newsnextone.com | ডিব্ৰুগড়ঃ উজনিৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ ডিৰাক সোণজান গাঁৱৰ এজন মুক-বধিৰ যুৱক৷ নাম তেওঁৰ মাধুৰ্য বৰগোহাঁই৷ তিনিচুকীয়া জিলাৰ কাকপথাৰ সোণজান গাঁৱৰ ৰূপেশ্বৰ বৰগোহাঁই অাৰু স্বৰ্ণলতা বৰগোহাঁইৰ জ্যেষ্ঠ পুত্র মাধুৰ্য বৰগোহাঁই এগৰাকী আগৰণুৱা যুৱক৷ মেধা ছাত্ৰ হোৱাৰ লগতে সমানে সমানে ক্ৰীড়া-সাংস্কৃতিক দিশত আগৰণুৱা৷ ক্ৰিকেট, ফুটবল, ডবা, জেভলিন, ভলীবল, দৌৰ অাদি খেলৰ লগতে অভিনয়-নৃত্যতো দখল অাছে ছাত্রজনৰ৷

চলিত বৰ্ষৰ গুৱাহাটীৰ কাহিলীপাৰাস্থিত ভাওৰীদেৱী চেৰাওগী মুক-বধিৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত দুটা বিষয়ত লেটাৰসহ ৰাজ্যৰ ভিতৰত অসমীয়াত সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয়৷ মুক-বধিৰ যুৱকজনে সকলো দিশতে পাৰ্গত বুলি কলে বঢ়াই কোৱা নহ’ব৷ 

চলিত বৰ্ষৰ এপ্ৰিল মাহত বাংলাদেশত বিহুনৃত্য প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে মাধুৰ্যই৷ তেওঁৰ প্ৰিয় খেল হৈছে ক্ৰিকেট৷ অসম বধিৰ ক্ৰিকেট দলৰ এগৰাকী ভাল খেলুৱৈ তেওঁ৷ হায়দৰাবাদ, ঝাৰখণ্ড, তেলেংগানা, প্ৰঞ্জাৱ, উওৰ প্ৰদেশ অাদি ৰাজ্যত বহুবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত দক্ষতাৰে ক্ৰিকেট খেল প্ৰদৰ্শন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ 

তাৰ মাজতে তেওঁ চৰ্চালৈ আহিছে বিশেষ এটা কাৰণতহে৷ তেওঁ স্থান লাভ কৰিছে ভাৰতীয় (বধিৰ) ক্ৰিকেট দলত৷ এই খবৰ ৰাজ্যখনৰ বাবে এক আশাৰ বতৰা৷ দেশৰ হাজাৰ হাজাৰ বধৰি লৰাৰ মাজৰ পৰা অসম সন্তান মাধুৰ্য নিৰ্বাচিত হৈছে ভৰতীয় দলৰ বাবে৷ গ্ৰীচৰ কোফা অাইচলেণ্ডত অহা ৩০ চেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অান্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতা৷ এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোত স্থান লাভ কৰি এতিয়া চকুলো টুকি সময় পাৰ কৰিছে মাধুৰ্যই৷

তাৰ কাৰণ হ’ল গ্ৰীচলৈ যোৱাৰ দুৰৰ তথা পাৰপত্ৰ-ভিছা বনাবৰ বাবে হাতত এটা টকা নাই তেওঁৰ৷ যাৰ বাবে মুখেৰে কেৱল ক্ষোভেৰে অংগী-ভংগী কৰি সময় পাৰ কৰিছে চকুলো টুকি৷ পিতৃ-মাতৃয়ে পাৰপত্ৰ, ভিছা আৰু আন আন খৰছ বহন কৰিব নোৱাৰাত অনিশ্চয়তাত তেওঁৰ গ্ৰীচ যাত্ৰা৷

তেওঁৰ যাত্ৰাত কলীয়া ডাৱৰ হৈ থিয় দিছে টকা আৰু তেওঁক সহায় কৰা মানুহৰ অভাৱে৷ মুখেৰে কব নোৱাৰা, কাণেৰে নুশুনা যুৱকেজনে কোনটো কাৰ্যালয়ত গৈ কি কৰিব উৱাদিহ নোপোৱা হৈছে৷ ভাৰতীয় ক্ৰিকেট দলৰ বাবে নিৰ্বাচিত হৈও অাৰ্থিক অনাটনৰ বাবে মাজপথত থমকি ৰব লগা হৈছে৷

