চাকৰি আৰু শিক্ষাত সংৰক্ষণৰ দাবীৰে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি অহা মহাৰাষ্ট্ৰৰ অন্যতম মাৰাঠাসকলৰ প্ৰতিবাদে এতিয়া যেন ধাৰণ কৰিছে হিংসাত্মক ৰূপ। যাৰ বাবে ৰাজ্যখনৰ ধৰাশিৱ আৰু বীড জিলাত সান্ধ্য আইন জাৰি কৰিছে প্ৰশাসনে। 

ৰাজ্যখনত উগ্ৰ ৰূপ লোৱা মাৰাঠাৰ প্ৰতিবাদৰ মাজতে সোমবাৰে এন চি পিৰ বিধায়ক প্ৰকাশ সোলাংকেৰ বীদস্থিত বাসগৃহত অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীয়ে। অন্যহাতে এন চি পিৰ আন এজন বিধায়কৰ বাসগৃহতো সংঘটিত হয় প্ৰতিবাদকাৰীৰ আক্ৰমণৰ ঘটনা।

বীড আৰক্ষী অধীক্ষক নন্দকুমাৰ ঠাকুৰে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণত আছে। তেওঁ কয় যে এই পৰ্যন্ত ৪৯ জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। আইন-শৃংখলা বজাই ৰখাৰ বাবে আৰু সম্ভাব্য অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰাৰ বাবে অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে।

উল্লেখ্য যে, সোমবাৰে মাৰাঠা জনগোষ্ঠীৰ বাবে সংৰক্ষণৰ দাবীত হোৱা প্ৰতিবাদে হঠাতে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ লগতে একাংশ লোকে চৰকাৰ সমৰ্থিত কেইবাগৰাকীও বিধায়কৰ বাসগৃহ আৰু কাৰ্যালয়ত আক্ৰমণ চলাই পৰিস্থিতি উত্তপ্ত কৰি তোলে। প্ৰতিবাদকাৰীয়ে ছত্ৰপতি সম্ভাজী নগৰৰ বিজেপি বিধায়ক প্ৰশান্ত বাম্বৰ কাৰ্যালয়লৈকো শিলগুটি নিক্ষেপ কৰে।

ইফালে সোলাপুৰ-আক্কলকোট ঘাইপথতো টায়াৰ জ্বলাই পথ অৱৰোধ কৰে প্ৰতিবাদকাৰীয়ে। জানিব পৰা মতে, মাৰাঠা জনগোষ্ঠীৰ সংৰক্ষণৰ দাবীত প্ৰতিবাদকাৰীয়ে একাংশ নেতাক নিজ নিজ গাঁৱত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰি ৰাজ্যিক পৰিবহণ নিগমৰ কেইবাখনো বাহনত অগ্নিসংযোগ কৰাৰ পিছত শুকুৰবাৰৰ পৰাই মহাৰাষ্ট্ৰৰ পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰে। 

প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পিছতে এই প্ৰতিবাদৰ নেতৃত্ব প্ৰদান কৰা মনোজ জাৰাংগে পাটিলক হিংসা বন্ধ কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী একনাথ সিন্ধেই। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মাৰাঠাৰ এক উপজাতি কুনবী জাতিক নতুনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব বুলিও সোমবাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰে। 

আনহাতে, যোৱা শুকুৰবাৰৰ পৰাই মনোজ জাৰাংগে পাটিলে অধিক উত্তালভাৱে অব্যাহত ৰাখিছে প্ৰতিবাদ। তেওঁলোকৰ দাবী চৰকাৰে সকলো মাৰাঠাকে কুনবী বুলি গণ্য কৰক যাতে তেওঁলোকে অন্যান্য পিছপৰা শ্ৰেণী (OBC)ৰ অধীনত চাকৰি আৰু শিক্ষাত সংৰক্ষণৰ সুবিধা লাভ কৰিব পাৰে।

ইফালে মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই এখন সংবাদমেল সম্বোধন কৰি মাৰাঠাসকলৰ হকে সাব্যস্ত হৈ থকা এই প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই ৰাজ্যখনৰ ৪৮ জন সাংসদৰ আটাইকেইগৰাকীয়ে সাহস দেখুৱাই পদত্যাগ কৰিব লাগে বুলি মন্তব্য কৰে। 

কিয় প্ৰতিবাদত নামিছে মাৰাঠাসকল?

