰখা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু ছেনিটাইজেচনৰ উপযুক্ত অনুসৰণে কৰ’নাক আমাৰপৰা দূৰলৈ আঁতৰি যাবলৈ বাধ্য কৰাব৷ গতিকে কৰ’নাৰ ক্ষেত্ৰত সাধাৰণ মন্ত্ৰটো হ’ল– সজাগ আৰু সাৱধান হওক, শংকিত নহ’ব৷ উৰাবাতৰিক প্ৰশ্ৰয় নিদিব৷ 

নিজকে বিবেচনাযুক্ত মানুহ হিচাপে প্ৰতিষ্ঠা কৰাৰ এয়াই সুৱৰ্ণ সুযোগ৷ আনকি নিজক বিচাৰি চোৱাৰ, এৰি অহা দিনবোৰক চালি-জাৰি চাই নতুন দিনৰ বাবে নিজকে সাজু কৰি তোলাৰ বাবে গঢ়ি তোলাৰ অনাকাংক্ষিত সুযোগ৷ আমি সজাগ আৰু সচেতন হ’লে কৰ’নাতংকই এদিন নতুন সভ্যতা গঢ়ি তোলাত সুবিধা প্ৰদান কৰিব৷ আহক আমি সেই সুবিধাকণ গ্ৰহণ কৰো আৰু কৰ’নাক বিদায় সম্ভাষণ জনাও৷