ডিজিটেল ডেস্কঃ শক্তি প্ৰদৰ্শনৰ বাবে নহয়। প্ৰয়োজনৰ সময়ত সদ্ব্যৱহাৰৰ বাবেহে লাগে বল-শক্তি। পিছে এই কথাকে নুবুজি টেলিভিছনৰ লাইভ অনুষ্ঠানত আৰ্তনাদ কৰিবলগীয়া হল এগৰাকী যুৱতীয়ে।

বাহুৰ বল প্ৰদৰ্শন কৰি পৰাক্ৰমী মহিলাই ছটফটাই থাকিবলগীয়া হল ষ্টুডিঅ'ত। এই ঘটনা আৰ্জেণ্টিনাৰ। দেশখনৰ এক টেলিভিছন চেনেলৰ অনুষ্ঠানত মিলিত হৈছিল দুই পাঞ্জা খেলুৱৈ।

সুঠাম দেহৰ দুই পৰাক্ৰমী খেলুৱৈয়ে প্ৰদৰ্শন কৰে শকতি। লাইভ অনুষ্ঠানৰ মাজতে এগৰাকীয়ে আনগৰাকীক প্ৰতিদ্বন্দিতাৰ বাবে আহ্বান জনায়।

প্ৰত্যহাবান গ্ৰহণ কৰি দুয়ো আৰম্ভ কৰে খেল। কিন্তু সেই সময়তে ঘটিল অঘটন। লাইভ অনুষ্ঠানতে ভাঙি থাকিল এগৰাকী খেলুৱৈৰ বাহুৰ হাড়। আহত বীৰাংগনাক লৈ থিতাতে লাগিল হাঁহাকাৰ।