দশক দশক ধৰি মহাৰাষ্ট্ৰৰ ৰাজনীতি আৰু সমাজক প্ৰভাৱিত কৰি অহা মাৰাঠা সংৰক্ষণ বিষয়টো ৰাজ্যখনৰ বাবে এক জটিল আৰু বিতৰ্কিত বিষয় হিচাপে পৰিগণিত হৈ আহিছে। মহাৰাষ্ট্ৰৰ মুঠ জনসংখ্যাৰ প্ৰায় ৩০ শতাংশই হৈছে মাৰাঠা সম্প্ৰদায়ৰ। ৰাজ্যখনৰ এটা প্ৰধান জাতি গোট হিচাপে স্বীকৃত হৈ থকাৰ পিছতো মাৰাঠা সকলে সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰি থকাৰ অভিযোগ দীৰ্ঘদিনৰ পৰাই উত্থাপন হৈ আহিছে।  যাৰ বাবে চৰকাৰী চাকৰি আৰু অন্যান্য পিছপৰা শ্ৰেণী (OBC) শ্ৰেণীৰ অধীনত শিক্ষাত সংৰক্ষণৰ দাবীৰে সময়ে সময়ে সাব্যস্ত হৈ আহিছে প্ৰতিবাদ। সম্প্ৰদায়টোৱে আন গোটৰ বিশেষকৈ দলিত আৰু অ’বিচিৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ পৰাও নিজৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বাৰ্থ ৰক্ষাৰ দাবী তুলি আহিছে।

১৯৮০ চনত মণ্ডল আয়োগে ৰাষ্ট্ৰীয় পৰ্যায়ত অ’বিচিৰ বাবে ২৭ শতাংশ সংৰক্ষণৰ পৰামৰ্শ আগবঢ়োৱাৰ পিছতে উত্থাপন হ’বলৈ ধৰে মাৰাঠা সংৰক্ষণৰ দাবী। মাৰাঠাসকলে এই সুবিধাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি নিজৰ সংৰক্ষণৰ বাবে প্ৰতিবাদত নামে। ২০১৪ চনত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ-এনচিপি চৰকাৰে মাৰাঠাসকলৰ বাবে ১৬ শতাংশ সংৰক্ষণ প্ৰদানৰ আইন গৃহীত কৰিছিল যদিও ইন্দ্ৰ চাহানীৰ গোচৰত উচ্চতম ন্যায়ালয়ে আৰোপ কৰা সংৰক্ষণৰ ৫০ শতাংশ সীমা উলংঘা কৰাৰ দোহাই দি বম্বে’ উচ্চ ন্যায়ালয়ে পৰৱৰ্তী সময়ত এই আইন বাতিল কৰে। 

২০১৮ চনত মহাৰাষ্ট্ৰৰ বিজেপি-শিৱসেনা চৰকাৰে ন্যায়াধীশ এম জি গাইকোৱাডৰ নেতৃত্বৰ পিছপৰা শ্ৰেণী আয়োগৰ ফলাফলৰ ওপৰত আধাৰিত কৰি শিক্ষাৰ ক্ষেত্ৰত মাৰাঠাসকলৰ বাবে ১২ শতাংশ আৰু চাকৰিত ১৩ শতাংশ সংৰক্ষণ প্ৰদান কৰি আন এক আইন গৃহীত কৰে। আয়োগে দাবী কৰিছিল যে মাৰাঠাসকল "সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা নাগৰিক", যি সংৰক্ষণৰ যোগ্য। অৱশ্যে, এই আইনখন অসংবিধানিক আৰু স্বেচ্ছাচাৰী বুলি দাবী কৰি পৰৱৰ্তী সময়ত  বিভিন্ন আবেদনকাৰীয়ে আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয়। 