ইতিমধ্যে পিতৃয়ে পাৰপত্ৰ আৰু ভিছাৰ বাবে ঋণত কিছু টকা লৈছে৷ কিছু টকা জমা দি কাম কৰিছে যদিও প্ৰাক-প্ৰশিক্ষণ অাৰু যাৱতীয় সা-সঁজুলিৰ বাবেও লাগে বৃহৎ পৰিমাণৰ ধন৷ বৃহৎ অংকৰ ধন কৰ পৰা খৰছ কৰিব সাধাৰণ পৰিয়ালটোৱে৷ যাৰ বাবে মাধুৰ্য আৰু পৰিয়ালটোৱে হতাশাত ভুগিছে৷ মাধুৰ্যৰ কলেজৰ নামভৰ্তি, কিতাপ ক্ৰয়, হোষ্টেলৰ খৰচৰ সম্পূৰ্ণ বোজা পৰিয়ালে বহন কৰিব লগা হৈছে৷ উল্লেখ্য যে, ২০১৬ বৰ্ষত চিংগাপুৰত অান্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযেগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছিল যদিও অাৰ্থিক অনাটনৰ বাবেই অংশ গ্ৰহণ কৰিব নোৱাৰিলে মাধুৰ্যই৷

সেয়েহে দ্বিতীয়বাৰ সুযোগ হেৰুৱাব খোজা নাই মাধুৰ্য বৰগেহাঁয়ে৷ মাধুৰ্য বৰগোহাঁয়ে সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ক্ৰীড়া প্ৰেমী ৰাইজ, চৰকাৰ, দল-সংগঠনৰ পৰা বিচাৰে৷ ইয়াৰ পূৰ্বে চিংগাপুৰত অান্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেটত স্থান লাভ কৰাত তেওঁ সহায় বিচাৰি আহ্বান জনাইছিল।কিন্তু সবায় লাভ কৰিবলৈ সক্ষম নহ'ল। এইবেলি স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই টকা দহ হাজাৰ দি দায়িত্ব সামৰিছে৷ কিন্তু পূৰ্বৰ দৰেই এইবাৰো তেওঁ ক্ৰিকেট প্ৰতিযোগিতাত অংশ লব নোৱাৰিব বুলি আশংকা কৰি চকুলো টুকি সময় পাৰ কৰিছে৷ মুক-বধিৰ যুৱকজনে জীৱনত যুদ্ধ কৰিবলৈ কেতিয়াও এৰা নাই৷ প্ৰতিবছৰে বিশ্ব জিনাৰ সুবিধা লাভ কৰে যদিও আৰ্থিক অনাটনৰ বাবে সেই সপোন পুৰণ হোৱা নাই মাধুৰ্যৰ৷ 

তেওঁ অসমৰ ৰাইজক সম্বোধন কৰা এখন চিঠি যোগে কয় ‘‘শ্রদ্ধাৰ অসমবাসী ৰাইজ৷ মোৰ সপোন অাছে যদিও মই মুক-বধিৰ, মোৰো অাকাশ চুবৰ মন৷ দেশ-জাতিৰ বাবে সততাৰে কিবা এটা কৰাৰ মন অাছে৷ ভগৱানে যদিও অাপোনাৰ দৰে মোক সকলো দান দিয়া নাই বৰঞ্চ মুক-বধিৰ তথাপিও মই জীৱনটোক প্ৰত্যাহ্বান হিচাপে লৈ অাগুৱাই যাব বিচাৰোঁ৷ অৰ্থ যে প্ৰগতিৰ মূলধন৷ কিন্তু থমকিবলগীয়া হৈছে ইয়াতেই৷ তথাপিও অাশা এৰি দিয়া নাই৷ নাপাম নে বাৰু অাপোনাৰ মহানুভৱতাৰ কৃপা৷’’ ইমানে নহয় ড০ ভূপেন হাজৰিকাৰ এটা বিখ্যাত গানৰ কলি ‘মানুহে মানুহৰ বাবে’ কথা কা তেওঁ চিঠিৰ সামৰণি মাৰে৷ 

অানহাতে যোৱা বুধবাৰে মাধুৰ্য বৰগোহাঁই বাসভৱনত সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা অাৰু সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়াই উপস্থিত হৈ এখন ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা লগতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা, ডিব্ৰুগড় লোক সভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল, অাহোম জনগোষ্ঠীৰ অাটাইকেইটা সংগঠন অাৰু অসমৰ সকলো জাতীয় সংগঠনৰ লগতে  জনগোষ্ঠীৰ সংগঠনক সময় থাকোতে মুকবধিৰ যুৱকজনক সহায় কৰিবলৈ অনুৰোধ জনায়৷

স্থানীয় কৈলাশ পুৰ হাই স্কুলৰ প্ৰধান শিক্ষয়িত্রী অনিমা বৰঠাকুৰে ৰাজ্য মুখ্যমন্ত্রী, দেশৰ প্ৰধানমন্ত্রী লগতে সমূহ অসমবাসী ৰাইজক সহায় কৰিবলৈ অাহ্বান জনায়৷