ডিজিটেল ডেস্কঃ ফেচবুকত ইছলাম বিৰোধী পোষ্ট দি মৃত্যুদণ্ডৰ সন্মুখীন হ’ল যুৱক৷ পাকিস্তানত সংঘটিত হয় এই ঘটনা৷ ফেচবুকত নাস্তিকতাৰ সপক্ষে পোষ্ট দি সন্ত্ৰাস বিৰোধী আদালতৰ ৰোষত পৰিল যুৱকজন৷

নাস্তিকতাৰ প্ৰচাৰ কৰা এক গুৰুতৰ অপৰাধ দেশখনত৷ মুলতঃ নাষ্টিকতাবাদ বিয়পোৱা আৰু ইছলাম বিৰোধী কথা ফেচবুকত দিয়া বাবেই মৃত্যুদণ্ডৰ সন্মুখীন হ’ল ব্যক্তিগৰাকী৷

উল্লেখযোগ্য যে ছ’চিয়েল মিডিয়াত দিয়া পোষ্টৰ বাবে মৃত্যুদণ্ডৰ সন্মুখীন হোৱা ঘটনা এইটোৱে প্ৰথম পাকিস্তানত৷ ৩০ বছৰীয়া যুৱকজনে হজৰত মহম্মদ আৰু তেওঁৰ পত্নীসকলৰ লৈ ছ’চিয়েল মিডিয়াত অপমানজনক মন্তব্য দিছিল৷

জাতিগত হিংসা বিয়পোৱাৰ অপৰাধত শাস্তি দিয়া হৈছে যুৱকজনক৷ পাকিস্তানত ইছলাম বিৰোধী প্ৰচাৰ এক গুৰুতৰ অপৰাধ হিচাবে গণ্য কৰা হৈ আহিছে৷

নব্বৈৰ দশকৰ পৰা এতিয়ালৈ নাস্তিকতাৰ বাবে ৬৭ গৰাকী লোকক হত্যা কৰা হৈছে দেশখনত।