২০২১ চনৰ মে’ মাহত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে মাৰাঠা সংৰক্ষণ আইনখনে সংবিধানৰ ১৪ (সমতাৰ অধিকাৰ) আৰু ২১ (আইনৰ যথাযথ প্ৰক্ৰিয়া) অনুচ্ছেদ উলংঘা কৰা বুলি অভিহিত কৰি আইনখন বাতিল কৰে। বিচাৰপীঠে লগতে ৰায় প্ৰদান কৰি কয় যে সংৰক্ষণৰ ওপৰত ৫০ শতাংশ সীমা উলংঘা কৰাৰ বাবে কোনো ব্যতিক্ৰমী পৰিস্থিতি বা প্ৰমাণযোগ্য তথ্য নাই, যি "জাতি শাসন"ৰ ওপৰত আধাৰিত এখন সমাজ সৃষ্টি কৰিব পাৰে। বিচাৰপীঠে এই কথাও উল্লেখ কৰে যে গায়কোৱাড আয়োগৰ প্ৰতিবেদনখন ত্ৰুটিপূৰ্ণ আছিল আৰু মাৰাঠা সম্প্ৰদায়ৰ পিছপৰা অৱস্থা প্ৰতিষ্ঠা কৰা নাছিল। 

উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানে সমগ্ৰ মহাৰাষ্ট্ৰৰ মাৰাঠা কৰ্মীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। মাৰাঠা কৰ্মীসকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা তেওঁলোকৰ কোটা পুনৰুদ্ধাৰৰ বাবে তাৎক্ষণিক হস্তক্ষেপ দাবী কৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰে। 

কি কয় সমৰ্থক আৰু বিৰোধীসকলে?

“এয়া আপোনালোকৰ প্ৰথম আৰু শেষ সুযোগ। আপুনি আৰু এনে সুযোগ দুনাই লাভ নকৰে। গতিকে এই সুযোগৰ সদব্যৱহাৰ কৰক। আমাৰ দাবী মহাৰাষ্ট্ৰৰ সমগ্ৰ মাৰাঠা জনগোষ্ঠীক কুনবী প্ৰমাণ পত্ৰ প্ৰদান কৰা হওক।’’ -সমগ্ৰ মহাৰাষ্ট্ৰৰ মাৰাঠা জনগোষ্ঠীৰ বাবে সংৰক্ষণ লাভৰ বাবে পুনৰবাৰ আন্দোলন আৰম্ভ কৰা মনোজ জাৰাংগে পাটিলে মাৰাঠা সকলক উদ্দেশ্যি আহ্বান জনায় এইদৰে।

কোনো সিদ্ধান্ত নোলোৱাকৈ চৰকাৰক ৪০ দিনৰ সময়সীমা বান্ধি দিয়াৰ পিছত পুনৰ এবাৰ অনশনত বহিছে জাৰাংগে পাটিলে। ইফালে মাৰাঠা জনগোষ্ঠীক কুনবী প্ৰমাণ পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ নিযুক্তি দিয়া সমিতিখনে সময়সীমা বৃদ্ধি কৰিছে ২৪ ডিচেম্বৰলৈ।

জাৰাংগে পাটিলে কয়, "যেতিয়ালৈকে আমি সংৰক্ষণ নাপাওঁ, আমি এক ইঞ্চিও পিছুৱাই নাযাওঁ।" প্ৰতিবাদী নেতাগৰাকীৰ এই হুংকাৰে আগন্তুক সময়ত মাৰাঠা জনগোষ্ঠীৰ আন্দোলন অধিক আগ্ৰাসী হৈ পৰাৰ ইংগিত প্ৰদান কৰিছে।

আনহাতে ৰাষ্ট্ৰীয় অ’বিচি ফেডাৰেচনে মাৰাঠা জনগোষ্ঠীক কুনবী প্ৰমাণপত্ৰ অৰ্থাৎ অবিচি কোটাৰ জৰিয়তে সংৰক্ষণ দিয়াৰ তীব্ৰ বিৰোধিতা কৰে। ৰাজ্যৰ অ’বিচিৰ নেতাসকলেও ইয়াৰ বিৰোধিতা কৰিছে। ইয়াৰ বাবেই ৰাজ্যৰ মাৰাঠা আৰু অ’বিচি সম্প্ৰদায়ে সংৰক্ষণৰ বিষয়ত ইজনে সিজনৰ দাবীৰ বিৰুদ্ধে থিয় দিছে।

কিন্তু অবিচি সম্প্ৰদায়ে মাৰাঠা জনগোষ্ঠীক কুনবী প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ কিয় বিৰোধিতা কৰিছে? সেয়া প্ৰথমে জানি লোৱাৰ প্ৰয়োজন আছে।

উল্লেখ্য যে, মাৰাঠা জনগোষ্ঠীক সুকীয়াকৈ সংৰক্ষণ দিয়াৰ সিদ্ধান্ত বাতিল কৰিছিল উচ্চতম ন্যায়ালয়ে। ইয়াৰ পিছতে মনোজ জাৰাংগে পাটিলকে ধৰি বহু লোকে মাৰাঠা সমাজখন মূলতঃ কুনবী জাতিৰ বুলি দাবী কৰি আহিছে। অৰ্থাৎ মাৰাঠা জনগোষ্ঠীক যদি কুনবী প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়, তেন্তে সংৰক্ষণৰ জৰিয়তে অ’বিচি কোটাৰ সুবিধা লাভ কৰিব।

বৰ্তমান ৰাজ্যত অ’বিচি কোটাৰ অধীনত সংৰক্ষণ হৈছে ১৯ শতাংশ। অ’বিচি সম্প্ৰদায়ৰ সংগঠনসমূহে দাবী কৰে যে যদি মাৰাঠা সম্প্ৰদায়কো ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়, তেন্তে নতুন অংশগ্ৰহণকাৰীসকলে সংৰক্ষণৰ সুবিধা লাভ কৰিব। অ’বিচি সমাজে কয়, “আমাৰ প্ৰতিবাদ মাৰাঠা সংৰক্ষণৰ বিৰুদ্ধে নহয় অ’বিচিৰ পৰা তেওঁলোকক সংৰক্ষণ দিয়াৰ বিৰুদ্ধে।“

কাৰ হ’ব লাভ, কাৰ ক্ষতি?

মহাৰাষ্ট্ৰত স্থানীয় নিকায়-নিগমৰ নিৰ্বাচনৰ দিন চমু চাপিছে। ইয়াৰ পিছতে অনুষ্ঠিত হ’ব লোকসভা আৰু তাৰ পিছত বিধান সভাৰ নিৰ্বাচনো। এনে পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ৰাজ্যখনত অতি চৰ্চিত হৈ পৰা ‘মাৰাঠা বনাম অবিচি’ বিতৰ্কই কাক লাভাম্বিত কৰিব আৰু কাৰ ক্ষতি কৰিব তাক লৈও উদয় হৈছে প্ৰশ্নৰ।

এই সন্দৰ্ভত ৰাজনৈতিক বিশ্লেষক সুহাস পলাশিকৰে কয়, "আচলতে ইয়াৰ ফলত সকলো দলৰ ক্ষতি হ'ব। মহাৰাষ্ট্ৰত বৃহৎ সংখ্যক মাৰাঠা ভোট আছে বুলি কোৱা হ'লেও অ'বিচিৰ ভোটো মাৰাঠাৰ সমানেই আছে। ইয়াৰ প্ৰভাৱ ৰাজ্যখনৰ প্ৰতিদ্বন্দ্বী চাৰিওটা দল ওপৰতে পৰিব।" তেওঁৰ মতে, মাৰাঠা জনগোষ্ঠী আৰু অ’বিচি সম্প্ৰদায়ৰ মাজৰ এই মতানৈক্যৰ ফলত স্থানীয় পৰ্যায়ত সৰু সৰু দল  বা বিদ্ৰোহৰ সৃষ্টি হ’ব, যাৰ ফলত ভোটৰ বিভাজন হ’ব।

পলাশিকৰে লগতে কয় যে বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো ডাঙৰ দলৰ ওপৰতে ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। তেওঁ কয়, “কাৰণ নিজৰ ৰাজনৈতিক সমৰ্থন যিয়েই নহওক কিয়, মাৰাঠা সমাজে যিদৰে আগ্ৰাসী আৰু ক্ষুব্ধ হৈ পৰিছে, সকলো দলেই ইয়াৰ মুখামুখি হ’ব লাগিব।”

"অবিচি বনাম মাৰাঠা যদি হয়, তেন্তে কোনো দলেই কেৱল অবিচিৰ দল হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা নকৰে। পূৰ্বে বিজেপিয়ে অ'বিচিৰ দল হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু এতিয়া মাৰাঠা সকলত অসন্তুষ্ট কৰি বিজেপিয়েও অ'বিচিৰ দল হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব নিবিচাৰিব।" –পলাশিকৰে লগতে কয়।

একে সময়তে ৰাজ্যৰ বৃহৎ দল দুটাৰ মাজত বিভাজনৰ বাবে এতিয়া দুয়োটা দল ভাগ হৈ চাৰিটা দলত পৰিণত হৈছে। ইয়াৰ বাবেই ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত প্ৰতিযোগিতা তীব্ৰতৰ হৈ পৰিছে। নিৰ্বাচন অহাৰ লগে লগে এই প্ৰতিযোগিতা অধিক প্ৰত্যাহ্বানজনক হৈ পৰিব বুলি মন্তব্য কৰে ৰাজনৈতিক বিশ্লেষকগৰাকীয়ে।

তেওঁ কয়, "অবিচিৰ ভোটতকৈ বিজেপিয়ে মাৰাঠাৰ ভোট হেৰুওৱাৰ আশংকা বেছি। এইটো সঁচা যে আন ৰাজ্যত বিজেপিৰ গুৰুত্ব অ'বিচিৰ ভোট লাভৰ ওপৰত আছিল। কিন্তু মহাৰাষ্ট্ৰত মাৰাঠাৰ ভোট এৰাই চলি অ'বিচিৰ ভোট পোৱাৰ কোনো লাভ নহ'ব।"

মাৰাঠাৰ আন্দোলনে লাভাম্বিত কৰিব নেকি বিজেপিক?

কলহাপুৰৰ শিৱাজী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক তথা ৰাজনীতি বিশ্লেষক প্ৰকাশ পাৱাৰে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ মনোভাৱৰ আকস্মিক পৰিৱৰ্তনক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয়, "মই ভাবো এই পৰিস্থিতিৰ পৰা বিজেপিয়ে লাভৱান হোৱাৰ সম্ভাৱনা বেছি। কাৰণ কিছুদিন আগলৈকে ৰাজ্যখনৰ জনসাধাৰণৰ আৱেগ বা জনচৰ্চাৰ পৰা এনে লাগিছিল যে শৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰেৰ দলত হোৱা ৰাজনৈতিক বিসম্বাদৰ বাবে তেওঁলোকে সাধাৰণ জনতাৰ এক সহানুভূতি লাভ কৰিছিল। কিন্তু এতিয়া এই ধাৰণা সলনি হোৱা যেন লাগিছে আৰু এটা নতুন জনচৰ্চা যেন উত্থাপন হৈছে, যিটো হৈছে মাৰাঠা বনাম অ’বিচি সম্প্ৰদায়। অৰ্থাৎ জনমতে নতুন ৰূপ লৈছে। এই অৰ্থত মই কৈছোঁ যে ইয়াৰ পৰা বিজেপি লাভৱান হ’ব পাৰে। অৱশ্যে এয়া মাত্ৰ এটা সম্ভাৱনা, আমি এতিয়াই ইয়াক নিশ্চিতভাৱে ক'ব নোৱাৰো।"

জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত কদমে কয়, "যদি আমি ভোটদানৰ কথা কওঁ, তেন্তে যোৱা নিৰ্বাচনতো বিজেপিৰ মূল ভোটাৰ আছিল অ'বিচি। মই নাভাবো যে তেওঁলোকে অ'বিচি সম্প্ৰদায়ৰ সংৰক্ষণ বৃদ্ধি কৰি মাৰাঠা সম্প্ৰদায়ক সংৰক্ষণ দিব।"

প্ৰশান্ত কদমে লগতে কয়, "জাৰাংগে পাটিলৰ আন্দোলনৰ ওপৰত লাঠিচাৰ্জৰ আগতে এই আন্দোলনৰ বিষয়ে ক'তো আলোচনা হোৱা নাছিল। আদালতে সংৰক্ষণ বাতিল কৰাৰ পিছতো তেনে কোনো ক্ষুব্ধ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা নাছিল। কিন্তু হঠাতে এই আন্দোলনত ঘটা লাঠিচাৰ্জৰ ঘটনাই এই বিষয়টোক পুনৰ লাইমলাইটলৈ আনিছে।"

কি হ’ব পৰৱৰ্তী সময়ত?

ৰাজ্য চৰকাৰে ন্যায়াধীশ সন্দীপ সিন্ধেৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰি মাৰাঠৱাড়াৰ মাৰাঠা জনগোষ্ঠীক কুনবী প্ৰমাণ পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে ঘোষণা কৰা মতে, এই কমিটীয়ে ৩০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। দহ দিনৰ পিছত কমিটীক সময় বৃদ্ধিৰ সময়সীমা দিয়া হয়। এই সময়সীমাও ২৪ অক্টোবৰত অন্ত পৰিছে। কিন্তু কমিটীয়ে এতিয়াও প্ৰতিবেদন দাখিল কৰা নাই।

সময়সীমা বান্ধি দিয়াৰ পিছতো  যেতিয়া চৰকাৰে মাৰাঠা সংৰক্ষণ সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে, তাৰ পিছতে মনোজ জাৰাংগে পাটিলে আৰম্ভ কৰে অনশন ধৰ্মঘট কাৰ্যসূচী। একে সময়তে পুনৰবাৰ ৰাজ্যজুৰি মাৰাঠা সংৰক্ষণৰ দাবীৰে আৰম্ভ হয় ব্যাপক আন্দোলনৰ।

এতিয়া ৰাজ্য চৰকাৰে পোনপটীয়াকৈ এই কমিটীৰ সময়সীমা ২৪ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে। যাৰ বাবে এই প্ৰশ্নও উত্থাপন হৈছে যে এই আন্দোলন পৰৱৰ্তী সময়ত কোন দিশলৈ যাব। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো স্পষ্টতা পোৱা হোৱা নাই।

প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!

জাৰাংগে পাটিলৰ এই আন্দোলনে শেহতীয়াকৈ সমগ্ৰ ৰাজ্যৰ পৰাই সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে। একে সময়তে চৰকাৰে পুনৰবাৰ জাৰাংগে পাটিলক পতিয়ন নিয়াবলৈ চেষ্টা আৰম্ভ কৰিছে।

ইয়াৰ মাজতে খবৰ আহিছে যে ক্ৰমান্বয়ে স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে অনশনত বহি থকা প্ৰতিবাদী নেতা মনোজ জাৰাংগে পাটিলৰ। কেইবাবাৰো চিকিৎসকৰ দল এটাই তেওঁক পৰীক্ষা কৰিবলৈ আহিছিল যদিও তেওঁ চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰিছিল।

মহাৰাষ্ট্ৰলৈ বাছ সেৱা বন্ধ কৰ্ণাটকৰ

মাৰাঠাৰ প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ সময়ত একাংশ প্ৰতিবাদকাৰীয়ে এখন বাছত অগ্নিসংযোগ কৰাৰ পিছতে মহাৰাষ্ট্ৰলৈ বাছ সেৱা সাময়িকভাৱে বন্ধ ৰখাৰ কথা ঘোষণা কৰে কৰ্ণাটক চৰকাৰে। উল্লেখ্য যে, কৰ্ণাটকৰ বিদাৰ জিলাৰ ভালকীৰ পৰা পুণে অভিমুখে গৈ থকা বাছখন ধৰাশিৱ জিলাৰ তুৰোৰী গাঁৱত জ্বলাই দিছিল প্ৰতিবাদকাৰীয়ে।

অৱশ্যে বাছখনত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰাৰ পূৰ্বেও সুৰক্ষিতভাৱে নমাই দিয়া হৈছিল বাছখনৰ চালক আৰু অন্য যাত্ৰীসকলক। ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰাৰ লগতে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে।

প্ৰতিবাদৰ মাজতে সাংসদ আৰু বিধায়কৰ পদত্যাগ

সমগ্ৰ মহাৰাষ্ট্ৰ জুৰি সাব্যস্ত হোৱা মাৰাঠা সংৰক্ষণৰ দাবীৰ এই প্ৰতিবাদৰ পিছতে ৩০ অক্টোবৰত পদত্যাগ কৰে শিৱসেনাৰ সিন্ধে ফৈদৰ সাংসদ হেমন্ত পাটিলে।  ইয়াৰ পিছতে এই প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই পদত্যাগ কৰে বীড জিলাৰ গেভৰাই সমষ্টিৰ বিজেপি বিধায়ক লক্ষ্মণ পাৱাৰেও। পাৱাৰে বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰ্ভেকাৰৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছে। অৱশ্যে তেওঁলোকৰ কোনো এজনৰ পদত্যাগ গ্ৰহণ কৰা হৈছে নে নাই সেয়া এতিয়াও আনুষ্ঠানিকভাৱে জানিব পৰা হোৱা নাই।

ইফালে সোমবাৰে মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰ উপস্থিতিত মুম্বাইত অনুষ্ঠিত হয় মাৰাঠা সংৰক্ষণৰ বাবে নিযুক্ত সমিতিৰ বৈঠক। অন্যহাতে একেদিনাই মাৰাঠা সংৰক্ষণৰ দাবী সন্দৰ্ভত মহাবিকাশ আঘাড়ীৰ এটা প্ৰতিনিধি দলেও ৰাজ্যপাল ৰমেশ বেইনছক সাক্ষাৎ কৰে। 

ৰাজ্যপালক সাক্ষাৎ কৰাৰ সময়ত উপস্থিত থাকে বালাচাহেব থোৰাট, নানা পাটোলে, জয়ন্ত পাটিল, অশোক চৌহান, পৃথ্বীৰাজ চৌহান, বিজয় ৱাদেত্তিৱাৰ, আম্বাদাস দনভে, বছৰা গাইকোৱাড, ৰবীন্দ্ৰ ভায়কাৰ, ৰাজেশ টোপে, সুনীল প্ৰভুৰ লগতে বিৰোধী কংগ্ৰেছ, শিৱসেনা আৰু এনচিপিৰ কেইবাগৰাকীও বিধায়ক। তেওঁলোকে ৰাজ্যপালক সাক্ষাৎ কৰি মাৰাঠা সংৰক্ষণ আন্দোলনৰ পথ প্ৰশস্ত কৰিবলৈ ৰাজ্যপালক উদ্যোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।